Assameseবীৰ লাচিত সেনাৰ তিনি সদস্য আৰক্ষীৰ জালতধনদাবীৰ অভিযোগত বীৰ লাচিত সেনাৰ তিনি সদস্যক আটক আৰক্ষীৰ। এখন ফাৰ্মাচীৰ পৰা ৫০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ তিনি সদস্যৰ বিৰুদ্ধে। দাবী কৰা ধন নিবলৈ আহোঁতেই আৰক্ষীয়ে আটক কৰে তিনিওকে। Jyotiprasad Sarma Feb 27, 2026 17:44 ISTধনদাবী! বীৰ লাচিত সেনাৰ তিনি সদস্য আৰক্ষীৰ জালত Photograph: (DY365)ধনদাবী!বীৰ লাচিত সেনাৰ তিনি সদস্য আৰক্ষীৰ জালতধনদাবীৰ অভিযোগত বীৰ লাচিত সেনাৰ তিনি সদস্যক আটক আৰক্ষীৰ। এখন ফাৰ্মাচীৰ পৰা ৫০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ তিনি সদস্যৰ বিৰুদ্ধে। দাবী কৰা ধন নিবলৈ আহোঁতেই আৰক্ষীয়ে আটক কৰে তিনিওকে। Advertismentগোলাঘাটৰ মেৰাপানীত ধনদাবীৰ অভিযোগত বীৰ লাচিত সেনাৰ তিনি সদস্যক আটক আৰক্ষীৰ। মেৰাপানী আৰক্ষী থানাৰ নাতিদূৰতেই এখন ফাৰ্মাচীত ধনদাবী কৰিবলৈ আহোঁতে আৰক্ষীয়ে আটক কৰে সংগঠনটোৰ তিনি সদস্যক। আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ গোলাঘাট জিলাৰ উপ-সভাপতি বিতুপন শৰ্মা, মুখ্য সচিব প্ৰতাপ শইকীয়া আৰু সাংগঠনিক সম্পাদক ৰাজ আহমেদক। Also Read: পাকিস্তান-আফগানিস্তানৰ মাজত আৰম্ভ ভয়ংকৰ যুদ্ধখবৰ অনুসৰি, মেৰাপানীৰ পলাশ ফাৰ্মাচীখনত গৈ ৫০ হাজাৰ টকা দাবী কৰিছিল বীৰ লাচিত সেনাৰ এই তিনিজন সদস্যই। ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী পলাশ ফুকনে এই সন্দৰ্ভত মেৰাপানী আৰক্ষীৰ ওচৰত দাখিল কৰে অভিযোগ। অভিযোগৰ ভিত্তিত মেৰাপানী আৰক্ষীয়ে দাবী কৰা ধন নিবলৈ আহোঁতেই বীৰ লাচিত সেনাৰ গোলাঘাট জিলাৰ উপ-সভাপতি বিতুপন শৰ্মা, মুখ্য সচিব প্ৰতাপ শইকীয়া আৰু সাংগঠনিক সম্পাদক ৰাজ আহমেদক আটক কৰে।Also Read: অসুৰ, দানৱবোৰ বধ হওক: গৰিমা শইকীয়া গাৰ্গআৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত AS03 C9444 নম্বৰৰ এখন মাৰুতি অল্টো বাহনো জব্দ কৰিছে। ঘটনাটোক লৈ অঞ্চলটোত ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। Advertismentউল্লেখযোগ্য যে, মাত্ৰ কিছুদিন পূৰ্বে ৰাজ আহমেদ আৰু প্ৰতাপ শইকীয়া নামৰ সদস্য দুজন জে'লৰ পৰা জামিনত মুকলি হৈ আহিছিল। ঘটনা সন্দৰ্ভত মেৰাপানী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃত ঘটনাৰ তথ্য। AdvertismentAdvertisment Read the Next Article