Advertisment

সলনি হ'ব আধাৰ কাৰ্ড ! নতুন আধাৰকাৰ্ডৰ ডিজাইন কেনেকুৱা হ'ব ?

আধাৰ কাৰ্ডক লৈ দেশজুৰি এক ব্যাপক চৰ্চা আৰম্ভ হৈছে। জানিব পৰা মতে ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণ চমুকৈ UIDAI য়ে আধাৰ কাৰ্ডৰ বৰ্তমানৰ গাঁথনিটোৰ পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে।

 সলনি হ'ব আধাৰ কাৰ্ড ! নতুন আধাৰকাৰ্ডৰ ডিজাইন কেনেকুৱা হ'ব ?

সলনি হ'ব আধাৰ কাৰ্ড ! নতুন আধাৰকাৰ্ডৰ ডিজাইন কেনেকুৱা হ'ব ?

Also Read......T-20 বিশ্বকাপৰ পৰা আজি বাহিৰ হ'ব পাৰে পাকিস্তান !

আধাৰ কাৰ্ডক লৈ দেশজুৰি এক ব্যাপক চৰ্চা আৰম্ভ হৈছে। জানিব পৰা মতে ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণ চমুকৈ UIDAI য়ে আধাৰ কাৰ্ডৰ বৰ্তমানৰ গাঁথনিটোৰ পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে। শেহতীয়াকৈ নতুন এম-আধাৰ এপ মুকলি কৰাৰ পিছত এতিয়া কাৰ্ডখনৰ ডিজাইন সলনি কৰাৰ কথা চিন্তা-চৰ্চা চলি আছে। খবৰ অনুসৰি ভৱিষ্যতৰ নতুন আধাৰ কাৰ্ডত নাগৰিকৰ নাম, ঠিকনা, জন্মৰ তাৰিখ বা সেই বিশেষ ১২ অংকৰ আধাৰ নম্বৰটো হয়তো কাৰ্ডৰ ওপৰত দৃশ্যমান হৈ নাথাকিব। ইয়াৰ পৰিৱৰ্তে ব্যক্তিজনৰ ফটোখনকহে মূল গুৰুত্ব প্ৰদান কৰা হ’ব আৰু সকলো ব্যক্তিগত তথ্য এটা বিশেষ কিউআৰ ক’ডৰ ভিতৰত লুকুৱাই ৰখা হ’ব। এই খবৰে বা নতুন পদ্ধতিৰ ফলত সাধাৰণ ৰাইজৰ বিপদ হ’ব নে নিৰাপত্তা বৃদ্ধি পাব, ইয়াক লৈ এতিয়া জনসাধাৰণৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে। 

Advertisment

Also Read...নিৰ্বাচন আয়োগৰ সংবাদমেল

UIDAI ৰ সূত্ৰৰ মতে, আধাৰৰ এই নতুন ডিজাইনত নাগৰিকৰ ব্যক্তিগত তথ্যসমূহ বাহ্যিকভাৱে প্ৰকাশ নকৰি কেৱল এটা আধুনিক কিউআৰ ক’ডৰ জৰিয়তেহে উপলব্ধ কৰা হ’ব। কোনোবাই যদি কাৰোবাৰ তথ্য চাব বিচাৰে, তেন্তে নতুনকৈ মুকলি কৰা এম-আধাৰ এপৰ জৰিয়তেহে ক’ড স্কেন কৰিহে তথ্য লাভ কৰিব পাৰিব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত তথ্যৰ গোপনীয়তা ৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। যিহেতু কাৰ্ডখনত তথ্যবোৰ মুকলিকৈ লিখা নাথাকিব, সেয়েহে আন ব্যক্তিয়ে কাৰোবাৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰাটো একপ্ৰকাৰ কঠিন হৈ পৰিব।

এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ মূল কাৰণ হ’ল ডাটা বা তথ্য চুৰি ৰোধ কৰা আৰু অফলাইন ভেৰিফিকেচনৰ নামত হোৱা বিসংগতিসমূহ দূৰ কৰা। বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ যে হোটেল, বিভিন্ন অনুষ্ঠানৰ আয়োজক বা অন্যান্য ব্যক্তিগত প্ৰতিষ্ঠানে পৰিচয় পত্ৰ হিচাপে আধাৰ কাৰ্ডৰ ফটোকপি জমা দিব লাগে। কিন্তু আধাৰ আইন অনুসৰি এইদৰে তথ্য সংগ্ৰহ কৰা বা সংৰক্ষণ কৰাটো নীতিবিৰুদ্ধ। কাৰণ এইদৰে সংগ্ৰহ কৰা তথ্যৰ কোনো নিৰাপত্তা নাথাকে আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰি চাইবাৰ অপৰাধীয়ে ছিম কাৰ্ড জালিয়াতি, ভুৱা ঋণ লোৱা বা বেংকৰ পৰা অবৈধভাৱে ধন উলিওৱাৰ দৰে অপৰাধ সংঘটিত কৰে। এনেধৰণৰ বিত্তীয় প্ৰৱঞ্চনাৰ পৰা নতুন পদ্ধতিটোৱে নাগৰিকক সুৰক্ষা দিব বুলি এক আশা কৰা হৈছে।

Also Read...কংগ্ৰেছৰ দুই বিধায়কৰ সদস্যপদ খাৰিজৰ দাবীত উত্তপ্ত হৈ পৰে বিধানসভাৰ মজিয়া


যিহেতু নতুন পদ্ধতিটোত স্কেন কৰাৰ বাবে চৰকাৰী এপ ব্যৱহাৰ কৰিব লাগিব, গতিকে UIDAIৰ ওচৰত সম্পূৰ্ণ খবৰ থাকিব যে কাৰ তথ্য কোনে আৰু কেতিয়া পৰীক্ষা কৰিছে। ইয়াৰ ফলত তথ্যৰ অপব্যৱহাৰ বহুখিনি হ্ৰাস পাব বুলি বিভাগীয় কৰ্তৃপক্ষই ধাৰণা কৰিছে। এই সকলোবৰ চৰ্চা চলি থকাৰ মাজতে মনত এটা ডাঙৰ প্ৰশ্নৰ উদয় হৈছে যে এই নতুন আধাৰ কাৰ্ড লাভ কৰিবলৈ আমি আকৌ আধাৰ চেন্টাৰত শাৰী পাতিব লাগিব নেকি? নতুন কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব নে চৰকাৰে নিজে ইয়াৰ আপডেটৰ ব্যৱস্থা কৰিব, সেই সন্দৰ্ভত এতিয়ালৈকে কোনো স্পষ্ট নিৰ্দেশনা অহা নাই। সময়তহে গম পোৱা যাব যে আধাৰৰ এই আমূল পৰিৱৰ্তনে সাধাৰণ মানুহৰ বাবে কি ধৰণৰ সুবিধা বা অসুবিধা কঢ়িয়াই আনে।

Advertisment
Advertisment