Assameseথলুৱাভাৱে উৎপাদিত সামগ্ৰীৰে স্বাৱলম্বিতাৰ নিদৰ্শনথলুৱাভাৱে উৎপাদিত সামগ্ৰীৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে এগৰাকী মহিলাই। ওদালগুৰিৰ টংলাৰ এগৰাকী মহিলা আইজনি কলিতাই সাংসাৰিক জীৱনৰ ঘাট-প্ৰতিঘাটৰ মাজত নিজৰ উপাৰ্জনৰ পথ নিজে মুকলি কৰিছে।Jyotiprasad Sarma Feb 19, 2026 16:12 ISTথলুৱাভাৱে উৎপাদিত সামগ্ৰীৰে স্বাৱলম্বিতাৰ নিদৰ্শন Photograph: (DY365)থলুৱাভাৱে উৎপাদিত সামগ্ৰীৰে স্বাৱলম্বিতাৰ নিদৰ্শনআইজনি কলিতা হৈ পৰিছে অনুপ্ৰেৰণাৰ উৎসবৰ্তমান সময়ত পুৰুষৰ সামানে সমানে মহিলাসকলেও স্বাৱলম্বিতাৰ পথ মুকলি কৰি লৈছে। কোনোৱে যদি দোকান-পোহাৰ দিছে আন কোনোৱে আকৌ ই-ৰিক্সা চলাই অথবা কৃষি কৰ্মৰে নিজৰ উপাৰ্জনৰ পথ বাছি লৈছে। Advertismentথলুৱাভাৱে উৎপাদিত সামগ্ৰীৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে এগৰাকী মহিলাই। ওদালগুৰিৰ টংলাৰ এগৰাকী মহিলা আইজনি কলিতাই সাংসাৰিক জীৱনৰ ঘাট-প্ৰতিঘাটৰ মাজত নিজৰ উপাৰ্জনৰ পথ নিজে মুকলি কৰিছে। আইজনি কলিতাই এটি ধূপকাঠিৰ থলুৱা উদ্যোগ স্থাপন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহটা পৰিয়ালকো সংস্থাপনৰ বাট মোকলাই দিবলৈ সক্ষম হৈছে। নিজ ঘৰতে মহিলাগৰাকীয়ে আদভিক ইণ্ডাষ্ট্ৰী নামৰ এটি ধূপকাঠিৰ থলুৱা উদ্যোগ স্থাপন কৰি জীৱন বাটত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। Also Read: প্ৰিয়ংকা-অমিত শ্বাহ-শিৱকুমাৰ-নীতিন নবীন ব্যস্ত অসমত। ৰাজ্যত নিৰ্বাচনী বতাহ তুংগত টংলাৰ খগেন কলিতাৰ পত্নী আইজনি কলিতাৰ উদ্যোগত উৎপাদিত ভিন্ন সুগন্ধিযুক্ত ধূপকাঠিয়ে ইতিমধ্যে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে গ্ৰাহকৰ মাজত। কেৱল ৰন্ধা-বঢ়া আৰু ঘৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ নাথাকি টংলাৰ আইজনি কলিতাই দেখুওৱা স্বাৱলম্বিতাৰ নিদৰ্শন সমাজৰ আন মহিলাসকলৰ বাবে এক আদৰ্শ হৈ পৰিছে৷ আজিও সমাজৰ বহু মহিলাই ঘৰৰ চাৰিবেৰৰ মাজতে নিজক আৱদ্ধ কৰি ৰাখিছে। তেনে সময়তে টংলাৰ এইগৰাকী মহিলাই নিজ ঘৰতে থলুৱা উদ্যোগ স্থাপন কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে আন বহুকেইটা পৰিয়ালৰ পেটৰ ভাত মুঠি মোকলাই দিয়া কাৰ্য সমাজৰ বাবে এক আশাৰ বতৰা৷ কোনোধৰণৰ চৰকাৰী সাহাৰ্য অবিহনে একক প্ৰচেষ্টাৰে আগবাঢ়ি যোৱা মহিলাগৰাকী সমাজৰ অন্যান্য মহিলাসকলৰ বাবে এক আদৰ্শ আৰু প্ৰেৰণাহৈ পৰিছে বৰ্তমান সময়ত।AdvertismentAdvertisment Read the Next Article