Advertisment

মৰ্মান্তিক ! মৌ-মাখিৰ আক্ৰমণত আম্পায়াৰৰ মৃত্যু

মানুহৰ জীৱনৰ মূল্য কিমান এই ঘটনাটো শুনিলেই আপুনিও আচৰিত হৈ পৰিব। থেলপথাৰত আনন্দ মনেৰে এগৰাকী আম্পায়েৰে খেল পৰিচালনা কৰি আছিল। কিন্তু কোনে জানিছিল এই খেলখনে জীৱনৰ অন্তিম খেল আছিল আম্পায়াৰগৰাকীৰ।

 মৰ্মান্তিক ! মৌ-মাখিৰ আক্ৰমণত আম্পায়াৰৰ মৃত্যু

মৰ্মান্তিক ! মৌ-মাখিৰ আক্ৰমণত আম্পায়াৰৰ মৃত্যু

মানুহৰ জীৱনৰ মূল্য কিমান এই ঘটনাটো শুনিলেই আপুনিও আচৰিত হৈ পৰিব। থেলপথাৰত আনন্দ মনেৰে এগৰাকী আম্পায়াৰে খেল পৰিচালনা কৰি আছিল। কিন্তু কোনে জানিছিল এই খেলখনে জীৱনৰ অন্তিম খেল আছিল আম্পায়াৰগৰাকীৰ। উত্তৰ প্ৰদেশৰ কানপুৰৰ উন্নাও খেলপথাৰত এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। ক্ৰিকেট খেল চলি থকাৰ মাজতেই আম্পায়াৰে কৰুণ মৃত্যুক সাৱটি ল'ব লগা হয়। ঘটনাৰ পাছতেই কানপুৰৰ উন্নাও খেলপথাৰ শোকৰ ছাঁ বিৰাজ কৰে।

Advertisment

Also Read....সংগোপনে সোণাপুৰৰ জুবিন ক্ষেত্ৰ পৰিদৰ্শন প্ৰিয়ংকা গান্ধীৰ ''জুবিন ক্ষেত্ৰ অসমৰ মানুহৰ বাবে এক পৱিত্ৰ ঠাই'' : প্ৰিয়ংকা গান্ধী

কানপুৰৰ উন্নাও ষ্টেডিয়ামত ১৩ বছৰ অনুৰ্ধৰ ল’ৰাৰ ক্ৰিকেট খেল চলি আছিল। ক্ৰিকেট খেলখনত আম্পায়াৰ হিচাপে আছিল ৬৪ বছৰীয়া মাণিক গুপ্তা নামৰ এজন ব্যক্তি। খেল চলি থকাৰ মাজতেই হঠাতে মৌ-মাখিৰ জাকে মাণিক গুপ্তাক আক্ৰমণ কৰে। মৌ-মাখিৰ জাকটো দেখি খেলুৱৈসকলৰ লগতে খেলপথাৰত থকা দৰ্শক সকলে দৌৰি পলায়ন কৰে উক্ত স্থানৰ পৰা। কিন্তু আম্পায়াৰ মাণিক গুপ্তাই বয়সস্থ হোৱাৰ বাবে দৌৰি পলায়ন কৰিব নোৱাৰিলে আৰু তাৰপাছত মৌ-মাখি জাকৰ দংশনত তেওঁ গুৰুতৰভাৱে আহত হয়।

Also Read...বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকাক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোঘণা

তেওঁক লগে লগে প্ৰথমতে এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসালয়তে মাণিক গুপ্তাই প্ৰাণ হেৰুৱায়। প্ৰায় ৩০ বছৰ কানপুৰ ক্ৰিকেট সন্থাৰ সৈতে জড়িত গুপ্তাই বহু গুৰুত্বপূৰ্ণ আঞ্চলিক খেলত আম্পায়াৰ বা অফিচিয়েল হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল। প্ৰাপ্ত খবৰ অনুসৰি মাণিক গুপ্তাক প্ৰায় ১০ মিনিটমান মৌ-মাখিয়ে ঘেৰাও কৰি ৰাখিছিল।

ইয়াৰ পূৰ্বেও কেইবছৰমান আগতে তিৰুৱনন্তপুৰমতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল। ইণ্ডিয়া এ আৰু ইংলেণ্ড লায়ন্সৰ এখন খেলৰ সময়ত মৌ-মাখিয়ে আক্ৰমণ কৰিছিল। মৌ-মাখিৰ বাবে মেচখন কিছু সময়ৰ বাবে বন্ধ কৰি দিব লগা হৈছিল। আহত হৈছিল কেইবাজনো লোক। অৱশ্যে সেই খেলখনত কাৰোৰে প্ৰাণ হানি হোৱা নাছিল।

Also Read...AI ৰ ক্ষেত্ৰক লৈ ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীৰ ডাঙৰ ঘোষণা

Advertisment
Advertisment