"দুর্ধর্ষ অপৰাধীলৈ বশিষ্ঠ আৰক্ষীৰ গুলী । মহানগৰীত এতিয়া গিজগিজাই ঘুৰি ফুৰিছে ডকাইতৰ দল। আৰক্ষীৰ নিদ্ৰাহৰণ কৰি ইখনৰ পাছত সিখনকৈ ঘৰত ডকাইতে চলাইছিল ডকাইতি কাণ্ড।Advertisment ৩০ জানুৱাৰী বৃহস্পতিবাৰে নিশা বেলতলাৰ নিৰুপমা এনক্লেভত সংঘটিত হৈছিল এক চুৰি কাণ্ডৰ ঘটনা । চুৰি কাণ্ড সংঘটিত হোৱাৰ পাছৰে পৰাই মহানগৰ আৰক্ষী ( assam police ) চোৰক বিচাৰি চলাইছিল অভিযান। ৩০ জানুৱাৰী সংঘটিত হোৱা চুৰি কাণ্ডৰ লগত জড়িত থকা তিনিজনক গ্ৰেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত ৩ চোৰৰ পৰা উদ্ধাৰ কৰে ১৫ লাখ ৫৬ হাজাৰ টকা । also read,,, মিঞা নহয়, টাৰ্গেট মুছলমান! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান বিধায়কৰ চুৰি কাণ্ডত ব্যৱহাৰ কৰিছিল ৰড, স্ক্ৰ্ ড্ৰাইভাৰ, চোকা অস্ত্ৰ ইত্যাদি । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি চোৰ ক্ৰমে সুভাষ দাস, মাধৱ দাস, কাৰ্তিক শৰ্মা লক্ষণ । এই সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল মাধৱ দাস। পুৱতি নিশা দহ মাইলত মাধৱ দাস আৰক্ষীৰ গুলীত গুলিবিদ্ধ হয় । also read.. অসমীয়াৰ হেৰুওৱা পৰিচয় উদ্ধাৰৰ বাবে পৰাক্ৰমেৰে যুঁজিম- মুখ্যমন্ত্ৰী এই সমগ্ৰ ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত আৰক্ষীয়ে কয় ''৩০ তাৰিখে বেলতলাৰ নিৰুপমা এনক্লেভত সংঘটিত হোৱা চুৰি কাণ্ডৰ লগত জড়িত থকা তিনিটা চোৰক গ্ৰেপ্তাৰ কৰা হয় আৰু এই চুৰি কাণ্ডৰ মাষ্টাৰমাইণ্ড মাধৱ দাস পুৱতি নিশা আৰক্ষীৰ গুলীত গুলিবিদ্ধ হয় দহ মাইলত। তিনি চোৰৰ পৰা আৰক্ষীয়ে ১৫ লাখ ৫৬ হাজাৰ টকা উদ্ধাৰ কৰাৰ লগতে চুৰি কাণ্ডত ব্যৱহাৰ হোৱা ৰড, স্ক্ৰু ড্ৰাইভাৰ আদি উদ্ধাৰ কৰে। "