Assameseআৰম্ভ হ'ল পৱিত্ৰ ৰমজান মাহলাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে সুখবৰ। আজিৰে পৰা আৰম্ভ হ'ল পৱিত্ৰ ৰমজান মাহ। ৰমজানৰ ৰোজাক লৈ মুছলমান লোকৰ মাজত ব্যাপক উছাহ। দেশৰ লগতে অসমতো দেখা গ’ল ৰমজান মাহৰ জোন। Bandita Saikia Feb 19, 2026 09:00 ISTলাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে সু-খবৰ।আৰম্ভ হ'ল পৱিত্ৰ ৰমজান মাহআজিৰে পৰা আৰম্ভ হ'ল ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহ। ৰমজানৰ ৰোজাক লৈ মুছলমান লোকৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উছাহ। বিশ্বৰ কোটি কোটি মুছলমান লোক সাজু হৈছে ৰোজাৰ পালনৰ বাবে।AdvertismentRead more: ১৫ লাভ ভোটত পৰাস্ত হ’ব ৰকিবুল হুছেইন, চেলেঞ্জ আজমলৰধৰ্মীয় পৰম্পৰাৰে অসমতো চোকে-কূণে ৰমজান পালনৰ বাবে সাজু হৈছে মুছলমান লোকক। সমগ্ৰ দেশৰ লগতে অসমতো দেখা গ’ল ৰমজান মাহৰ জোন। এই সন্দৰ্ভত কেন্দ্ৰীয় হিলাল কমিটী অসমে ঘোষণা কৰিলে ৰমজানৰ দিন। অসমবাসী ৰাইজলৈ ৰমজানৰ শুভেচ্ছা কেন্দ্ৰীয় হিলাল কমিটীৰ তৰফৰ পৰা। আজিৰে পৰা প্ৰতিগৰাকী মুছলমানে পালন কৰিব ৰোজাৰ চেহেৰী-ইফটাৰ।Read more:কংগ্ৰেছত আছে পত্ৰ লিখা বিধায়ক, ক্ষোভ ৰেজাউলৰউল্লেখযোগ্য যে ইছলাম ধৰ্মত জোনৰ ভিত্তিতেই মাহ গণনা কৰা হয়। জোন দেখাৰ পিছদিনাৰ পৰাই আৰম্ভ হয় ৰোজা। ৰমজান মাহত ৰোজাদাৰসকলে আজানৰ পূৰ্বে 'চেহেৰী' গ্ৰহণ কৰে আৰু সূৰ্যাস্তৰৰ পিছত 'ইফতাৰৰ' জৰিয়েত ৰোজা ভংগ কৰে। এই মাহত ৫ নামাজৰ লগতে বিশেষ তাৰাৱীহ নামাজ আদায় কৰা হয়। খাদ্য, পানৰ লগতে অন্যান্য দৈহিক কামৰ আৱদ্ধতা ত্য়াগ কৰি আত্ম উন্নতিৰ বাবে ৰমজান মাহত ৰোজা পালন কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।ভাৰতৰ বিভিন্ন মছজিদ সমূহত তাৰাৱীহ নামাজ, কোৰাণ পাঠ আদিৰ লগতে বিভিন্ন দান দিয়া কাৰ্য বৃদ্ধি পাই ৰমজান মাহত। ৰোজা পালন কৰাৰ পাছতেই মুছলমান লোকসকলে পৰিয়াল, বন্ধুৰে মিলিত হয় ইফতাৰৰ সময়ত। ৰমজান মাহত মুছলমান লোকৰ মাজত সামাজিক একতা বৃদ্ধি হয়। ইছলাম ধৰ্মৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হিচাপে পালন কৰা ৰমজান মাহ। AdvertismentAdvertisment Read the Next Article