Advertisment

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত বৃহৎ জয় টীম ইণ্ডিয়াৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত বৃহৎ জয় টীম ইণ্ডিয়াৰ। ভাৰতীয় বলাৰৰ বলিং বিক্ৰমৰ দিশহাৰা হৈ দ্বিতীয় ইনিংছত  ১৪৬ ৰাণতে ইনিংছ সামৰে ৱেষ্ট ইণ্ডিজে। দ্বিতীয় ইনিংছতো ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছিৰাজৰ বলিং বিক্ৰমত বিধ্বস্ত হয় কেৰিবিয়ান বাহিনী।

 Filephoto
Filephoto

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত বৃহৎ জয় টীম ইণ্ডিয়াৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত বৃহৎ জয় টীম ইণ্ডিয়াৰ। ভাৰতীয় বলাৰৰ বলিং বিক্ৰমৰ দিশহাৰা হৈ দ্বিতীয় ইনিংছত  ১৪৬ ৰাণতে ইনিংছ সামৰে ৱেষ্ট ইণ্ডিজে। কে এল ৰাহুল, ধ্ৰুৱ জুৰেল, আৰু ৰবীন্দ্ৰ জাদেজাৰ শতকৰ পাছত ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছিৰাজৰ বলিং বিক্ৰমত বিধ্বস্ত হয় কেৰিবিয়ান বাহিনী।

Advertisment

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ দুয়োটা ইনিংছতে সম্পূৰ্ণৰূপে বিফল হয় ৱেষ্ট ইণ্ডিজ বেটাৰ। ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছত ১৬২ ৰানৰ প্ৰত্যুত্তৰত ৫ উইকেটৰ বিনিময়ত ৪৪৮ ৰানৰ ইনিংছ ঘোষণা কৰিছিল টীম ইণ্ডিয়াই। প্ৰত্য়ুত্তৰত  দ্বিতীয় ইনিংছতো ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত বলিঙত তিষ্ঠিব নোৱাৰি  ১৪৬ ৰানৰ ইনিংছ সামৰি ইনিংছ আৰু ১৪০ ৰানৰ বৃহত ব্যৱধানত পৰাজয় স্বীকাৰ কৰে কেৰিবিয়ান বাহিনীয়ে। 

আহমেদাবাদৰ প্ৰথমখন টেষ্টত টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লৈছিল কেৰিবিয়ান অধিনায়ক ৰষ্টন চেজে। প্ৰথমে বেচিং কৰিবলৈ আহি ৱেষ্ট ইণ্ডিজে মাত্ৰ ১৬২ ৰানহে কৰিবলৈ সক্ষম হয়। ৱেষ্ট ইণ্ডিজৰ হৈ জাষ্টিন গ্ৰীভছে ৩২,  শ্বাই হোপে ২৬ আৰু ৰষ্টন চেজে ২৪ ৰান সংগ্ৰহ কৰে। টীম ইণ্ডিয়াৰ হৈ মহম্মদ চিৰাজে  ৪টা, যশপ্ৰীত বুমৰাহে ৩টা, কুলদীপ যাদৱে ২টা আৰু  ৱাশ্বিংটন সুন্দৰে ১টা উইকেট দখল কৰে।

ৱেষ্ট ইণ্ডিজৰ ১৬২ ৰানৰ 
প্ৰত্য়ুত্তৰত প্ৰথম ইনিংছত  টীম ইণ্ডিয়াক সুন্দৰ আৰম্ভণি দিয়ে অপেনাৰ কে এল ৰাহুল আৰু যশস্বী জয়ছোৱালে। দুয়োজনে প্ৰথম ইনিংছৰ যুঁটিত  ৬৮ ৰান সংগ্ৰহ কৰে। জয়ছোৱালে ব্যক্তিগত ৩৬ ৰানত আউট হয় যদিও কে এল ৰাহুল আজি টেষ্ট কেৰিয়াৰৰ ১১ সংখ্যক শতক অৰ্জন কৰে। ৰাহুলৰ লগতে শতক অৰ্জন কৰে উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেল আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই। অধিনায়ক শুভমন গিলেও ৫০ ৰানৰ অৰিহনা আগবঢ়ায়। তিনিওজন বেটাৰৰ শতকৰ সহায়ত টীম ইণ্ডিয়াই ৫ উইকেটৰ বিনিময়ত ৪৪৮ ৰানৰ ইনিংছ ঘোষণা কৰে। 

