AssameseT-20 বিশ্বকাপৰ পৰা আজি বাহিৰ হ'ব পাৰে পাকিস্তান !আজি গ্ৰুপ পৰ্যায়ৰ অন্তিম খন মেচত নামিবিয়াৰ বিৰুদ্ধে যুঁজ দিব পাকিস্তানে I এই মেচখনত জয় লাভ কৰিলেহে পাকিস্তানৰ Super-8ত প্ৰৱেশ নিশ্চিত হ'বIEstafur Rahman Feb 18, 2026 14:01 IST T-20 বিশ্বকাপৰ পৰা আজি বাহিৰ হ'ব পাৰে পাকিস্তান !Also Read.....মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি পৰিস্থিতিত কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হৈছিল, তাৰ অন্তৰালৰ ৰহস্য ফাদিল...Advertismentঅধিক আকৰ্ষণীয় হৈছে T-20 বিশ্বকাপ ২০২৬। ক্ৰিকেটৰ কিশোৰ স্বৰূপ দল সমূহে তীব্ৰ প্ৰত্যাহ্বান জনাইছে পূৰ্বৰ চেম্পিয়ন দলসমূহক। ইতিমধ্যেই T-20 বিশ্বকাপ ২০২৬ৰ প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ল মহা শক্তিশালী অষ্ট্ৰেলিয়া ক্ৰিকেট দল I শ্ৰীলংকাৰ হাতত ৮ উইকেটত শোচনীয় পৰাজয়ৰ পাছত পইণ্ট তালিকাৰ তৃতীয় স্থানত থকা অষ্ট্ৰেলিয়া ইতিমধ্যেই বাহিৰ হৈছে। অষ্ট্ৰেলিয়াক প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাত কিছু পৰিমাণে সহায় কৰিলে বৰষুণেও।Also Read...কংগ্ৰেছৰ দুই বিধায়কৰ সদস্যপদ খাৰিজৰ দাবীত উত্তপ্ত হৈ পৰে বিধানসভাৰ মজিয়াজিম্বাবুৱে' আৰু আয়াৰলেণ্ডৰ মাজৰ মেচখন ধাৰাষাৰ বৰষুণৰ বাবে এটাও বল নপৰাকৈ বাতিল হ'ল আৰু এক এক পইণ্ট ভগাই দিয়া হয় দুয়োটা দলক। লগে লগে ৩ খন মেচৰ পৰা ৫ পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত ৰ'ল জিম্বাবুৱে' আৰু বাহিৰ হ'ল অষ্ট্ৰেলিয়া I ইফালে আজি নিৰ্ণয় হ'ব পাকিস্তানৰ Super-8 যাত্ৰা। AdvertismentAlso Read...ৰঙাপৰাত আটছাৰ উত্তাল প্ৰতিবাদ১৫ ফেব্ৰুৱাৰীত ভাৰতৰ হাতত লজ্জাজনক পৰাজয়ৰ পাছতে পাকিস্তানৰ Super-8 যাত্ৰা কিছু কঠিন হৈ পৰিছিলI আৰু আজি গ্ৰুপ পৰ্যায়ৰ অন্তিম খন মেচত নামিবিয়াৰ বিৰুদ্ধে যুঁজ দিব পাকিস্তানে I এই মেচখনত জয়লাভ কৰিলেহে পাকিস্তানৰ Super-8ত প্ৰৱেশ নিশ্চিত হ'বI তুলনামূলকভাৱে নামিবিয়া পাকিস্তানতকৈ দুৰ্বল হ'লেও ক্ৰিকেটত অসম্ভৱ বুলি বিশেষ একো নাই। ইতিমধ্যেই কেইবাটাও অঘটন ঘটিছে এই বিশ্বকাপতI Read More AdvertismentAdvertisment Read the Next Article