Assameseনিৰ্বাচন আয়োগৰ সংবাদমেলঅসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বুধবাৰে গুৱাহাটীত ভাৰতৰ নিৰ্বাচন আয়োগে সংবাদমেল সম্বোধন কৰে। দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ নেতৃত্বত অসমলৈ অহা কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ দলটোৱে সম্বোধন কৰে সংবাদমেল।Jyotiprasad Sarma Feb 18, 2026 18:28 ISTকেতিয়া অনুষ্ঠিত হ'ব নিৰ্বাচন? Photograph: (DY365)নিৰ্বাচন আয়োগৰ সংবাদমেলকেতিয়া অনুষ্ঠিত হ'ব নিৰ্বাচন?অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বুধবাৰে গুৱাহাটীত ভাৰতৰ নিৰ্বাচন আয়োগে সংবাদমেল সম্বোধন কৰে। দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ নেতৃত্বত অসমলৈ অহা কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ দলটোৱে সম্বোধন কৰে সংবাদমেল। মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্ৰধান, জিলা নিৰ্বাচনী বিষয়াৰে আলোচনাত বহিছিল নিৰ্বাচন আয়োগৰ দলটো।AdvertismentAlso Read: ৰঙাপৰাত আটছাৰ উত্তাল প্ৰতিবাদআগন্তুক নিৰ্বাচনত অসমৰ সকলো লোককে ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান নিৰ্বাচন আয়োগৰ। বিহুৰ দৰে নিৰ্বাচনো উত্সৱৰ দৰে পালন কৰিবলৈ আহ্বান জনাই নিৰ্বাচন আয়োগে। গণতন্ত্ৰৰ প্ৰতি সকলোকে নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান নিৰ্বাচন আয়োগৰ। সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, বিধানসভা নিৰ্বাচনত কোনো যোগ্য ভোটাৰ বাদ পৰিব নালাগে। কোনো অযোগ্য ভোটাৰে স্থান পাব নালাগে। এইবাৰ ৩১,৪৮৬টা ভোটকেন্দ্ৰত হ’ব ভোটগ্ৰহণ। ইয়াৰে ৩,৭৭৫টা নগৰ অঞ্চলত আৰু ২৭,৭১১টা ভোটকেন্দ্ৰ গ্ৰামাঞ্চলত থাকিব। ৰাজ্যৰ ভোটাৰ তালিকাত নতুনকৈ সন্নিৱিষ্টি হৈছে ৫ লাখ ৭৫ হাজাৰ নতুন ভোটাৰ। Also Read: এটা ছাউণ্ড ছিষ্টেম আৰু এটা হত্যাকাণ্ড!এইবাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত জৰুৰীকালীন সেৱা উপলব্ধ হ’ব। ভোটগ্ৰহণ কেন্দ্ৰসমূহত ১২০০তকৈ অধিক ভোটগ্ৰহণ নহয়। প্ৰতিটো ভোটকেন্দ্ৰত ৱেব কাষ্টিঙৰ সুবিধা থাকিব বুলিও মন্তব্য কৰে সংবাদমেলত। ২০২৬ৰ বিধানসভা নিৰ্বাচনত ৩,৭৪৭টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’ব। যুৱ ভোটাৰক আকৰ্ষিত কৰিবলৈ নিৰ্বাচন আয়োগৰ বিশেষ পদক্ষেপ গ্ৰহণ। ৰাজ্যৰ মহাবিদ্যালয়সমূহত চলোৱা হ’ব অভিযান। চূড়ান্ত ভোটাৰ তালিকাত ২.৪৯ ভোটাৰ অন্তৰ্ভুক্ত হৈছে। ভুৱা ভোটাৰ যাতে অন্তৰ্ভুক্ত নহয় তাৰ বাবে পুনৰীক্ষণ কৰা হৈছিল। উৰা বাতৰিৰ বিৰুদ্ধে ব্যৱস্থা ল’ব নিৰ্বাচন আয়োগে। AdvertismentAdvertisment Read the Next Article