Assameseঅসমত পুনৰ মৰেল পুলিচিঙৰ ঘটনাঅসমত পুনৰ মৰেল পুলিচিঙৰ ঘটনা। খুমটাইত প্ৰেমৰ বাবে ১৬ বছৰীয়া কিশোৰক মাৰপিট। উলংগ কৰি ৰছীৰে বান্ধি তালিবানী শাস্তি কিশোৰজনক। কিশোৰীৰ ঘৰলৈ মাতি আনি মাৰপিট কৰাৰ অভিযোগ। কিশোৰীগৰাকী আন ধৰ্মৰ হোৱাৰ বাবে এই মাৰপিটৰ ঘটনা। Bandita Saikia Feb 19, 2026 14:03 ISTPhotograph: (google)অসমত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা।মানৱ সমাজক লজ্জানত কৰা আন এক জঘন্য ঘটনা ! শুনিলে গাৰ নোম শিঁয়ৰি উঠিব আপোনাৰো। মুছলমান কিশোৰীৰ সৈতে হিন্দু কিশোৰৰ প্ৰেমৰ ভয়ংকৰ পৰিণাম অসমত । উলংগ কৰি ৰছীৰে বান্ধি তালিবানী শাস্তি দিলে অসমত। এই ঘটনা সংঘটিত হৈছে খুমটাইত। খুমটাইত প্ৰেমৰ বাবে ১৬ বছৰীয়া কিশোৰীৰ সৈতে ভয়ংকৰ মাৰপিট। প্ৰথমে উলংগ কৰি ৰছীৰে বান্ধি তালিবানী শাস্তি দিয়ে ১৫ বছৰীয়া হিন্দু কিশোৰজনক। তাৰ পিছতেই ১৬ বছৰীয়া মুছলমান কিশোৰীক ঘৰলৈ মাতি আনি মাৰপিট কৰাৰ অভিযোগ আত্মীয়ৰ বিৰুদ্ধে।Advertismentকেৱল এয়াই নহয়, ২০০০ টকা দিয়াৰ প্ৰলোভন দেখুৱাই মাতি আনাৰ বিস্ফোৰক অভিযোগ। কিশোৰীগৰাকী আন ধৰ্মৰ হোৱাৰ বাবে এই মাৰপিটৰ ঘটনা সংঘটিত হয়। এফালে মাৰপিট কৰাৰ দৃশ্য মোবাইলত বন্দী কৰিলে কিশোৰীৰ পৰিয়ালে। খুমটাই চাহ বাগিচাত সংঘটিত হৈছে ৰাজ্য কঁপাই যোৱা এই ঘটনাই সচকিত কৰি তুলিছে সকলোকে । ইতিমধ্যেই খুমটাই আৰক্ষী চকীত এই সন্দৰ্ভত ৰুজু হৈছে গোচৰ।নাছিৰুদ্দিন আলী, তাজুদ্দিন আলী নামৰ ২ পাষণ্ডক আৰক্ষীয়ে চিনাক্ত কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে এজনক। বৰ্তমান তালিবানী শাস্তি পোৱা কিশোৰজন জীৱন-মৃত্যুৰে যুঁজি আছে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ খুমটাইত ।এতিয়া প্ৰশ্ন হয়, ধৰ্ম নিৰপেক্ষ সমাজত এনেধৰণৰ ঘটনাই কিদৰে বাৰে বাৰে স্থান লাভ কৰিছে ? নে এয়া আচলতে অসমৰ ধৰ্ম নিৰপেক্ষ সমাজ বিৰোধী লোকৰ এক প্ৰতিফলন? AdvertismentAdvertisment Read the Next Article