Assameseকংগ্ৰেছ ত্যাগ ভূপেন বৰাৰ, পিন্ধিব নেকি গেৰুৱা বসন?নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত মোক্ষম আঘাত। কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ ভূপেন বৰাৰ।Estafur Rahman Feb 16, 2026 10:24 ISTকংগ্ৰেছ দল ত্যাগ কৰিলে ভূপেন বৰাই Also Read....কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত অথন্তৰ! কংগ্ৰেছ- বিজেপি কৰ্মীৰ মাজত হতাহতিAdvertismentসমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত মোক্ষম আঘাত। কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই। ইপিনে ২০ ফ্ৰেব্ৰুৱাৰীত বিজেপিত যোগদান কৰাৰ সম্ভাৱনা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ। Also Read...কংগ্রেছৰ দুৰ্নীতি–ভ্রষ্টাচাৰৰ বাবে অসম পিছ পৰি আছিল- সোণোৱালউল্লেখ্য যে, কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছতে এক্স হেণ্ডেলৰ পৰা ডিলিট কৰিলে নিজৰ কংগ্ৰেছৰ পদবী। ২০০৬ৰ পৰা ২০১৬ চনলৈ বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আছিল ভূপেন বৰা। লগতে ২০২১ৰ ২৪ জুলাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰাক নিযুক্তি দিয়া হৈছিল। কংগ্ৰেছ দলত সাংসদ ৰকিবুল হুছেইনৰ স্থিতিকলৈও অসন্তুষ্ট ভূপেন বৰা। ৰঙানদী সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী আছিল ভূপেন বৰা। বিৰোধী ঐক্যৰ আসন বুজাবুজিক লৈ আলোচনা কৰিবলৈ ভূপেন বৰাক দায়িত্ব দিয়া হৈছিল৷ পৰৱৰ্তী সময়ত ৰকিবুল হুছেইনকো দায়িত্ব দিয়াত ক্ষুণ্ণ হৈছিল ভূপেন বৰা। AdvertismentAlso Read....আচৰিত! শ্ৰাদ্ধ অনুষ্ঠানৰ দুদিন পিছত ঘৰলৈ উভতিল শ্যামবাবু সিনহা! স্বামীক দেখি হতভম্ব পত্নীখবৰ অনুসৰি চলিত মাহত ২০ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰাৰ বহু সম্ভাৱনা আছে ভূপেন বৰাৰ।Also Read...মিত্ৰতাৰ নামত কেৱল তাৰিখ! কংগ্ৰেছক ডেডলাইন অখিল গগৈৰ Read More AdvertismentAdvertisment Read the Next Article