Advertisment

অসংযত অৱস্থাত ৰাইজে মহিলাসহ আটক কৰে বিজেপি নেতাক

পুৰুষ নথকা ঘৰত অসংযত অৱস্থাত বিজেপি নেতা ! দুৱাৰ ভাঙি ৰাইজে উদ্ধাৰ কৰি গতাই দিয়ে আৰক্ষীক। মহিলাৰ ঘৰত দুপৰনিশালৈকে সোমাই আছিল বিজেপি নেতা বকুল শীল।

 অসংযত অৱস্থাত ৰাইজে মহিলাসহ আটক কৰে বিজেপি নেতাক

অসংযত অৱস্থাত ৰাইজে মহিলাসহ আটক কৰে বিজেপি নেতাক

Also Read.....'বিজেপি এতিয়া ৰাজনৈতিক দল নহয়, ব্যক্তিগত কোম্পানীহে' -ৰাজেন গোঁহাই

Advertisment


পুৰুষ নথকা ঘৰত অসংযত অৱস্থাত বিজেপি নেতা ! দুৱাৰ ভাঙি ৰাইজে উদ্ধাৰ কৰি গতাই দিয়ে আৰক্ষীক। মহিলাৰ ঘৰত দুপৰনিশালৈকে সোমাই আছিল বিজেপি নেতা বকুল শীল।

পুনৰ বিজেপি দলটোক লজ্জানত কৰিলে বিজেপি নেতা বকুল শীলে। ঘটনাক লৈ নগাঁৱৰ কঠিয়াতলী জুৰিপাৰত নিশা উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। এগৰাকী মহিলাৰ ঘৰত দুপৰনিশালৈকে দৰ্জা বন্ধ কৰি সোমাই আছিল প্ৰাক্তন ৱাৰ্ড সদস্য তথা বিজেপি নেতা বকুল শীলে। বকুল শীলে বহুদিনৰ পৰাই নিশা হ'লে মহিলাগৰাকীৰ ঘৰত সোমাই থাকে। ৰাইজে বহুদিনৰ পৰা বকুল শীলক হাতে-লোটে ধৰাৰ কাৰণে অপেক্ষা কৰি আছিল।  

Also Read....কংগ্ৰেছে আমাক বিশ্বাসঘাটকতা কৰিছে, অসন্তুষ্ট অখিল গগৈ!

বকুল শীলৰ দিন বেয়া আছিল। সদায় দুপৰনিশা হ'লে মহিলাগৰাকীৰ ঘৰৰ সোমাই শীলে। নিশা ঠিক একে সময়তে মহিলাগৰাকীৰ ঘৰত সোমাইছিল শীলে। ঘৰত সোমোৱাৰ পাছতেই বকুল শীলক হাতে লোটে ধৰাৰ কাৰণে অপেক্ষা কৰি থকা ৰাইজে মহিলা গৰাকীৰ ঘৰত উপস্থিত হৈ দুৱাৰ খুলিবলৈ কোৱাৰ পাছতো খোলা নাছিল দুৱাৰ। অৱশেষত ৰাইজে  দুৱাৰ ভাঙি মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰাত ওলাই পৰে জোলোঙাৰ মেকুৰী। 

Advertisment

স্থানীয় ৰাইজ অহাৰ উমান পাই বিচনাৰ তলতে আত্মগোপন কৰি থকা অৱস্থাত আটক কৰে বিজেপি নেতা বকুল শীলক। ৰাইজে বকুল শীল আৰু মহিলাগৰাকীক আটক কৰি ৰছীৰে বান্ধি উত্তম‌-মাধ্যম দি গতাই দিয়ে আৰক্ষীক । 

Also Read...গোৱালপাৰাৰ সিধাবাৰীত ভয়ংকৰ হত্যাকাণ্ড...

স্থানীয় ৰাইজৰ অভিযোগ পুৰুষ নথকা ঘৰত বকুল শীলে প্ৰায় দুবছৰ ধৰি নিশা গোপনে প্ৰৱেশ কৰে। ঘৰখনত থকা এগৰাকী ৮০ উৰ্ধৰ আইতাই বকুল শীলক আহিবলৈ বাধা কৰা স্বত্বেও বকুল শীলে শুনা নাছিল বাধা। অৱশেষত ৰাইজে কৰায়ত্ত্ব কৰি মহিলাসহ বকুল শীলক গতাই দিয়ে আৰক্ষীক।

Advertisment
Advertisment