Advertisment

ভাৰতৰ বিৰুদ্ধে মেচ খেলিবলৈ সাজু পাকিস্তান! কিন্তু ৰাখিলে ৩টাকৈ চৰ্ত

ছাগলীয়ে নাখায় কি, পাকিস্তানে নকয় কি? আকৌ এবাৰ সুৰ সলালে পাকিস্তানে। ICCৰ ওচৰত সেও মানি পাকিস্তান সাজু হৈছে ভাৰতৰ বিৰুদ্ধে ২২ গঁজত নামিবলৈ। কিন্তু পাকিস্তানে ICCৰ সম্মুখত ৰাখিছে তিনিটাকৈ চৰ্ত। পিছে পাকিস্তানৰ এই চৰ্তসমূহ কি কি?

 File Photo
File Photo

ভাৰতৰ বিৰুদ্ধে মেচ খেলিবলৈ সাজু পাকিস্তান! কিন্তু ৰাখিলে ৩টাকৈ চৰ্ত

ছাগলীয়ে নাখায় কি, পাকিস্তানে নকয় কি? আকৌ এবাৰ সুৰ সলালে পাকিস্তানে। ICCৰ ওচৰত সেও মানি পাকিস্তান সাজু হৈছে ভাৰতৰ বিৰুদ্ধে ২২ গঁজত নামিবলৈ। কিন্তু পাকিস্তানে ICCৰ সম্মুখত ৰাখিছে তিনিটাকৈ চৰ্ত। পিছে পাকিস্তানৰ এই চৰ্তসমূহ কি কি?

Advertisment

Read More- 'মোৰ লগত ধেমালি নকৰিবা' কিয় সূৰ্যকুমাৰ যাদৱক এনেদৰে কৈছিল মহম্মদ ছিৰাজে?

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে টি-২০ বিশ্বকাপ। কিন্তু মেগা ইভেণ্টখনৰ আৰম্ভণিৰ পূৰ্বৰে পৰা এইপৰ্যন্ত বিতৰ্ক অব্যাহত আছে। এই বিতৰ্কৰ মূল কেন্দ্ৰবিন্দু হৈছে পাকিস্তান। ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰা এই বিশ্বকাপত প্ৰথমতে সুৰক্ষাজনিত কাৰণত বাংলাদেশ ক্ৰিকেট বৰ্ডে নিজৰ খেলসমূহ ভাৰতৰ পৰিৱৰ্তে অন্য স্থানলৈ স্থানান্তৰ কৰিবলৈ ICCক অনুৰোধ জনাইছিল। কিন্তু ICCয়ে বাংলাদেশ ক্ৰিকেট বৰ্ডৰ এই অনুৰোধ নস্যাত কৰে। ICCএ অনুৰোধ প্ৰত্যাখ্যান কৰাৰ পাছতেই বাংলাদেশে বিশ্বকাপ বৰ্জন কৰাৰ হুংকাৰ দিছিল। তাৰ পাছতেই ICCয়ে বাংলাদেশক টি-২০ বিশ্বকাপৰ পৰা বহিষ্কাৰ কৰে। বাংলাদেশক বহিষ্কাৰ কৰি বাংলাদেশৰ পৰিৱৰ্তে স্কটলেণ্ড দলক টি-২০ বিশ্বকাপত অন্তৰ্ভুক্ত কৰে ICCয়ে। উল্লেখ্য যে বাংলাদেশত এই সকলোবোৰ কাৰ্যত উচতনি দিয়া দলটো আছিল পাকিস্তান। 

Read More- বাংলাদেশৰ বিৰুদ্ধে পুনৰ কঠোৰ ICC!

তাৰ পাছতেই আন এখন নাটক আৰম্ভ কৰিলে পাকিস্তানে। এইবাৰ পাকিস্তানে আনিলে বয়কট প্ৰসংগ। পাকিস্তান ত্ৰিকেট বৰ্ডে টুইটযোগে কয় যে, পাকিস্তানে ভাৰতৰ বিৰুদ্ধে আগন্তুক গ্ৰুপ মেচ বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতৰ বিৰুদ্ধে গ্ৰুপ মেচ বৰ্জন কৰাৰ সিদ্ধান্তৰ পাছতেই সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি পাকিস্তানৰ অধিনায়ক ছলমান আঘাই কয় যে , "আমি বিশ্বকাপ খেলিবলৈ যাম। কিন্তু ভাৰতৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত আমাৰ নহয়। গতিকে আমি ইয়াৰ বাবে একো কৰিব নোৱাৰো। আমাৰ চৰকাৰ আৰু পিচিবিৰ মুৰব্বীয়ে যি ক'ব আমি তাকেই কৰিম।"

Read More- ICCৰ ধমকত সুৰ সলালে পাকিস্তানে! ডুবিল বাংলাদেশ ক্ৰিকেট

কিন্তু এতিয়া খবৰ অনুসৰি অৱশেষত হাইঠা মাটিত পৰিল। আইচিচিৰ ওচৰত সেও মানিলে পাকিস্তানে। বয়কট উঠাই এইবাৰ ভাৰতৰ বিৰুদ্ধে ২২ গজত নামিবলৈ সাজু পাকিস্তান। কিন্তু পাকিস্তানে ICCৰ সম্মুখত ৰাখিছে তিনিটাকৈ চৰ্ত। পাকিস্তানৰ এই চৰ্ত তিনিটা হ'ল-

# পাকিস্তানক লাগে ICCৰ পৰা অধিক ৰাজহ 
# ভাৰতৰ সৈতে দ্বিপাক্ষিক শৃংখলা ICCক পুনৰ আৰম্ভ কৰাৰ দাবী
# চলিত টি-২০ বিশ্বকাপত ভাৰতীয় খেলুৱৈয়ে হাত মিলাব লাগিব পাকিস্তানী খেলুৱৈৰ সৈতে

Read More- Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়

অহা ১৫ ফেব্ৰুৱাৰীত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত গ্ৰুপ পৰ্যায়ৰ হাইভল্টেজ খেলখন অনুষ্ঠিত হ’ব। কিন্তু এতিয়া প্ৰশ্ন হৈছে পাকিস্তানৰ এই দাবী মানি ল'বনে ICC আৰু BCCIএ?

Advertisment
Advertisment