Advertisment

পুলৱামা আক্ৰমণৰ ৭টা বছৰ

ভাৰতৰ বাবে আজিৰ দিনটো এক ‘ক’লা দিন’ হিচাপে পৰিচিত। আজিৰ দিনটোতে ৪০জন চিআৰপিএফ বীৰ জোৱানে প্ৰাণ হেৰুৱাব লগা হৈছিল। জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত ছহিদ হৈছিল ৪০জন চিআৰপিএফৰ বীৰ জোৱান।

 পুলৱামা আক্ৰমণৰ ৭টা বছৰ Photograph: (DY365)
পুলৱামা আক্ৰমণৰ ৭টা বছৰ Photograph: (DY365)

১৪ ফেব্ৰুৱাৰী ভাৰতৰ বাবে এটা ক’লা দিন


পুলৱামা আক্ৰমণৰ ৭টা বছৰ

ভাৰতৰ বাবে আজিৰ দিনটো এক ‘ক’লা দিন’ হিচাপে পৰিচিত। আজিৰ দিনটোতে ৪০জন চিআৰপিএফ বীৰ জোৱানে প্ৰাণ হেৰুৱাব লগা হৈছিল। জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত ছহিদ হৈছিল ৪০জন চিআৰপিএফৰ বীৰ জোৱান। 

Advertisment

আজি দেশৰ বীৰ জোৱানৰ ৰক্তৰে ৰঞ্জিত এটা ক’লা দিন। ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাৰ লেথপুৰাত ভাৰতীয় নিৰাপত্তাৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছিল সন্ত্ৰাসবাদীয়ে। আততায়ীৰ এই ভয়ংকৰ আক্ৰমণত ৪০জন চিআৰপিএফ বীৰ জোৱানে প্ৰাণ হেৰুৱাইছিল। সন্ত্ৰাসবাদীৰ আত্মঘাতী IED বিস্ফোৰণত ছহিদ হৈছিল ৪০ চিআৰপিএফ জোৱান। যি ঘটনাৰ খবৰ বিয়পি পৰাৰ পিছতে সমগ্ৰ দেশ স্তব্ধ হৈ পৰিছিল। এই ভয়াৱহ ঘটনাই সমগ্ৰ দেশক শোকস্তব্ধ কৰি তুলিছিল। 

Also Read: অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি শনিবাৰে অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীৰ দিনা পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই ৭টা বছৰ সম্পূৰ্ণ কৰিলে। ভাৰতৰ বাবে আজিৰ দিনটো এক ‘ক’লা দিন’ হিচাপে পৰিচিত। আজি নাৰকীয় পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ সপ্তম বাৰ্ষিকী। CRPFৰ বীৰ ৪০গৰাকীকৈ জোৱানক দেশজুৰি স্মৰণ। জম্মু-কাশ্মীৰৰ লেথপুৰাত CRPFৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন। প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত দেশবাসীয়ে ছহিদ জোৱানসকলৰ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰে। এই দিনটোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অদম্য সংকল্প আৰু জোৱানসকলৰ সাহসক সোঁৱৰাই দিয়ে। 

Also Read: ক্ৰিকেট অনিশ্চয়তাৰ খেল! জিম্বাবুৱেৰ বিধ্বংসী বলিঙত দিশহাৰা অষ্ট্ৰেলিয়ান বেটাৰ

উল্লেখ্য যে, ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জম্মু–শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভাৰতীয় নিৰাপত্তাৰক্ষী কঢ়িয়াই অনা বাহনৰ কনভয়ত পুলৱামাত সন্ত্ৰাসবাদীয়ে কৰে ভয়ংকৰ আক্ৰমণ। ভাৰতে এই আক্ৰমণৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানক দোষাৰোপ কৰে, আনহাতে পাকিস্তানে এই আক্ৰমণক গৰিহণা দিয়ে আৰু ইয়াৰ সৈতে কোনো সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰে।

Advertisment
Advertisment