LIVE Assameseঅসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পুৱা ৯. ৫০ বজাত চাবুৱাৰ এয়াৰ ফিল্ডত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীক কঢ়িয়াই অনা বিমানে। চাবুৱাৰ পৰাই মৰাণলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী। Jyotiprasad Sarma Feb 14, 2026 14:10 ISTঅসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী Photograph: (DY365)অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীএদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পুৱা ৯. ৫০ বজাত চাবুৱাৰ এয়াৰ ফিল্ডত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীক কঢ়িয়াই অনা বিমানে। চাবুৱাৰ পৰাই মৰাণলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী। Advertismentঅসমৰ ইতিহাসত অন্য এক সংযোজন। এতিয়াৰ পৰা অসমৰ ৰাজপথত নামিব যুদ্ধবিমান। মৰাণৰ ইমাৰজেন্সী লেণ্ডিং ফিল্ডত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিমানে অৱতৰণ কৰিব। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা ইমাৰজেন্সী লেণ্ডিং ফিল্ডৰ সমীপত নিৰ্মাণ কৰা মঞ্চত উপস্থিত থাকিব প্ৰধানমন্ত্রী মোদী। তাৰ পৰাই প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৩০ মিনিটৰ বাবে ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব' উপভোগ কৰিব। মৰাণৰ ইমাৰজেন্সী লেণ্ডিং ফিল্ডত বায়ুসেনাৰ বিমান অৱতৰণ আৰু উৰণ কৰিব। মৰাণৰ এয়াৰ শ্ব’ত ভাগ ল’ব ১৬খন বিমানে। ভাৰতীয় বায়ুসেনাৰ ৰাফেল, ছুখয় যুঁজাৰু বিমানে ভাগ ল’ব এই এয়াৰ শ্ব’ত। আকাশমাৰ্গত উৰণ কৰি বিভিন্ন কৌশল প্ৰদৰ্শন কৰিব বিমানে। ১০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে মৰাণৰ এই ELF। মৰাণত ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব' উপভোগ কৰি ১২.৩০ বজাত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী বিশেষ বিমানেৰে গুৱাহাটীলৈ আহিব৷ গুৱাহাটীত প্ৰধানমন্ত্রীয়ে প্ৰথমে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰবৰ্মা সেতু মুকলি কৰিব। লাচিতঘাটত অনুষ্ঠিত হ’ব দলং মুকলি অনুষ্ঠান। লাচিতঘাটৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব IIMৰ অস্থায়ী চৌহদ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব গুৱাহাটীৰ বাবে ১০০খন ই-বাছ। ইয়াৰ পিছতে খানাপাৰাৰ বিজেপিৰ বুথ সন্মিলনত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ বিভিন্ন বুথৰ সদস্যই অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীৰ এই সভাত। নিৰ্বাচনৰ পূৰ্বে দলীয় কৰ্মীক উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে এই অনুষ্ঠান। সন্ধিয়া পুনৰ দিল্লীলৈ উভতি যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। Feb 14, 2026 14:10 ISTখানাপাৰাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীখানাপাৰাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলাচিতঘাটৰ পৰা পোনে পোনে খানাপাৰলৈ যায় প্ৰধানমন্ত্ৰীগৰাকীখানাপাৰাত আয়োজিত বিজেপি বুথ সন্মিলনত অংশ লয় প্ৰধানমন্ত্ৰী মোদীয়েৰাজ্যৰ বিভিন্ন বুথৰ সদস্যই অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীৰ এই সভাতলাচিতঘাটত মোদীয়ে মুকলি কৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰবৰ্মা দলংপ্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰে IIMৰ অস্থায়ী চৌহদগুৱাহাটীৰ বাবে ১০০খন ই-বাছো মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে Feb 14, 2026 13:26 ISTগুৱাহাটীৰ লাচিতঘাটত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীগুৱাহাটীৰ লাচিতঘাটত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীগুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা দলঙৰ শুভ উদ্বোধন কৰে মোদীয়েFeb 14, 2026 13:00 ISTগুৱাহাটীৰ ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল কনভয়গুৱাহাটীৰ ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল কনভয়ক্ষন্তেক পিছতে মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংগুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰবৰ্মা সেতু মুকলি কৰিব মোদীয়েলাচিতঘাটত অনুষ্ঠিত হ’ব দলং মুকলি অনুষ্ঠানFeb 14, 2026 12:23 ISTগুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীগুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীবৰঝাৰ বিমানবন্দৰত অৱতৰণ মোদীৰ বিমানমৰাণৰ ELFৰ পৰা বৰঝাৰত অৱতৰণ প্ৰধানমন্ত্ৰী মোদীৰ বিমানFeb 14, 2026 11:47 ISTমৰাণৰ অনুষ্ঠানৰ পাছতে গুৱাহাটীলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীমৰাণৰ অনুষ্ঠানৰ পাছতে গুৱাহাটীলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীবিমানেৰে গুৱাহাটীলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰবৰ্মা সেতু মুকলি কৰিব মোদীয়েপ্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব IIMৰ অস্থায়ী চৌহদপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব গুৱাহাটীৰ বাবে ১০০খন ই-বাছইয়াৰ পিছতে খানাপাৰাৰ বিজেপিৰ বুথ সন্মিলনত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়েFeb 14, 2026 10:55 ISTমৰাণৰ জনসভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰমৰাণৰ জনসভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰমোদীক গামোচাৰে উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইউপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত বায়ুসেনাই প্ৰদৰ্শন কৰিলে এয়াৰ শ্ব’Feb 14, 2026 10:28 ISTমৰাণত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীমৰাণত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীচাবুৱাৰ পৰা পোনে পোনে মৰাণলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকীপ্ৰধানমন্ত্ৰীৰ সৈতে একেলগে মৰাণত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাFeb 14, 2026 10:08 ISTচাবুৱাত অৱতৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানচাবুৱাত অৱতৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাই মুখ্যমন্ত্ৰীয়ে চাবুৱাৰ পৰা মৰাণৰ জটিয়নীলৈ যাব প্ৰধানমন্ত্ৰীগাৰীকজটিয়নীত উন্মোচন কৰিব বায়ুসেনাৰ ELFAdvertismentAdvertisment Read the Next Article