Assameseউভতি নহাৰ বাটেৰে গুচি গ'ল তিনি বন্ধু২০২৬ বৰ্ষৰ ৪মাৰ্চ তাৰিখটো হাজোবাসীৰ বাবে যেন হৈ ৰ'ল এটা কালিকা লগা দিন। এই অভিশপ্ত দিনটোতেই তিনি বন্ধুয়ে অকালতে মৃত্যুক আঁকোৱালি লৈ শোকস্তব্ধ কৰি তুলিলে সমগ্ৰ হাজোবাসীক। Jyotiprasad Sarma Mar 05, 2026 19:11 ISTউভতি নহাৰ বাটে গুচি গ'ল তিনি বন্ধু Photograph: (DY365)এটা কালিকা লগা দিনউভতি নহাৰ বাটেৰে গুচি গ'ল তিনি বন্ধুহাজোবাসীয়ে উচুপিছে। হাজোবাসীৰ চকুত কেৱল চকুপানী। ২০২৬ বৰ্ষৰ ৪মাৰ্চ তাৰিখটো হাজোবাসীৰ বাবে যেন হৈ ৰ'ল এটা কালিকা লগা দিন। এই অভিশপ্ত দিনটোতেই তিনি বন্ধুয়ে অকালতে মৃত্যুক আঁকোৱালি লৈ শোকস্তব্ধ কৰি তুলিলে সমগ্ৰ হাজোবাসীক। Advertismentফাকুৱাৰ আনন্দ-উল্লাসৰ মাজতে বুধবাৰে কামৰূপৰ হাজোত সংঘটিত হয় এক মৰ্মান্তিক,হৃদয়বিদাৰক ঘটনা। তিনি বন্ধুৰ কৰুণ মৃত্যুৱে শোকাকুল কৰি তুলিছে সকলোকে। নৈত গা ধুবলৈ যোৱা তিনি যুৱকৰ কৰুণ মৃত্যুত শোকৰ ছাঁ। সকলোৰে চকুত কেৱল চকুপানী।খবৰ অনুসৰি বুধবাৰে হাজোৰ নয়নপুৰৰ পুঠিমাৰী নৈৰ পাৰত সাতজনীয়া এটা বন্ধুৰ দলে আয়োজন কৰিছিল ভোজ-ভাতৰ। ভোজ-ভাতৰ আয়োজন চলি থকাৰ মাজতে ৭ জনীয়া বন্ধুৰ দলটোৰ ৩ বন্ধু মিলি পুঠিমাৰী নৈত গা ধুবলৈ যায়। নৈত গা ধুবলৈ নামিছিল নয়নপুৰৰ জয়প্ৰকাশ কলিতা, পাখামেলাৰ বিশাল দাস আৰু শান্তিপুৰৰ সন্দীপ কলিতা নামৰ তিনিজন যুৱক। নৈত নমাৰ পিছতে তিনি বন্ধু নিখোজ হৈ পৰে। ঘটনাক লৈ লগে লগে হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু SDRFবাহিনী। যুৱককেইজনৰ সন্ধানত নৈৰ বুকুত অভিযান আৰম্ভ কৰে SDRFবাহিনীয়ে। SDRFবাহিনীৰ অভিযানত নিশাৰ ভাগত তিনিও বন্ধুৰ নিথৰ দেহ উদ্ধাৰ হয়। নিশায়েই মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয় তিনিও বন্ধুৰ নিথৰ দেহ। বৃহস্পতিবাৰে তিনি যুৱকৰ নশ্বৰ দেহ ঘৰলৈ অনাত শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ হাজো অঞ্চলত। নিহত আটাইৰে পৰিয়ালত কান্দোনৰ ৰোল। কান্দোনত ভাঙি পৰিল আত্মীয়-স্বজন তথা ওচৰ-চুবুৰীয়া। কান্দি উঠিল সমগ্ৰ তীৰ্থনগৰী। চিতাত উঠাই দিয়া হ'ল বগা কাপোৰেৰে মেৰিয়াই অনা জয়প্ৰকাশ, বিশাল আৰু সন্দীপৰ নশ্বৰ দেহ। সকলোকে কন্দুৱাই কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল তিনি বন্ধু। Advertisment Read More AdvertismentAdvertisment Read the Next Article