Advertisment

AI ৰ ক্ষেত্ৰক লৈ ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীৰ ডাঙৰ ঘোষণা

দেশৰ ৰাজধানী নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হৈ আছে ইণ্ডিয়া AI ইমপেক্ট ছামিট ২০২৬। ভাৰতক AIৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ দৌৰ তীব্ৰতৰ হৈ পৰিছে।

 AI ৰ ক্ষেত্ৰক লৈ ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীৰ ডাঙৰ ঘোষণা Photograph: (DY365)
AI ৰ ক্ষেত্ৰক লৈ ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীৰ ডাঙৰ ঘোষণা Photograph: (DY365)

 AI ৰ ক্ষেত্ৰক লৈ ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীৰ ডাঙৰ ঘোষণা

Also Read...অসমত পুনৰ মৰেল পুলিচিঙৰ ঘটনা

দেশৰ ৰাজধানী নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হৈ আছে ইণ্ডিয়া এ আই ইমপেক্ট ছামিট ২০২৬। ভাৰতক AIৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ দৌৰ তীব্ৰতৰ হৈ পৰিছে। AI  ইমপেক্ট ছামিট ২০২৬ চলি থকাৰ সয়মতেই দেশৰ আগশাৰীৰ উদ্যোগপতিসকলে ডাঙৰ ডাঙৰ ঘোষণা কৰা দেখা গৈছে।

Advertisment

Also Read....ডিব্ৰুগড়ৰ পৰা দিছপুৰ দখলৰ হুংকাৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ।


এইক্ষেত্ৰত দেশৰ ধনী ব্যক্তি তথা ৰিলায়েন্স গ্ৰুপ অফ ইণ্ডাষ্ট্রীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে আগন্তুক সাত বছৰত AI  খণ্ডত ১০ লাখ কোটি টকা বিনিয়োগ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হোৱা ইণ্ডিয়া এ আই ইমপেক্ট ছামিট ২০২৬ত বৃহস্পতিবাৰে অংশগ্ৰহণ কৰা মুকেশ আম্বানীয়ে এই বিনিয়োগৰ কথা ঘোষণা কৰে।

Also Read...সলনি হ'ব আধাৰ কাৰ্ড ! নতুন আধাৰকাৰ্ডৰ ডিজাইন কেনেকুৱা হ'ব ?

কেৱল মুকেশ আম্বানীয়ে নহয় আদানী গোটৰ অধ্যক্ষ গৌতম আদানীয়েও ৮ লাখ কোটিতকৈ অধিক ধন ব্যয় কৰাৰ কথা ঘোষণা কৰিছে। সন্মিলনত ভাষণৰ সময়ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে কয় যে, এ আইৰ সৰ্বশ্রেষ্ঠ ৰূপটো এতিয়াও আহিবলৈ বাকী আছে আৰু ইয়াৰ দ্বাৰা অধিক সমৃদ্ধিৰ যুগৰ সূচনা হ'ব পাৰে। লগতে তেওঁ আৰু ডাঙৰ ঘোষণা কৰি কয় যে ৰিলায়েন্সৰ সৈতে জিঅ'ই ৭ বছৰৰ ভিতৰত এই খণ্ডত ১০ লাখ কোটি টকা বিনিয়োগ কৰিব।

Advertisment
Advertisment