AssameseAIUDF দল হৈছে বিজেপিৰ বুকুৰ কুটুম! মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ...ৰাজ্যসভা নিৰ্বাচনত বিজেপিলৈ এআইইউডিএফৰ দলৰ তিনিগৰাকী বিধায়কৰ সমৰ্থনে ৰাজ্যৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছে। লোকক দেখুৱাই বছৰৰ পিছত বছৰ ধৰি AIUDFক সাম্প্ৰদায়িক দল আখ্যা দি গালি-গালাজ কৰি অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে গৌৰৱ গগৈয়ে।Estafur Rahman Mar 06, 2026 15:51 ISTPhotograph: (DY365)AIUDF দল হৈছে বিজেপিৰ বুকুৰ কুটুম! মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ...AdvertismentAlso Read....লক্ষ্য বিশ্বকাপৰ ট্ৰফী, ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ..ৰাজ্যসভা নিৰ্বাচনত বিজেপিলৈ এআইইউডিএফৰ দলৰ তিনিগৰাকী বিধায়কৰ সমৰ্থনে ৰাজ্যৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছে। লোকক দেখুৱাই বছৰৰ পিছত বছৰ ধৰি এআইইউডিএফ সাম্প্ৰদায়িক দল আখ্যা দি গালি-গালাজ কৰি অহা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হঠাতে সেইটো দলৰে সহায় ল’বলৈ বাধ্য হোৱাটোৱে বিজেপিৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ কথা স্পষ্ট কৰি তুলিছে। ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে এনডিএ অৰ্থাৎ বিজেপিৰ সহযোগী দল ইউপিপিএলৰ নেতা প্ৰমোদ বড়োৰ মনোনয়নত এআইইউডিএফৰ ৩জন বিধায়ক ক্ৰমে কৰিমুদ্দিন বৰভূঞা, নিজামুদ্দিন চৌধুৰী, জাকিৰ হুছেইন লস্কৰে স্বাক্ষৰ কৰা বিষয়টো সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সামাজিক মাধ্যমত পোষ্ট কৰি কয়,Also Read...AIUDF ৰ তিনিগৰাকী বিধায়কে ৰাজ্যৰ ৰাজনীতিত ঘটালে আচৰিত ঘটনা!হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এতিয়া আপোনাৰ B Team কোন? অসমৰ ৰাইজক দেখুৱাই বছৰৰ পিছত বছৰ ধৰি সাম্প্ৰদায়িক দল আখ্যাৰে সমালোচনা কৰি অহা এআইইউডিএফ দল আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাবে গ্ৰহণযোগ্য হৈ পৰিল। ইমানদিনে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ মানুহক এআইইউডিএফৰ পৰা সাৱধান হ’বলৈ কৈছিল। মুখ্যমন্ত্ৰীয়ে তেওঁলোকক লৈ ভয়ৰ ৰাজনীতি কৰিছিল। ৰাজহুৱা সভাত ভাষণৰ পাছত ভাষণত সংখ্যালঘু সমাজক লক্ষ্য কৰি “মিঞা” আৰু “অচিনাকি”ৰ দৰে শব্দ ব্যৱহাৰ কৰি বিদ্বেষমূলক ৰাজনীতি কৰিলে। বুলড’জাৰ ব্যৱস্থাক ন্যায্যতা দিলে। উচ্ছেদক সাধাৰণ ঘটনা কৰি তুলিলে। ইমানদিনে ভোটৰ বাবে মানুহক বিভাজিত কৰিলে আৰু আজি যেতিয়া ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে বিজেপিৰ সংখ্যা কমিল তেতিয়াই আপোনাৰ বাবে AIUDF আপোন আৰু গ্ৰহণযোগ্য হৈ পৰিল নেকি?