Advertisment

টি-২০ ক্ৰিকেটত বিশ্ব অভিলেখ ইংলেণ্ডৰ

ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে আন এক লজ্জাজনক অভিলেখ দক্ষিণ আফ্ৰিকাৰ। ইংলেণ্ডৰ বিৰুদ্ধে মানচেষ্টাৰত অনুষ্ঠিত দ্বিতীয়খন টি-২০ত ধৰাশায়ী হৈ ১৪৬ ৰানৰ ব্যৱধানত পৰাস্ত হয় দক্ষিণ আফ্ৰিকা। টি-২০ ক্ৰিকেটৰ ইতিহাসত এয়া আছিল দক্ষিণ আফ্ৰিকাৰ সৰ্ববৃহৎ পৰাজয়। 

 FILEPHOTO
FILEPHOTO

ইংলেণ্ডৰ বেটিং বিক্ৰমত ধৰাশায়ী দক্ষিণ আফ্ৰিকা

ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে আন এক লজ্জাজনক অভিলেখ দক্ষিণ আফ্ৰিকাৰ। ইংলেণ্ডৰ বিৰুদ্ধে মানচেষ্টাৰত অনুষ্ঠিত দ্বিতীয়খন টি-২০ত ধৰাশায়ী হৈ ১৪৬ ৰানৰ ব্যৱধানত পৰাস্ত হয় দক্ষিণ আফ্ৰিকা। টি-২০ ক্ৰিকেটৰ ইতিহাসত এয়া আছিল দক্ষিণ আফ্ৰিকাৰ সৰ্ববৃহৎ পৰাজয়। 

Advertisment

টি-২০ ক্ৰিকেটক সাধাৰণতে বেটছমেনৰ ফৰ্মেট বুলি কোৱা হয়। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন টি-২০ ত দেখিবলৈ পোৱা গ'ল ইংলেণ্ড বেটাৰৰ বেটিং বিক্ৰম। এফালে ইংলেণ্ড বেটাৰৰ বেটিং বিক্ৰম আনফালে  দক্ষিণ আফ্ৰিকান বেটাৰৰ শোচনীয় প্ৰদৰ্শন।  ইংলেণ্ডে বান্ধি দিয়া ৩০৪ ৰানৰ পাহাৰসম লক্ষ্য অতিক্ৰম কৰিবলৈ আহি দক্ষিণ আফ্ৰিকাই ১৫৮ ৰানতে ইনিংছ সামৰি নিৰ্লজ্জভাৱে পৰাজয় সাব্যস্ত কৰে। 


মানচেষ্টাৰত অনুষ্ঠিত দ্বিতীয়খন টি-২০ত টছত জয়ী হৈ  দক্ষিণ আফ্ৰিকাই প্ৰথমে বলিং কৰাৰ লিদ্ধান্ত লয়। ইংলেণ্ডৰ অপেনাৰ বেটছমেন ফিল ছল্ট আৰু জছ বাটলাৰে ইংলেণ্ডক বিস্ফোৰক আৰম্ভণি দিয়ে। দুয়োগৰাকী অপোনাৰে  দক্ষিণ আফ্ৰিকাৰ বলাৰক ধৰাশায়ী কৰি প্ৰথম উিকেটৰ যুটিত ৭.৫ অভাৰত সংগ্ৰহ কৰে ১২৬ ৰাণ। বাটলাৰে ৩০টা বলত ৮৩ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় যদিও ফিল ছল্টে টি-২০ কেৰিয়াৰৰ চতুৰ্থটো শতক সংগ্ৰহ কৰে। ছল্টে  ১৪১ ৰানৰ অপৰাজিত ইনিংছ খেলাৰ লগতে হেৰী ব্ৰুকৰ ৪১ ৰানৰ সহায়ত দক্ষিণ আফ্ৰিকাৰ সম্মুখত বান্ধি দিয়ে ৩০৪ ৰানৰ পাহাৰসম লক্ষ্য। 


দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ত ইংলেণ্ড দলে টি-২০ ইতিহাসৰ সৰ্বাধিক দলীয় স্কৰৰ অভিলেখ গঢ়িলে।  টি-২০ ক্ৰিকেটৰ ইতিহাসত ৩০০ ৰানৰ দলীয় সীমা অতিক্ৰম কৰা ইংলেণ্ড হৈছে প্ৰথমটো দল। ইয়াৰ পুৰ্বে ২৯৭ ৰানেৰে এই অভিলেখ আছিল টীম ইণ্ডিয়াৰ নামত।  

Advertisment
Advertisment