Assameseসংগোপনে সোণাপুৰৰ জুবিন ক্ষেত্ৰ পৰিদৰ্শন প্ৰিয়ংকা গান্ধীৰ ''জুবিন ক্ষেত্ৰ অসমৰ মানুহৰ বাবে এক পৱিত্ৰ ঠাই'' : প্ৰিয়ংকা গান্ধীশুকুৰবাৰে সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত সংগোপনে উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকা গান্ধীক সেই সময়ত সংগ দিয়ে গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছ নেতা সকলে।Estafur Rahman Feb 20, 2026 12:01 ISTসংগোপনে সোণাপুৰৰ জুবিন ক্ষেত্ৰ পৰিদৰ্শন প্ৰিয়ংকা গান্ধীৰAlso Read.....AI ৰ ক্ষেত্ৰক লৈ ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীৰ ডাঙৰ ঘোষণাAdvertismentসোণাপুৰৰ জুবিন ক্ষেত্ৰ পৰিদৰ্শন কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। শুকুৰবাৰে সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত সংগোপনে উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰিয়ংকা গান্ধীয়ে। সোণাপুৰৰ জুবিন ক্ষেত্ৰ সংগোপনে পৰিদৰ্শন কৰি ৰাজীৱ ভৱনত উপস্থিত হৈ সাংবাদিকৰ আগত মন্তব্য কৰি কয়, মই জুবিন গাৰ্গক লৈ কোনোধৰণৰ ৰাজনীতি কৰিব বিচৰা নাই। সেইকাৰণে মই সংগোপনে গৈ শ্ৰদ্ধাঞ্জলি জনালোঁ।জুবিন ক্ষেত্ৰ অসমৰ মানুহৰ বাবে এক পৱিত্ৰ ঠাই বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে শিল্পীগৰাকীৰ স্মৃতি ৰাজনৈতিক সীমাৰেখাৰ ঊৰ্ধ্বত। “জুবিনক লৈ ৰাজনীতি কৰাটো উচিত নহয়। তেওঁ আমাৰ বাবে এক আৱেগ,” বুলিও মন্তব্য কৰে। গান্ধীয়ে কয় যে, জুবিনক হেৰুৱাই অসমৰ প্ৰতিটো ঘৰতে শোকৰ ছাঁ পৰিছিল আৰু সেই সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ মানুহেও অসমৰ দুখ বুজি সহমৰ্মিতা প্ৰকাশ কৰিছিল। তেওঁ জুবিনক “অসমৰ আত্মাৰ কণ্ঠ” বুলি অভিহিত কৰি আৰু কয়, তেওঁৰ সংগীতত অসমৰ সভ্যতা, সংস্কৃতি আৰু পৰিচয় প্ৰতিফলিত হৈছিল। “জুবিনে যিবোৰ মূল্যবোধৰ কথা কৈছিল, আমি সেইবোৰ মূল্যবোধৰ বাবেই যুঁজ কৰি আছোঁ,” বুলিও তেওঁ মন্তব্য কৰে।AdvertismentAlso Read...বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকাক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোঘণাশুকুৰবাৰৰ পুৱাই সোণাপুৰত থকা জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। জুবিনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে কিছু সময় তেওঁ জুবিনৰ সমাধিক্ষেত্ৰত কটায়। প্ৰিয়ংকা গান্ধীক সেই সময়ত সংগ দিয়ে গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছ নেতা সকলে। জুবিনৰ সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ সময়ত প্ৰিয়ংকা গান্ধীক কেইবাগৰাকী স্থানীয় মহিলাইও গামোচাৰে স্বাগতম জনায়।আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰস্তুতিৰ বুজ ল’বলৈ অসমলৈ আহিছে কংগ্ৰেছৰ সাংসদগৰাকী। দুদিনীয়া ভ্ৰমণসুচীৰে অসমত বাহৰ পাতিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। বৃহস্পতিবাৰে পুৱাই গুৱাহাটীত উপস্থিত হয় প্ৰিয়ংকা গান্ধী। উল্লেখযোগ্য যে, অসমৰ ভ্ৰমণসূচীৰ অংশ হিচাপে প্ৰিয়ংকা গান্ধীয়ে বিভিন্ন ৰাজহুৱা সভাত অংশ লোৱাৰ লগতে দলীয় নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়।AdvertismentAlso Read...নিৰ্বাচনৰ ঠিক আগতেই হিতাধিকাৰীক নগদ ধন দিয়া আঁচনিক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰAdvertismentAdvertisment Read the Next Article