Advertisment

অস্ত্ৰধাৰী ডকাইতৰ লুটপাত

বৰপেটাৰোডত দিন দুপৰতে সংঘটিত হয় এক ভয়ংকৰ ডকাইতি। বৰপেটাৰোডৰ সেনকো অলংকাৰ নামৰ জুৱেলাৰী প্ৰতিষ্ঠানখনত লুটপাত ডকাইতৰ। ৫ জনীয়া ডকাইতৰ দলে লুটি নিলে প্ৰতিষ্ঠানখনৰ কেইবা কোটি টকাৰ সোণ, ৰূপ আৰু হীৰাৰ অলংকাৰ। 

 অস্ত্ৰধাৰী ডকাইতৰ লুটপাত Photograph: (DY365)
অস্ত্ৰধাৰী ডকাইতৰ লুটপাত Photograph: (DY365)

হিন্দী চিনেমাৰ কায়দাৰে


অস্ত্ৰধাৰী ডকাইতৰ লুটপাত

বৰপেটাৰোডত দিন দুপৰতে সংঘটিত হয় এক ভয়ংকৰ ডকাইতি। বৰপেটাৰোডৰ সেনকো অলংকাৰ নামৰ জুৱেলাৰী প্ৰতিষ্ঠানখনত লুটপাত ডকাইতৰ। ৫ জনীয়া ডকাইতৰ দলে লুটি নিলে প্ৰতিষ্ঠানখনৰ কেইবা কোটি টকাৰ সোণ, ৰূপ আৰু হীৰাৰ অলংকাৰ। 

Advertisment

বৰপেটাৰোডত দিন দুপৰতে অস্ত্ৰধাৰী ডকাইতৰ দলে চলালে লুটপাত। চিনেমাৰ কায়দাৰে বৰপেটাৰোডৰ দুৰ্গাবাৰী ৰোডৰ সেনকো নামৰ জুৱেলাৰীখনৰ পৰা ডকাইতে লুটি লৈ গ'ল কেইবা কোটি টকাৰ সোণ, ৰূপ আৰু হীৰাৰ অলংকাৰ। হাতে হাতে পিষ্টল লৈ অহা ৫টাকৈ ডকাইতে জুৱেলাৰীৰ কৰ্মচাৰীক হাত বান্ধি লৈ লুটপাত চলাই লৈ গ’ল অলংকাৰখিনি। হেলমেট, মুখত মাক্স পৰিহিত হিন্দী ভাষাত কথা কোৱা ডকাইতৰ দলটোৱে CCTVৰ কেমেৰা ভাঙি লৈ যায় হাৰ্ডডিক্স। ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে। 

Also Read: এপাৰ্টমেণ্টৰ কোঠাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ইতিমধ্যে বৰপেটাৰোড আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব এই চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ আঁৰত কোন জড়িত?

Also Read: ফুটবল খেলি থাকোঁতেই খেলপথাৰতে ঢলি পৰি প্ৰাণ হেৰুৱালে শ্বিলঙৰ এগৰাকী সাংসদে

উল্লেখ্য যে, বৰপেটাৰোড থানাৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰৈত অস্ত্ৰধাৰী ডকাইতৰ দলে দিন দুপৰতে লুটপাত চলোৱাকলৈও উত্থাপন হৈ প্ৰশ্নৰ। আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো কিদৰে ডকাইতে জুৱেলাৰীৰ পৰা সোণ, ৰূপৰ অলংকাৰ লৈ উধাও হ'ব পাৰিলে তাক লৈ সচেতন মহলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।   

Advertisment
Advertisment