Advertisment

গোৱালপাৰাৰ সিধাবাৰীত ভয়ংকৰ হত্যাকাণ্ড...

গোৱালপাৰা জিলাৰ গোৱালপাৰা পূৱ সমষ্টিৰ মাটিয়া থানাৰ অন্তৰ্গত সিধাবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড । পবিত্ৰ ৰমজান মাহতে আব্দুৰ ৰহমানে হত্যা কৰিলে নিজ পত্নীক।

 গোৱালপাৰাৰ সিধাবাৰীত ভয়ংকৰ হত্যাকাণ্ড...

গোৱালপাৰাৰ সিধাবাৰীত ভয়ংকৰ হত্যাকাণ্ড...

Also Read....অস্ত্ৰধাৰী ডকাইতৰ লুটপাত

গোৱালপাৰা জিলাৰ গোৱালপাৰা পূৱ সমষ্টিৰ মাটিয়া থানাৰ অন্তৰ্গত সিধাবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। পবিত্ৰ ৰমজান মাহতে আব্দুৰ ৰহমানে হত্যা কৰিলে নিজ পত্নীক। প্ৰথমে প্ৰেম তাৰপিছত বিয়া আৰু শেষত গৈ হত্যা কৰিলে নিজ পত্নীক। 

Advertisment

Also Read....এপাৰ্টমেণ্টৰ কোঠাত উদ্ধাৰ যুৱকৰ মৃতদেহ

গোৱালপাৰা জিলাৰ সিধাবাৰী ২য় খণ্ডত কালি নিশা এক জঘন্য হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, সিধাবাৰীৰ বাসিন্দা আব্দুৰ ৰহমানে বহু বছৰ পূৰ্বে ইটা ভাটাত কাম কৰি থকাৰ সময়তে কমলা খাতুন নামৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি বিবাহপাশত আৱদ্ধ হৈছিল। দীৰ্ঘদিন ধৰি সুখ-দুখেৰে দুয়োৰে সংসাৰ চলি আহিছিল। আব্দুৰ ৰহমান আৰু কমলা বেগমৰ আছে ১ বছৰীয়া পুত্ৰ সন্তান। কিন্তু হঠাৎ কালি নিশা চেহেৰীৰ সময়ত পৰিয়ালৰ লোকে পত্নী কমলাক মাতিবলৈ গৈ দেখা পাই কমলাৰ মৃতদেহ। ইয়াৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় চাঞ্চল্যক। 

Also Read...ফুটবল খেলি থাকোঁতেই খেলপথাৰতে ঢলি পৰি প্ৰাণ হেৰুৱালে শ্বিলঙৰ এগৰাকী সাংসদে


এই ঘটনাই আব্দুৰ ৰহমানৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজক আচৰিত কৰি তুলিছে।  স্থানীয় লোকৰ আগত অভিযুক্ত স্বামী আব্দুৰ ৰহমানে নিজ পত্নীক হত্যা কৰা বুলি ইতিমধ্যে স্বীকাৰোক্তি দিছে। স্থানীয়লোকৰ ভাষ্য মতে, দুয়োৰে মাজত সৰু কথাক লৈ প্ৰথমে কাজিয়াৰ সৃষ্টি হয় আৰু পিছলৈ গৈ সৰু কাজিয়াই লয় ভংয়কৰ ৰূপ। কি কাৰণত স্বামী আব্দুৰ ৰহমানে হত্যা কৰিলে পত্নীক এতিয়াও ৰহস্যৰ আৱৰ্তত। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মাটিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্ত পোহৰলৈ আহিব হত্যাৰ মূল কাৰণ। 

Advertisment
Advertisment