Assameseআঁচনি নাপালে ভোট নিদিও, বিজেপি চৰকাৰৰ বিৰুদ্ধে মহিলাৰ বিদ্ৰোহবিজেপি চৰকাৰৰ বিৰুদ্ধে একাংশ মহিলা ওলাই আহিছে ৰাজপথলৈ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ ধনৰ পৰা বঞ্চিত মহিলাৰ বিদ্ৰোহ। নিৰ্বাচনৰ পূৰ্বে মহিলা উদ্যমিতা আঁচনিৰ ধন নাপালে নিৰ্বাচনত বিজেপিক ভোট নিদিয়াৰো হুংকাৰ প্ৰতিবাদী মহিলাৰ।Mrinmoy Talukdar Jan 23, 2026 19:38 ISTFile Photoমহিলা উদ্যমিতা নাপালে ভোট নিদিও! আঁচনি বঞ্চিত মহিলাৰ বিদ্ৰোহবিজেপি চৰকাৰৰ বিৰুদ্ধে একাংশ মহিলা ওলাই আহিছে ৰাজপথলৈ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ ধনৰ পৰা বঞ্চিত মহিলাৰ বিদ্ৰোহ। নিৰ্বাচনৰ পূৰ্বে মহিলা উদ্যমিতা আঁচনিৰ ধন নাপালে নিৰ্বাচনত বিজেপিক ভোট নিদিয়াৰো হুংকাৰ প্ৰতিবাদী মহিলাৰ।Advertisment Read More- 'ভোটাৰৰ নাম কৰ্তন কৰিবলৈ BLOক হেঁচা', SRক লৈ কংগ্ৰেছৰ বিস্ফোৰক অভিযোগৰাজ্যজুৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণক লৈ চৰকাৰী পক্ষই ব্যাপক উছাহ-উদ্দীপনা প্ৰদৰ্শন কৰি থকাৰ সময়তে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত পোহৰলৈ আহিছে এক বিপৰীত ছবি। আঁচনিৰ পৰা বঞ্চিত হোৱাৰ ক্ষোভত আজি ৰাজপথলৈ ওলাই আহিল আদাবাৰী-সুতাৰকুছি গাঁৱৰ বহুসংখ্যক মহিলা।Read More- Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়প্ৰতিবাদকাৰী মহিলাসকলৰ অভিযোগ, তেওঁলোক যোগ্য হিতাধিকাৰী হোৱা স্বত্বেও কেৱল ৰাজনৈতিক কাৰণত আঁচনিৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে। চৰকাৰে মহিলা সৱলীকৰণৰ শ্ল’গান দিয়াৰ বিপৰীতে তৃণমূল পৰ্যায়ত পক্ষপাতিত্বমূলক আচৰণ কৰা বুলি মহিলাসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আজি আদাবাৰী পৰিদৰ্শন ভৱনৰ সন্মুখত সমবেত হৈ বঞ্চিত মহিলাসকলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। প্ৰতিবাদকাৰী মহিলা সকলে সংবাদ মাধ্যমৰ আগত কয় যে,"চৰকাৰে সকলোকে সমান চকুৰে চোৱা উচিত। আমি যোগ্য হোৱাৰ পাছতো আমাক কিয় বঞ্চিত কৰা হ'ল বুলি প্ৰশ্ন কৰে প্ৰতিবাদী মহিলাসকলে। যদি আমাক আমাৰ প্ৰাপ্য নিদিয়ে, তেন্তে আগন্তুক নিৰ্বাচনত আমি উচিত প্ৰত্যুত্তৰ দিম"। Read More- বিজেপিয়ে পালে কনিষ্ঠতম ৰাষ্ট্ৰীয় সভাপতিলগতে প্ৰতিবাদী মহিলাসকলে চৰকাৰক স্পষ্ট সকীয়নি প্ৰদান কৰি কয় যে "যদিহে অতি সোনকালে তেওঁলোকে মহিলা উদ্যমিতা আঁচনিৰ ধন লাভ নকৰে, তেন্তে আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰক ভোট নিদিও। অৰ্থাৎ, যদি প্ৰাপ্য নাই তেন্তে ভোটো নাই- এই নীতিৰে এতিয়া সৰৱ হৈ পৰিছে সুতাৰকুছি অঞ্চলৰ মহিলা সকল।AdvertismentAdvertisment Read the Next Article