Assameseক্ৰিকেট অনিশ্চয়তাৰ খেল! জিম্বাবুৱেৰ বিধ্বংসী বলিঙত দিশহাৰা অষ্ট্ৰেলিয়ান বেটাৰটি-২০ বিশ্বকাপত ডাঙৰ অঘটন! জিম্বাবুৱেৰ হাতত পৰাস্ত শক্তিশালী অষ্ট্ৰেলিয়া। জিম্বাবুৱেৰ বিধ্বংসী বলিঙত দিশহাৰা হৈ তাচপাতৰ দৰে খহি পৰিল অষ্ট্ৰেলিয়াৰ শক্তিশালী বেটিং লাইনআপ।Mrinmoy Talukdar Feb 13, 2026 18:41 ISTFile Photoক্ৰিকেট অনিশ্চয়তাৰ খেল! জিম্বাবুৱেৰ বিধ্বংসী বলিঙত দিশহাৰা অষ্ট্ৰেলিয়ান বেটাৰAdvertismentটি-২০ বিশ্বকাপত ডাঙৰ অঘটন! জিম্বাবুৱেৰ হাতত পৰাস্ত শক্তিশালী অষ্ট্ৰেলিয়া। জিম্বাবুৱেৰ বিধ্বংসী বলিঙত দিশহাৰা হৈ তাচপাতৰ দৰে খহি পৰিল অষ্ট্ৰেলিয়াৰ শক্তিশালী বেটিং লাইনআপ।Read More- ৰিয়ানলৈ নতুন দায়িত্ব, IPL ২০২৬ত RRক নেতৃত্ব দিব ৰিয়ানেক্ৰিকেট সচাকৈয়ে অনিশ্চয়তাৰ খেল। ২২ গঁজত যে কোনো প্ৰতিদ্বন্দিকে দুৰ্বল বুলি লব নালাগে, সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে আজি জিম্বাবুৱে। শ্ৰীলংকাৰ আৰ প্ৰেমদাচা ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ লীগ পৰ্যায়ৰ এখন খেলত জিস্বাৱুৱেৰ হাতত ধৰাশায়ী হ'ল অষ্ট্ৰেলিয়া। জিম্বাবুৱে বান্ধি দিয়া ১৭০ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি ১৪৬ ৰানতে থমকি ৰয় কেংগাৰু বাহিনী।Read More- আকৌ ইউ টাৰ্ণ পাকিস্তানৰ , ১৫ ফেব্ৰুৱাৰীত সমুখসমৰত ভাৰত-পাকিস্তানAdvertismentটছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল অষ্ট্ৰেলিয়াৰ অধিনায়ক ট্ৰেভিছ হেডে। প্ৰথমে বেটিং কৰিবলৈ আহি জিম্বাবুৱে অ’পেনাৰ ব্রায়ান বেনেটৰ ৬৫, ৰিয়ান বাৰ্লৰ ৩৫ আৰু অধিনায়ক ছিকন্দৰ ৰাজাৰ ২৫ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত দুটা উইকেট হেৰুৱায় ১৬৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ১৭০ ৰানৰ বিজয়লক্ষ্যৰে বেটিং কৰিবলৈ আহি ১৪৬ ৰানতে থমকি ৰয় অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ হৈ মেট ৰেনশ্বয়ে ৬৫ আৰু গ্লেন মেক্সৱেলে ৩১ ৰান সংগ্ৰহ কৰে। আনহাতে জিম্বাবুৱেৰ হৈ ব্লেছিং মুজাৰাবানীয়ে সৰ্বাধিক ৪টা আৰু ব্ৰেড ইভান্সে ৩টাকৈ উইকেট দখল কৰে। Read More- ভাৰতৰ বিৰুদ্ধে মেচ খেলিবলৈ সাজু পাকিস্তান! কিন্তু ৰাখিলে ৩টাকৈ চৰ্তটি-২০ বিশ্বকাপত জিম্বাবুৱেৰ বিৰুদ্ধে এয়াই অষ্ট্ৰেলিয়াৰ প্ৰথমটো পৰাজয় নহয়। ইয়াৰ পূৰ্বেও ২০০৭ চনৰ টি-২০ বিশ্বকাপত জিম্বাবুৱেৰ হাতত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়া।Advertisment Read More AdvertismentAdvertisment Read the Next Article