Advertisment

বিশেষ সংশোধনী (SR 2026)ৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

আজি প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকাত ভোটাৰৰ মুঠ সংখ্যা ২,৪৯,৫৮,১৩৯ গৰাকী। চূড়ান্ত ভোটাৰ তালিকাত পুৰুষ ভোটাৰৰ সংখ্যা ১,২৪,৮২,২১৩ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ১,২৪,৭৫,৫৮৩ গৰাকী।

 বিশেষ সংশোধনী (SR 2026)ৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

খচৰা ভোটাৰ তালিকাৰ তুলনাত চূড়ান্ত ভোটাৰ তালিকাত কিমানলৈ হ্ৰাস পালে ভোটাৰৰ সংখ্যা ?

Advertisment

Also Read....মই পাকিস্তানলৈ গৈছিলোঃ গৌৰৱ গগৈ

বিশেষ সংশোধনী (SR 2026)ৰ চূড়ান্ত ভোটাৰ তালিকাখন ইতিমধ্য়ে প্রকাশ কৰা হৈছে। মঙলবাৰে যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰিলে বিশেষ সংশোধনীৰ চূড়ান্ত ভোটাৰ তালিকাখন। উল্লেখযোগ্য যে, ২০২৫ চনৰ ২৭ ডিচেম্বৰত বিশেষ সংশোধনী (এছ আৰ) ২০২৬ৰ সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছিল আৰু ইয়াৰ পূৰ্বে ২০২৫ৰ ২২ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ ৰাজ্যজুৰি ঘৰে-ঘৰে পুনৰীক্ষণ অভিযান সফলভাৱে অনুষ্ঠিত হৈছিল। দাবী আৰু আপত্তি দাখিলৰ সময়সীমা বান্ধি দিয়া হৈছিল ২৭ ডিচেম্বৰ ২০২৫ৰ পৰা ২২ জানুৱাৰী ২০২৬ লৈ।

Also Read....পাকিস্তানলৈ গৌৰৱ গগৈ কিয় গৈছিল? মুকলি প্ৰশ্ন অখিল গগৈৰ

আজি প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকাত ভোটাৰৰ মুঠ সংখ্যা ২,৪৯,৫৮,১৩৯ গৰাকী। খচৰা ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা আছিল ২,৫২,০১,৬২৪গৰাকী। খচৰা তালিকাতকৈ চূড়ান্ত তালিকাত হ্ৰাস পালে ২,৪৩,৪৮৫ ভোটাৰ। চূড়ান্ত তালিকাত ০.৯৭ শতাংশ ভোটাৰৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। চূড়ান্ত ভোটাৰ তালিকাত পুৰুষ ভোটাৰৰ সংখ্যা ১,২৪,৮২,২১৩ গৰাকী। চূড়ান্ত ভোটাৰ তালিকাত মহিলা ভোটাৰৰ সংখ্যা ১,২৪,৭৫,৫৮৩ গৰাকী আৰু চূড়ান্ত ভোটাৰ তালিকাত তৃতীয় লিংগ ভোটাৰৰ সংখ্যা ৩৪৩ গৰাকী।

Also Read....বাজপেয়ী ভৱনত হিমন্ত বিশ্ব শৰ্মাক লৈ কি আলোচনা চলিছে? ক'লে ৰকিবুল হুছেইনে-

আপিল প্ৰক্ৰিয়াঃ 

নির্বাচনী পঞ্জীয়ন বিষয়াৰ কোনো সিদ্ধান্তত অসন্তুষ্ট হ’লে ১৫ দিনৰ ভিতৰত জিলা দণ্ডাধীশৰ ওচৰত আপীল কৰিব পাৰিব। প্ৰয়োজন হ’লে ৩০ দিনৰ ভিতৰত মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত দ্বিতীয় আপীল দাখিল কৰিব পাৰিব বুলি যুটীয়া মুখ্য নির্বাচনী বিষয়াই সদৰী কৰিছে।

Advertisment
Advertisment