Advertisment

কেন্দ্ৰীয় বাজেটক ঐতিহাসিক আখ্যা প্ৰধানমন্ত্ৰীৰ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অভিলেখ সংখ্যক নৱমবাৰৰ বাবে দাখিল কৰিলে বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেটক ঐতিহাসিক আখ্যা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

 কেন্দ্ৰীয় বাজেটক ঐতিহাসিক আখ্যা প্ৰধানমন্ত্ৰীৰ Photograph: (DY365)
কেন্দ্ৰীয় বাজেটক ঐতিহাসিক আখ্যা প্ৰধানমন্ত্ৰীৰ Photograph: (DY365)

নৱমবাৰৰ বাবে নিৰ্মলা সীতাৰমণৰ বাজেট দাখিল


কেন্দ্ৰীয় বাজেটক ঐতিহাসিক আখ্যা প্ৰধানমন্ত্ৰীৰ

আজি সদনত দাখিল কৰিলে ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অভিলেখ সংখ্যক নৱমবাৰৰ বাবে দাখিল কৰিলে এই বাজেট। উল্লেখ্য যে, ইতিহাসত দ্বিতীয়বাৰৰ বাবে দেওবাৰৰ দিনটোত দাখিল কৰা হ'ল কেন্দ্ৰীয় বাজেট। দিনৰ ১১বজাত বিত্তমন্ত্ৰী নিৰ্মালা সীতাৰমণে দাখিল কৰিলে বাজেট।

Advertisment

Also Read: সদনত দাখিল ২০২৬-২৭ বৰ্ষৰ বাজেট

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেটক ঐতিহাসিক আখ্যা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ নাৰীশক্তিৰ সবলতা আজিৰ বাজেটত পৰিলক্ষিত হৈছে বুলি মন্তব্য প্ৰধানমন্ত্ৰগৰাকীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, এই বাজেটে দেশবাসীৰ বৰ্তমানৰ সপোনক বাস্তৱত ৰূপায়িত কৰিব। ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ স্বপ্ন পূৰণ কৰিব এই বাজেটে। ২০৪৭ৰ বিকশিত ভাৰতৰ এক মজবুত ভেটি আজিৰ বাজেটত প্ৰতিফলিত হৈছে। এই বাজেটে দেশক উচ্চতা, নতুন গতি দিব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, ভাৰতৰ যুৱ সমাজক বিশ্বত অগ্ৰণী ৰূপত আগুৱাই যোৱাৰ বাট দেখুৱালে এই বাজেটে। মানৱতাৰ অৰ্থনীতিক বাস্তৱত ৰূপায়িত কৰিব এইবাৰৰ কেন্দ্ৰীয় বাজেটে। ভাৰতৰ ১৪৭ কোটি লোকৰ দ্ৰুত অৰ্থনীতিৰ স্বপ্ন পূৰণতে স্তব্ধ নহয়, আমি শীঘ্ৰে বিশ্বৰ তৃতীয় বৃহত্‍ অৰ্থনীতিত পৰিণত হ’ম বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰতৰ বাণিজ্যিক চুক্তিসমূহৰ বৃহত্‍ সফলতা দেশৰ যুৱ সমাজে লাভ কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 

Also Read: 'কোন হৰ্ষ মান্দাৰ, মই চিনি নাপাওঁ'

উল্লেখ্য যে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা চলিত বৰ্ষৰ বাজেটত দেশৰ পৰিবহণ খণ্ডত দিয়া হৈছে সৰ্বাধিক গুৰুত্ব। দেওবাৰে বিত্তমন্ত্ৰীয়ে দাখিল কৰা কেন্দ্ৰীয় বাজেটত উত্তৰ-পূবৰ বাবে আছে কেইবাটাও বিশেষ ঘোষণা। কেন্দ্ৰীয় বাজেটত উত্তৰ-পূবত অগৰ গছ উত্পাদনত গুৰুত্ব দিয়া হৈছে। মত্স্য উৎপাদনৰ ক্ষেত্ৰতো অধিক গুৰুত্ব দিয়া হৈছে এই বাজেটত। মত্স্য পালনৰ বাবে ৫০০টা জলাশয়ৰ বিকাশ সাধনত বাজেটত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। কৃষি উত্পাদনৰ বৃদ্ধিতো গুৰুত্ব দিয়া হৈছে ২০২৬-২৭ বৰ্ষৰ বাজেটত।

Advertisment
Advertisment