Advertisment

টি-২০ বিশ্বকাপৰ মাজতে পিতৃহাৰা হ’ল ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিং

টি-২০ বিশ্বকাপৰ মাজতে ভাৰতীয় ক্ৰিকেট দলত শোকৰ ছাঁ। ক্ৰিকেটাৰ ৰিংকু সিঙৰ পৰিয়ালত গভীৰ শোকৰ ছাঁ। পিতৃ খানচান্দ সিঙক হেৰুৱালে ৰিংকুৱে। গ্ৰেটাৰ নয়ডাৰ এখন চিকিৎসালয়ত প্ৰাণ হেৰুৱাই খানচান্দ সিঙে

 Photograph: (time times of india)
Photograph: (time times of india)

টি-২০ বিশ্বকাপৰ মাজতে ভাৰতীয় ক্ৰিকেট দলত শোকৰ ছাঁ।

Also Read.....জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ সিদ্ধান্ত

Advertisment

ক্ৰিকেটাৰ ৰিংকু সিঙৰ পৰিয়ালত গভীৰ শোকৰ ছাঁ। পিতৃ খানচান্দ সিঙক হেৰুৱালে ৰিংকুৱে। দীৰ্ঘদিন ধৰি খানচান্দ সিং লিভাৰৰ কেন্সাৰৰ সৈতে যুঁজি আছিল। গ্ৰেটাৰ নয়ডাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৰিংকুৰ পিতৃ খানচান্দ সিঙ ।


পৰিয়ালৰ সূত্ৰ অনুসৰি, খানচান্দ সিঙ ষ্টেজ ৪ লিভাৰ কেন্সাৰত আক্ৰান্ত হৈ আছিল। যোৱা কেইদিনমানত তেওঁৰ শাৰীৰিক অৱস্থা দ্ৰুতগতিত অৱনতি ঘটিছিল।  ভেণ্টিলেটৰত ৰাখি ‘ৰেনাল ৰিপ্লেচমেণ্ট থেৰাপী’ৰ জৰিয়তে সুস্থ কৰি ৰখাৰ প্ৰচেষ্টা চলোৱা হৈছিল। চিকিৎসকৰ তীক্ষ্ণ নজৰত থাকিলেও অৱশেষত প্ৰাণ হেৰুৱাব লগা হ'ল খানচান্দ সিঙে।

এই খবৰে দেশবাসীৰ লগতে ভাৰতীয় ক্ৰিকেট দলত শোকৰ ছাঁ পৰে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত জিম্বাবু'ৱেৰ বিৰুদ্ধে খেলাৰ পূৰ্বে ৰিংকু সিঙে হঠাৎ দলৰ শিবিৰ এৰি ঘৰলৈ উভতি আহিব লগা হৈছিল। পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক জৰুৰীকালীন ভিত্তিত মাতি অনা হৈছিল।

Advertisment

Also Read...ৰশ্মিকা মণ্ডান্নাৰ পাণি গ্ৰহণ কৰিলে বিজয় দেৱৰকোণ্ডাই

ৰিংকুৱে পিতৃক সাক্ষাৎ কৰিয়ে খৰধৰকৈ চেন্নাইলৈ পুনৰ  উভতি আহিব লগা হয় । কিন্তু টিম মেনেজমেন্টে ভাৰতীয় দলৰ একাদশত কিছু সাল সলনি আনে।  সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন দলটোৱে জিম্বাবু'ৱেৰ বিৰুদ্ধে আৰম্ভণি একাদশত দুজন খেলুৱৈৰ পৰিৱৰ্তন কৰিছিল, যাৰ বাবে ৰিংকুৱে দলত স্থান নাপালে।

যিহেতু জিম্বাবু'ৱেৰ বিৰুদ্ধে ভাৰতীয় দলৰ খেলখন অধিক গুৰুত্বপূৰ্ণ আছিল। আৰু যাৰ বাবে অ’পেনাৰ হিচাপে সঞ্জু চেমছনক ঘূৰাই অনা হয়। লগতে  ৱাশ্বিংটন সুন্দৰৰ ঠাইত অক্ষৰ পেটেলে স্থান লাভ কৰে।  ইপিনে, ভাৰতীয় দলটো এতিয়া কলকাতালৈ গৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এখন গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হ’ব। এই মেচখনৰ বিজয়ীয়ে দক্ষিণ আফ্ৰিকাৰ সৈতে ছেমি ফাইনেলত স্থান লাভ কৰিব।

পৰৱৰ্তী খেলসমূহত ৰিংকু সিঙে স্থান লাভ কৰিব নে নাই এতিয়াও বিচিচিআইয়ে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। হয়তো আজিৰ দিনটোৰ ভিতৰত এই সন্দৰ্ভত  বিচিচিআইয়ে স্পষ্ট কৰিব। 

Advertisment

Also Read...ভূপেন বৰা চালানী!

Advertisment
Advertisment