কিয় একে ৰাতিৰ ভিতৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্থিতি সলনি হ’ল? আজি ক'ত গ'ল আপোনাৰ আদৰ্শ? আপুনি সদায় আদৰ্শ আৰু মতাদৰ্শৰ কথা কয়, কিন্তু ক্ষমতাৰ প্ৰতি ভাবুকি আহি পৰিলেই সেই আদৰ্শ নোহোৱা হৈ যায়। সততে অসমৰ সুৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰীগৰাকীৰ বাবে আজি নিজৰ গাদী ৰক্ষা কৰাটোৱেই যেন অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে! নে আপোনাৰ বাবে সকলো মাথোঁ সংখ্যাৰ অংক?যদি আপুনি কৈ অহাৰ দৰে AIUDF অসমৰ বাবে বিপদজনক হয়, তেন্তে NDAৰ প্ৰাৰ্থী প্ৰমোদ বড়োক আগুৱাই নিবৰ বাবে তেওঁলোকৰ সমৰ্থন কিয় লৈছে? আৰু যদি তেওঁলোক বিপদজনক নহয়, তেন্তে আপোনাৰ পূৰ্বৰ বক্তব্য আৰু ভাষণসমূহ মাথোঁ সুপৰিকল্পিত ভয় সৃষ্টি কৰাৰ ৰাজনীতি আছিল নেকি? বছৰৰ পাছত বছৰ ধৰি কাৰোবাক “বিপজ্জনক” বুলি চিহ্নিত কৰি ৰাখি, পিছত নিজৰ সংখ্যা হ্ৰাস হোৱাৰ বাবেই নিঃশব্দে তেওঁলোকৰ ওপৰত কেনেকৈ নিৰ্ভৰশীল হৈ পৰিব পাৰে? আপুনি জনসভাত মুকলিকৈ এটা সম্প্ৰদায়ক অপমান কৰি আকৌ গোপনে কোঠাৰ ভিতৰত তেওঁলোকৰ ৰাজনৈতিক প্ৰতিনিধিৰ সৈতে আলোচনাত বহিব পাৰে?Advertismentমুখ্যমন্ত্ৰী ডাঙৰীয়া এয়া কোনো ডাঙৰ ৰাজনৈতিক কৌশল নহয়। এয়া ৰাজনৈতিক সুবিধাবাদৰ সৰ্বোচ্চ উদাহৰণ। আপুনি আদৰ্শৰ কথা কয়। কিন্তু ক্ষমতাৰ কথা আহিলেই সেই আদৰ্শ উধাও হৈ যায়। আপুনি অসমৰ সুৰক্ষাৰ কথা কয়। কিন্তু আজি এইটো প্ৰমাণ হৈ গ'ল যে নিজৰ গাদী সুৰক্ষিত কৰাটো আপোনাৰ বাবে নিজৰ কথাৰ মূল্য ৰখাতকৈ বেছি গুৰুত্বপূর্ণ।অসমৰ জনগণ অন্ধ নহয়। সেয়া লাগিলে সংখ্যাগৰিষ্ঠ জনগণেই হওক বা সংখ্যালঘু জনগণেই হওক, দুয়োখন সমাজেই আপোনাৰ এই দুমুখীয়া স্থিতি স্পষ্টকৈ দেখা পাইছে। এই ৰাজ্যসভা নিৰ্বাচনে এটা সত্য উন্মোচিত কৰিলে যে - ডিঙিৰ শিৰ ফুলাই চিঞৰি চিঞৰি দিয়া আপোনাৰ বিভাজনমুখী ভাষণবোৰ আছিল ভোটৰ বাবে আৰু নিঃশব্দে কৰা ভিতৰুৱা বুজাবুজি হৈছে ক্ষমতাৰ বাবে।মুখ্যমন্ত্ৰী ডাঙৰীয়া - বিশ্বাসযোগ্যতা সংবাদমেল, টুইট বা ভয় দেখুৱাই পুনৰ গঢ়ি তুলিব নোৱাৰি। এবাৰ ৰাইজৰ সন্মুখত মুখা খোল খাই গ'লে সেয়া পুনৰ লুকুৱাব নোৱাৰি। অসমৰ জনগণে সকলো লক্ষ্য কৰি আছে।Also Read...বিজেপি-AIUDF এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি, হিমন্ত বিশ্ব শৰ্মাক লাগে এতিয়া মিঞা ভোট-সৰৱ অখিল গগৈআনহাতে, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইয়ো এই সন্দৰ্ভত মন্তব্য কৰি কয়, এআইইউডিএফ দল যে বিজেপিৰ 'বি’ টীম সেয়া স্পষ্টকৈ প্ৰমাণিত হ’ল। তেওঁ লগতে আৰু কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত ইউপিপিএলৰ মন্ত্ৰীয়ে কাৰ্যনিৰ্বাহ কৰি আছে আৰু সেই ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োক ৰাজ্যসভালৈ প্ৰেৰণ কৰিবৰ বাবে এআইইউডিএফ দলৰ বিধায়কৰ সহায় ল’বলগীয়া হৈছে। বাহিৰত দেখুৱাই দুয়োটা দলে ইটোৰ-সিটোৰ মাজত আদৰ্শগত মিল নাই বুলি কয় যদিও প্ৰকৃততে ক্ষমতাৰ বাবে এওঁলোকে সকলো কামেই কৰিব পাৰে। বিজেপিয়ে এআইইউডিএফৰ অক্সিজেন নোহোৱাকৈ চলিব নোৱাৰে বুলিও দেৱব্ৰত শইকীয়াই মন্তব্য কৰে।Advertisment Read More AdvertismentAdvertisment Read the Next Article