Advertisment

অসুৰ, দানৱবোৰ বধ হওক: গৰিমা শইকীয়া গাৰ্গ

ৰাজ্যিক কেবিনেট বৈঠকত জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ ফাষ্টট্ৰেক আদালতত চলাৰ সিদ্ধান্তৰ পিছতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য।

 অসুৰ, দানৱবোৰ বধ হওক: গৰিমা শইকীয়া গাৰ্গ Photograph: (DY365)
অসুৰ, দানৱবোৰ বধ হওক: গৰিমা শইকীয়া গাৰ্গ Photograph: (DY365)

অসুৰ, দানৱবোৰ বধ হওক: গৰিমা শইকীয়া গাৰ্গ


‘গোচৰটোৰ শুনানি ক্ষিপ্ৰতাৰে ফাষ্টট্ৰেক আদালতত হোৱাটো আমি বিচাৰিছিলো’

বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেট বৈঠকত জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰটো দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট ট্রেক আদালত গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ ফাষ্টট্ৰেক আদালতত চলাৰ সিদ্ধান্তৰ পিছতে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সংবাদমাধ্যমৰ আগত মন্তব্য কৰা পৰিলক্ষিত হয়। 

Advertisment

Also Read: টি-২০ বিশ্বকাপৰ মাজতে পিতৃহাৰা হ’ল ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিং

কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য-

‘গোচৰটোৰ শুনানি ক্ষিপ্ৰতাৰে ফাষ্টট্ৰেক আদালতত হোৱাটো আমি বিচাৰিছিলো’
‘৩ মাহৰ ভিতৰত SITএ চাৰ্জশ্বীট দাখিল কৰি গোচৰটো সঠিকভাৱে আগবঢ়াই নিছে’
‘সঠিকভাৱে গোচৰৰ শুনানি চলিলে প্ৰকৃত ঘটনা পোহৰলৈ আহিব’
‘জুবিনক ভালপোৱা কোনেও নিবিচাৰে অভিযুক্তই জামিন পাওক’
অসুৰ, দানৱবোৰ এতিয়া বধ হওক: গৰিমা শইকীয়া গাৰ্গ
‘যদি জুবিনেই ন্যায় নাপায়, ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা হেৰুৱাব ৰাইজে’
‘মহাবীৰ একুৱাই কেনেকৈ মুকলিৰ বাবে অনুমতি পালে, সেয়া আমাৰ বাবে প্ৰশ্ন’
‘জুবিনৰ ১.১০ কোটি টকা সিদ্ধাৰ্থই বিনিয়োগ কৰাৰ কথা চাৰ্জশ্বীটত লিখা হৈছিল’
‘ইমানখিনি টকা সিদ্ধাৰ্থৰ নাই বুলি মই ভাবো, গতিকে এই টকাখিনি জুবিনৰে’
জুবিন ক্ষেত্ৰ নিৰ্মাণ সন্দৰ্ভতো প্ৰতিক্ৰিয়া গৰিমা শইকীয়া গাৰ্গৰ
‘সমাধি নিৰ্মাণৰ ক্ষেত্ৰত আমাক একো জনোৱা নাই চৰকাৰে’
‘বাৰিষাৰ পূৰ্বে নিৰ্মাণকাৰ্য নকৰিলে পিছলৈ ঠাইখিনিৰ পৰিৱেশ বেয়া হ’‍ব’

Advertisment
Advertisment