Assameseআচৰিত! শ্ৰাদ্ধ অনুষ্ঠানৰ দুদিন পিছত ঘৰলৈ উভতিল শ্যামবাবু সিনহা! স্বামীক দেখি হতভম্ব পত্নী ৰাজ্যত আজৱ ঘটনা। সকলোকে আচৰিত কৰি তোলা এক ঘটনা। শ্ৰাদ্ধ অনুষ্ঠান সম্পন্ন হোৱাৰ দুদিন পিছতেই ঘৰলৈ উভতিল শ্যাম বাবু সিনহা নামৰ এজন লোক। স্বামীক দেখি হতভম্ব পত্নীEstafur Rahman Feb 14, 2026 19:28 ISTশ্ৰাদ্ধ অনুষ্ঠানৰ দুদিন পিছত ঘৰলৈ উভতিল শ্যামবাবু সিনহা। স্বামীক দেখি হতভম্ব পত্নীAdvertismentAlso Read......অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰাজ্যত সকলোকে আচৰিত কৰি তোলা এক ঘটনা। এইবাৰ শ্ৰাদ্ধ অনুষ্ঠান সম্পন্ন হোৱাৰ দুদিন পিছতেই ঘৰলৈ উভতিল শ্যামবাবু সিনহা নামৰ এজন লোক। এই ঘটনাই সমগ্ৰ অসমৰ লগতে শ্ৰীভূমিত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, চলিত মাহৰ ৫ ফেব্ৰুৱাৰীত মেঘালয়ৰ অবৈধ কয়লাখনিত সংঘটিত হৈছিল এক ভয়াৱহ বিস্ফোৰণৰ ঘটনা। এই ভয়াৱহ বিস্ফোৰণত প্ৰায় ৩০ ৰো অধিক শ্ৰমিকৰ মৃত্যু হৈছিল। মৃত শ্ৰমিকৰ ভিতৰত আছিল অসমৰ বৰাকৰ পৰা ৯ জনকৈ শ্ৰমিক। ৯ জন মৃত শ্ৰমিকৰ ভিতৰত আছিল শ্ৰীভূমি জিলাৰ ৰাতাবাৰিৰ লেংটাৰপাৰ গাঁৱৰ লোক শ্যামবাবু সিনহা। মেঘালয়ৰ অবৈধ কয়লাখনিত ভয়ংকৰ বিস্ফোৰণত মৃত হোৱা শ্ৰমিকৰ অৱস্থা ইমানেই ভয়ংকৰ আছিল যে দেহৰ প্ৰায় ৯০ শতাংশ অগ্নিদগ্ধ হৈ পৰিছিল। ইয়াৰ ফলত পৰিয়ালৰ লোকে মৃত ব্যক্তিক চিনাক্ত কৰাত কিছু সমস্যা হৈছিল। Also Read....পুলৱামা আক্ৰমণৰ ৭টা বছৰশ্যামবাবু সিনহাৰ পৰিয়ালৰ ভাষ্য অনুসৰি, হাতৰ আঙুলিত শ্যামবাবুৰ পুৰণি এটা আঘাতৰ দাগ আছিল, সেই দাগৰ ভিত্তিত চিনাক্ত কৰা হয়। কাৰণ ভংয়কৰ বিস্ফোৰণত অগ্নিদগ্ধ হোৱাত মুখমণ্ডল চিনাক্ত কৰিব পৰা অৱস্থাত নাছিল। হাতৰ আঙুলিৰ পুৰণি এটা আঘাতৰ দাগৰ চিন চাই চিনাক্ত কৰা হৈছিল শ্যামবাবুক। মেঘালয়ৰ কয়লা খনিৰ ভয়ংকৰ বিস্ফোৰণত মৃত্যু হোৱা অসমৰ শ্ৰমিকক এককালীন সাহায্যও ঘোষণা কৰিছিল অসম চৰকাৰে। শ্যামবাবু মৃত্যুৰ খবৰৰ পিছতেই বিজেপিৰ কৰ্মকৰ্তাইও শ্যামবাবুৰ ঘৰত উপস্থিত হৈ সমবেদনা জনাইছিল । সমবেদনা জনোৱাৰ লগতেই আৰ্থিক সাহায্যও প্ৰদান কৰিছিল।পৰিয়ালৰ লোকেও শ্ৰাদ্ধ অনুষ্ঠান পাতিছিল। শ্ৰাদ্ধ অনুষ্ঠানৰ দুদিন পিছতেই হঠাৎ ঘৰলৈ উপস্থিত হ'ল শ্যামবাবু সিনহা। শ্যামবাবু সিনহাক চকুৰ আগত জীৱন্তে দেখি পত্নীও হতচকিত হৈ পৰে। কেৱল পত্নীয়ে নহয় শ্যামবাবু সিনহা জীৱন্তে ঘৰলৈ উভতি অহাৰ খবৰ বিয়পি পৰাৰ পিছতেই সমগ্ৰ গাঁৱৰ ৰাইজ ওলাই আহে। ইমানেই লোকৰ সমাগম হয় যে অৱশেষত শ্যামবাবুক লুকুৱাই ৰাখিব লগা পৰিস্থিতি হয়। Also Read...ৰিয়ানলৈ নতুন দায়িত্ব, IPL ২০২৬ত RRক নেতৃত্ব দিব ৰিয়ানেএই ঘটনাৰ পাছতেই এতিয় বহু প্ৰশ্ন উত্থাপন হৈছে? শ্যামবাবুৰ পৰিয়ালে সৎকাৰ কৰা মৃতদেহটো কাৰ আছিল? মৃতদেহটোৰ ধৰ্ম কি আছিল? ৯০ শতাংশ অগ্নিদগ্ধ হোৱা মৃতদেহটোৰ কিয় DNA পৰীক্ষা কৰা নহ'ল? DNA পৰীক্ষা কৰা হ'লে হয়তো এজনৰ মৃতদেহ আনজনক দিব লগা নহ'লহেঁতেন।AdvertismentAdvertisment Read the Next Article