Advertisment

ফুটবল খেলি থাকোঁতেই খেলপথাৰতে ঢলি পৰি প্ৰাণ হেৰুৱালে শ্বিলঙৰ এগৰাকী সাংসদে

ফুটবল খেলিবলৈ গৈ খেলপথাৰতে ঢলি পৰিল শ্বিলঙৰ সাংসদ ৰিকি এণ্ড্ৰু জে চিংকন। মেঘালয়ৰ জনপ্ৰিয় লোকসভাৰ সাংসদ ড০ ৰিকি এণ্ড্ৰু জে চিংকনৰ আকস্মিক দেহাৱসানে মেঘালয়কে ধৰি সমগ্ৰ উত্তৰ-পূবত শোকৰ ছাঁ পৰিছে।

 ফুটবল খেলি থাকোঁতেই খেলপথাৰতে ঢলি পৰি প্ৰাণ হেৰুৱালে শ্বিলঙৰ এগৰাকী সাংসদে

ফুটবল খেলি থাকোঁতেই খেলপথাৰতে ঢলি পৰি প্ৰাণ হেৰুৱালে শ্বিলঙৰ এগৰাকী সাংসদে

Advertisment

Also Read....মৰ্মান্তিক ! মৌ-মাখিৰ আক্ৰমণত আম্পায়াৰৰ মৃত্যু

এক মৰ্মান্তিক ঘটনা। ফুটবল খেলিবলৈ গৈ খেলপথাৰতে ঢলি পৰিল শ্বিলঙৰ সাংসদ ৰিকি এণ্ড্ৰু জে চিংকন। শ্বিলঙৰ ৰাজনীতিৰ ক্ষেত্ৰখনত ঘটিল এক কৰুণ ঘটনা। ৰাজ্যখনৰ লোকসভাৰ সাংসদ ড০ ৰিকি এণ্ড্ৰু জে চিংকনৰ আকস্মিক দেহাৱসানে মেঘালয়কে ধৰি সমগ্ৰ উত্তৰ-পূব ভাৰতত শোকৰ ছাঁ পৰিছে। বৃহস্পতিবাৰে সন্ধিয়া মাউলাই মাউয়াং অঞ্চলত বন্ধুবৰ্গৰ সৈতে ফুটবল খেলি আছিল সাংসদগৰাকীয়ে। ফুটবল খেলি থকা অৱস্থাত হঠাৎ হাৰ্ট এটেক হয় আৰু খেলপথাৰতে ঢলি পৰে ৫৪ বছৰীয়া সাংসদগৰাকী। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে প্ৰাণ হেৰুৱায়। 

খেলপথাৰখনত থকা প্ৰত্যক্ষদৰ্শীৰ মতে, খেলৰ সময়ত হঠাতে তেওঁৰ অসুস্থ অনুভৱ হয় আৰু ঢলি পৰে। প্ৰথম অৱস্থাত তেওঁক ততাতয়াকৈ স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় আৰু তাৰপাছত উন্নত চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয়। কিন্তু চিকিৎসকে সাংসদগৰাকীৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে আৰু নিশা ৮:৪২ বজাত তেওঁক মৃত ঘোষণা কৰে।

Also Read...এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ!

সাংসদ ৰিকি এণ্ড্ৰু জে চিংকন কেৱল এগৰাকী ৰাজনীতিবিদে নহয়, মেঘালয়ৰ অতি প্ৰতিভাশালী ব্যক্তিত্ব আছিল। নৰ্থ-ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটীৰ (NEHU) অৰ্থনীতিৰ অধ্যাপকৰ দৰে চাকৰি এৰি আকস্মিকভাৱে ৰাজনীতিত প্ৰৱেশ কৰিছিল।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ ভইচ অৱ দ্য পিপল পাৰ্টিৰ (VPP) সাধাৰণ সম্পাদক হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। আনহাতে, তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল তিনিবাৰৰ হেভিৱেট কংগ্ৰেছৰ সাংসদ ভিনচেণ্ট এইচ পালা। তেওঁক ৩.৭ লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰি ঐতিহাসিক জয় সাৱ্যস্ত কৰিছিল। ইয়াৰ পিছত তেওঁ দিল্লীৰ দৰবাৰত মেঘালয়ৰ বলিষ্ঠ কণ্ঠ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।

Also Read...শক্তি বিভাগৰ আজৱ কাণ্ড। আনহাতে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত টকা নাইকিয়া হোৱাৰ অভিযোগ।


তেওঁৰ আকস্মিক আৰু অকাল মৃত্যুত মেঘালয়কে ধৰি সমগ্ৰ উত্তৰ-পূব ভাৰতত শোকৰ ছাঁ পৰিছে। মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো বিৰোধী দলৰ শীৰ্ষ নেতাই চিকিৎসালয়ত ভিৰ কৰা পৰিলক্ষিত হৈছে। এগৰাকী বিনম্ৰ অধ্যাপকৰ পৰা জনপ্ৰিয় জননেতালৈ এই যাত্ৰাৰ অন্ত পৰাত তেওঁৰ অগণন অনুৰাগী বাকৰুদ্ধ হৈ পৰিছে। কেৱল উত্তৰ-পূব ভাৰততে নহয়, ৰাষ্ট্ৰীয় ৰাজনীতিতো শোকৰ ছাঁ পৰিছে। লোকসভাত তেওঁৰ বহু সতীৰ্থই শোক প্ৰকাশ কৰিছে।

Advertisment
Advertisment