Assameseআজি নিশা অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহতিনিদিনীয়া কাৰ্যসূচীৰে আজি নিশা অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি নিশা শিলচৰত উপস্থিত হ'বহি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। আজি নিশাটো শিলচৰতে কটাব অমিত শ্বাহে। Jyotiprasad Sarma Feb 19, 2026 17:59 ISTআজি নিশা অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ Photograph: (DY365)আজি নিশা অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক'ত কি কি কাৰ্যসূচী?২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া অসমলৈ সোঁত বৈছে জ্যেষ্ঠ ৰাজনীতিকৰ। দুটা মাহৰ ভিতৰত তৃতীয়বাৰলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তিনিদিনীয়া কাৰ্যসূচীৰে আজি নিশা অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। Advertismentসমাগত অসম বিধানসভা নিৰ্বাচন। অসম বিধানসভা নিৰ্বাচনৰ দিন যদিও ঘোষণা হোৱা নাই তথাপি ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। ইতিমধ্যেই ৰাজ্যত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। কি শাসক, কি বিৰোধী প্ৰতিটো দলেই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। Also Read: থলুৱাভাৱে উৎপাদিত সামগ্ৰীৰে স্বাৱলম্বিতাৰ নিদৰ্শনবিধানসভাৰ নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে গুৰুত্ব বাঢ়িছে অসমৰ। অসমলৈ সোঁত বৈছে এজনৰ পিছত আনজন ৰাজনীতিকৰ। তিনিদিনীয়া কাৰ্যসূচীৰে আজি নিশা অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি নিশা শিলচৰত উপস্থিত হ'বহি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। আজি নিশাটো শিলচৰত কটোৱাৰ পিছত কাইলৈ ভাৰত-বাংলাদেশ সীমান্তলৈ যাব অমিত শ্বাহ। কাছাৰৰ কাটিগড়াৰ ভাৰত-বাংলাদেশ সীমান্তত অৱস্থিত নাতানপুৰ অঞ্চললৈ যাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। ভাৰত–বাংলাদেশৰ সীমান্তৰ নাতানপুৰত ভাইব্ৰেণ্ট ভিলেজ অনুষ্ঠানত অংশগ্ৰহণ কৰিব অমিত শ্বাহে। গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ এতিয়া সাজু কাটিগড়াৰ ৰাইজ। ন-ৰূপত সজাই-পৰাই তোলা হৈছে নাতানপুৰ গাঁও। নিৰ্মাণ কৰা হৈছে বিশাল অনুষ্ঠানথলী। কাইলৈ শুকুৰবাৰে শিলচৰত বিজেপিৰ এক নিৰ্বাচনী ৰেলীতো অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। শিলচৰৰ পৰা আগৰতলালৈ যাব অমিত শ্বাহ। Also Read: অসমত পুনৰ মৰেল পুলিচিঙৰ ঘটনাআনহাতে, কাইলৈ সন্ধিয়াই আগৰতলাৰ পৰা গুৱাহাটীলৈ উভতি আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। শনিবাৰে গুৱাহাটীত CRPFৰ প্ৰতিষ্ঠা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব অমিত শ্বাহে। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব CRPFৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। সোণাপুৰৰ কচুতলীত দশম অসম আৰক্ষী বেটেলিয়নৰ নতুনকৈ নিৰ্মাণ কৰিবলগীয়া চৌহদৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। AdvertismentAdvertisment Read the Next Article