২৮৬ ৰানত পিছ পৰি থকা ৱেষ্ট ইণ্ডিজৰ বেটিং লাইনআপ দ্বিতীয় ইনিংছতো টাচপাতৰ দৰে খহি পৰে।  দ্বিতীয় ইনিংছতো ৱেষ্ট ইণ্ডিজে মাত্ৰ ১৪৬ ৰানহে সংগ্ৰহ কৰিবলৈ স৭ম হয়। ৱেষ্ট ইণ্ডিজৰ হৈ এলিক আথানাজে সৰ্বাধিক ৩৮, জাষ্টিন গ্ৰেভছে ২৫ আৰু জেডেন ছিলছে ২২ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাডেজাই সৰ্বাধিক ৪টা উইকেট দখল কৰাৰ লগতে  মহম্মদ ছিৰাজে ৩টা, কুলদ্বীপ যাদৱে ২টা আৰু  ৱাশ্বিংটন সুন্দৰে ১টা উইকেট দখল কৰে ।

প্ৰথম ইনিংছত অপৰাজিত শতকীয় ইনিংছৰ লগতে দ্বিতীয় ইনিংছত ৪টা উইকেট দখল কৰা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই লাভ কৰে মেন অৱ দা মেচৰ সন্মান। এই জয়েৰে টীম ইণ্ডিয়াই টেষ্ট শৃংখলাটোত ১-০ ত অগ্ৰগতি লাভ কৰে। 

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত বৃহৎ জয় টীম ইণ্ডিয়াৰ। ভাৰতীয় বলাৰৰ বলিং বিক্ৰমৰ দিশহাৰা হৈ দ্বিতীয় ইনিংছত  ১৪৬ ৰাণতে ইনিংছ সামৰে ৱেষ্ট ইণ্ডিজে। কে এল ৰাহুল, ধ্ৰুৱ জুৰেল, আৰু ৰবীন্দ্ৰ জাদেজাৰ শতকৰ পাছত ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছিৰাজৰ বলিং বিক্ৰমত বিধ্বস্ত হয় কেৰিবিয়ান বাহিনী।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ দুয়োটা ইনিংছতে সম্পূৰ্ণৰূপে বিফল হয় ৱেষ্ট ইণ্ডিজ বেটাৰ। ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছত ১৬২ ৰানৰ প্ৰত্যুত্তৰত ৫ উইকেটৰ বিনিময়ত ৪৪৮ ৰানৰ ইনিংছ ঘোষণা কৰিছিল টীম ইণ্ডিয়াই। প্ৰত্য়ুত্তৰত  দ্বিতীয় ইনিংছতো ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত বলিঙত তিষ্ঠিব নোৱাৰি  ১৪৬ ৰানৰ ইনিংছ সামৰি ইনিংছ আৰু ১৪০ ৰানৰ বৃহত ব্যৱধানত পৰাজয় স্বীকাৰ কৰে কেৰিবিয়ান বাহিনীয়ে। 

আহমেদাবাদৰ প্ৰথমখন টেষ্টত টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লৈছিল কেৰিবিয়ান অধিনায়ক ৰষ্টন চেজে। প্ৰথমে বেচিং কৰিবলৈ আহি ৱেষ্ট ইণ্ডিজে মাত্ৰ ১৬২ ৰানহে কৰিবলৈ সক্ষম হয়। ৱেষ্ট ইণ্ডিজৰ হৈ জাষ্টিন গ্ৰীভছে ৩২,  শ্বাই হোপে ২৬ আৰু ৰষ্টন চেজে ২৪ ৰান সংগ্ৰহ কৰে। টীম ইণ্ডিয়াৰ হৈ মহম্মদ চিৰাজে  ৪টা, যশপ্ৰীত বুমৰাহে ৩টা, কুলদীপ যাদৱে ২টা আৰু  ৱাশ্বিংটন সুন্দৰে ১টা উইকেট দখল কৰে।

ৱেষ্ট ইণ্ডিজৰ ১৬২ ৰানৰ প্ৰত্য়ুত্তৰত প্ৰথম ইনিংছত  টীম ইণ্ডিয়াক সুন্দৰ আৰম্ভণি দিয়ে অপেনাৰ কে এল ৰাহুল আৰু যশস্বী জয়ছোৱালে। দুয়োজনে প্ৰথম ইনিংছৰ যুঁটিত  ৬৮ ৰান সংগ্ৰহ কৰে। জয়ছোৱালে ব্যক্তিগত ৩৬ ৰানত আউট হয় যদিও কে এল ৰাহুল আজি টেষ্ট কেৰিয়াৰৰ ১১ সংখ্যক শতক অৰ্জন কৰে। ৰাহুলৰ লগতে শতক অৰ্জন কৰে উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেল আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই। অধিনায়ক শুভমন গিলেও ৫০ ৰানৰ অৰিহনা আগবঢ়ায়। তিনিওজন বেটাৰৰ শতকৰ সহায়ত টীম ইণ্ডিয়াই ৫ উইকেটৰ বিনিময়ত ৪৪৮ ৰানৰ ইনিংছ ঘোষণা কৰে। 