Advertisment

চকলেটৰ প্ৰলোভন দি ৩ বছৰীয়া কণমানিৰে অপকৰ্ম

ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা। চকলেটৰ প্ৰলোভনেৰে তিনি বছৰীয়া কণমানিক ধৰ্ষণ। ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট বিজন তান্তিঁয়ে লৈ যায় শিশুটিক। ধৰ্ষণ কৰি চাহ বাগিচাৰ ভিতৰত শিশুটিক এৰি পলায়ন লম্পট বিজনৰ।

 চকলেটৰ প্ৰলোভন দি ৩ বছৰীয়া কণমানিৰে অপকৰ্ম

চকলেটৰ প্ৰলোভন দি ৩ বছৰীয়া কণমানিৰ সৈতে অপকৰ্ম

অত্যন্ত  ঘৃণণীয় ,লজ্জাজনক আৰু ভয়ংকৰ । ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা। পোহৰলৈ আহিল বিজন তান্তিয়ে কৰা অপকৰ্ম। এই ঘটনা শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। ৰাজ্যত সঘনে বৃদ্ধি পাইছে জঘন্য ঘটনা।  চকলেটৰ প্ৰলোভনেৰে তিনি বছৰীয়া কণমানিৰ সৈতে অপকৰ্ম লম্পট বিজন তাঁন্তিৰ। ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট বিজন তান্তিঁয়ে লৈ যায় তিনি বছৰীয়া এটি কণমানি শিশুক। 

Advertisment

এই ঘটনা সংঘটিত হৈছে কাছাৰ জিলাৰ উধাৰবন্দ বিধানসভা সমষ্টিত। প্ৰথমে লম্পট বিজনে ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰৱেশ কৰে শিশুটিৰ বাসগৃহত। চকলেট দিম বুলি প্ৰলোভন দি শিশুটিক ফুচলাই লৈ যায়। তাপ পিছতেই ঘৰৰ কাষতে থকা চাহ বাগিচাৰ ভিতৰত অপকৰ্ম কৰে  লম্পট বিজনে। নিৰ্যাতন চলাই বাগিচাৰ ভিতৰতে শিশুটিক এৰি পলায়ন কৰে লম্পট বিজন তাঁন্তিয়ে। আনহাতে শিশুটিক ঘৰত নাপাই পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে। কিছু সময়ৰ পিছেতই বাগিচাৰ পৰা শিশুটি ওলাই আহি পিতৃৰ সন্মুখত ঘটনা বিৱৰণ দিয়ে কণমানিটিয়ে। শিশুটিৰ পিতৃয়ে উধাৰবন্দ আৰক্ষী চকীত সমগ্ৰ ঘটনা সন্দৰ্ভত এক গোচৰ  ৰুজু কৰে । গোচৰৰ ভিত্তিত নিশা অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত ধৰ্ষণকাৰী যুৱক বিজন তাঁন্তিক ৷ বৰ্তমান যুৱকজনক আৰক্ষীয়ে উধাৰবন্দ থানাত জেৰা অব্যাহত ৰাখিছে। এতিয়া প্ৰশ্ন হয় এনে পাশৱিক নিৰ্যাতন চলাবলৈ অপৰাধীয়ে কিয় ভয় নকৰে? এনে ঘটনা সংঘটিত হোৱাৰ আৰঁত প্ৰকৃততে ভূল কাৰ? ঘটনা সন্দৰ্ভত দোষীয়ে উচিত শাস্তি পোৱাৰ দাবী নিৰ্যাতিতৰ পৰিয়ালৰ। 

Advertisment
Advertisment