Assameseশুকুৰবাৰে ঘোষণা হ'ল UPSCৰ ফলাফল। ফলাফলত উজলিল অসমৰ তিনিগৰাকী সন্তানশুকুৰবাৰে ঘোষণা কৰা হ’ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল। আয়োগৰ upsc.gov.inযোগে লাভ কৰিব পাৰিব UPSCৰ ২০২৫ বৰ্ষৰ ফলাফল। Estafur Rahman Mar 06, 2026 17:53 ISTPhotograph: (NDTV EDUCATION)শুকুৰবাৰে ঘোষণা হ'ল UPSCৰ ফলাফল।ফলাফলত উজলিল অসমৰ তিনিগৰাকী সন্তানAlso Read....মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুছলমানৰ উপহাৰ!শুকুৰবাৰে ঘোষিত UPSCৰ ফলাফলত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে ৰাজস্থানৰ অনুজ অগ্নিহোত্ৰীয়ে। দ্বিতীয় স্থান লাভ কৰিছে ৰাজেশ্বৰী শোভে এমে। তৃতীয় স্থানত উজলিল আকাংক্ষ ধূল। চতুৰ্থ স্থান লাভ কৰিছে ৰাঘৱ ঝুনঝুৱালাই। দেশৰ ভিতৰতে পঞ্চম স্থানত উজলিল ঈশান ভাটনাগৰ।AdvertismentUPSCৰ ফলাফল চাবলৈ তলৰ লিংকত ক্লিক কৰকhttps://upsc.gov.in/exams-related-info/final-resultমুঠ ৯৫৮গৰাকী নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে UPSCয়ে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষা-২০২৫ৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগে IPS, IAS কে ধৰি বিভিন্ন সেৱাত ৯৫৮টা পদৰ বিজ্ঞাপন জাৰি কৰিছিল। আজি ঘোষিত ফলাফলত IAS শাখাত ১৮০গৰাকী, আই.এফ.এছ শাখাত ৫৫, IPS শাখাত ১৫০, Central Services Group ‘A’ শাখাত ৫০৭, Group ‘B’ Servicesত ১৯৫ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে।Also Read...AIUDF দল হৈছে বিজেপিৰ বুকুৰ কুটুম! মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ...সদ্যঘোষিত UPSC ফলাফলত অসমৰ নাম উজলাই তুলিলে তিনিগৰাকী অসম সন্তানে। ১৮৭সংখ্যক স্থানত উজলিল যোৰহাটৰ অভিজ্ঞান খাউণ্ড। ২০২২ বৰ্ষত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ১০সংখ্যক স্থান লাভ কৰিছিল অভিজ্ঞান খাউণ্ডে। বিগত বৰ্ষত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ ২০২৪ বৰ্ষৰ ফলাফলত ৪৮সংখ্যক স্থান লাভ কৰিছিল অভিজ্ঞানে।Advertismentইপিনে, ৫৭০সংখ্যক স্থান লাভ কৰিছে অসমৰ অভিজ্ঞানজ্যোতি বৰাই। পেছাত এগৰাকী চিকিৎসক অভিজ্ঞান বৰাই ২০২৩ বৰ্ষত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS ডিগ্ৰী লাভ কৰিছিল। একেদৰ, ৭৭৭ সংখ্যক স্থানত উজলিল ভাস্বত শইকীয়া। ভাস্বত শইকীয়াই বিগত বৰ্ষত UPSC CSEত ৪৭৪সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পূৰ্বে ২০২৩ বৰ্ষতো UPSC CSEত ৫৫২সংখ্যক স্থান লাভ কৰিছিল ভাস্বত শইকীয়াই।Also Read...চৰকাৰী গাঁওবুঢ়াৰ লগত ভয়ংকৰ কাণ্ড কৰিলে পত্নীয়ে... Read More AdvertismentAdvertisment Read the Next Article