Assameseলক্ষ্য বিশ্বকাপৰ ট্ৰফী, ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ..ভাৰত আৰু ইংলেণ্ডৰ ছেমিফাইনেল খেলখনত ৭ ৰানত জয়ী টীম ইণ্ডিয়া। ভাৰতে প্ৰথমে বেটিং কৰি ইংলেণ্ডক ২৫৪ ৰানৰ লক্ষ্য বান্ধি দিছিল। ভাৰতীয় দলৰ হৈ সঞ্জু ছেমছনে মাত্ৰ ৪২টা বলত ৮৯ ৰান সংগ্ৰহ কৰে। Estafur Rahman Mar 05, 2026 23:25 ISTএক ৰোমাঞ্চকৰ খেলৰ সাক্ষী হ'ল বিশ্বৰ ক্ৰিকেটপ্ৰেমী দৰ্শক ভাৰত আৰু ইংলেণ্ডৰ ছেমিফাইনেল খেলখনত ৭ ৰানত জয়ী টীম ইণ্ডিয়া। ভাৰতে প্ৰথমে বেটিং কৰি ইংলেণ্ডক ২৫৪ ৰানৰ লক্ষ্য বান্ধি দিছিল। ভাৰতীয় দলৰ হৈ সঞ্জু ছেমছনে মাত্ৰ ৪২টা বলত ৮৯ ৰান সংগ্ৰহ কৰে। আনফালে ইংলেণ্ড দলৰ হৈ জে বেথলে ৪৮ টা বলত ১০৫ ৰান কৰে যদিও খেলখনত পৰাজয় স্বীকাৰ কৰিব লগা হয়। খেলখন এটা সময়ত দুয়ো পক্ষৰ হাতলৈ গৈছিল। কোনেও যেন ক'ব পৰা নাছিলে কোন জয়ী হ'ব। সকলোৱে নিৰৱ হৈ খেলখন চাই আছিলে। ভাৰতীয় দলটো যদিও এক বৃহৎ ৰানৰ লক্ষ্য় বান্ধি দিছিল কিন্তু ইংলেণ্ড দলে সেই টাৰ্গেটক লক্ষ্য ভাঙিবলৈ আপ্ৰাণ চেষ্টা কৰিও পৰাজয়বৰণ কৰিব লগা হয়। ইংলেণ্ড দলে ৭টাকৈ উইকেট হেৰুৱাই ২৪৬ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।AdvertismentAlso Read..উভতি নহাৰ বাটেৰে গুচি গ'ল তিনি বন্ধুশেষৰ অভাৰত এটা উইকেট হেৰুৱাই ২২ ৰাণ সংগ্ৰহ কৰে ইংলেণ্ড দলে। ইংলেণ্ড দলৰ জে আৰ্চাৰে মাত্ৰ ৪টা বলত ১৯ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত ভাৰতীয় দলটো জয়ী হোৱাৰ পাছতেই আনন্দত মতলীয়া হৈ পৰে ভাৰতীয় দলৰ সমৰ্থক। T20 বিশ্বকাপৰ চূড়ান্ত তথা ফাইনেল খেলখন ৮ মাৰ্চত টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব। ফাইনেল খেলখন অনুষ্ঠিত হ'ব আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত। Also Read..AIUDF ৰ তিনিগৰাকী বিধায়কে ৰাজ্যৰ ৰাজনীতিত ঘটালে আচৰিত ঘটনা! Read More AdvertismentAdvertisment Read the Next Article