Assameseৰশ্মিকা মণ্ডান্নাৰ পাণি গ্ৰহণ কৰিলে বিজয় দেৱৰকোণ্ডাইবহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত বিবাহ পাশত আৱদ্ধ হ'ল দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্না আৰু অভিনেতা দেৱৰকোণ্ডাই। উদয়পুৰত ৰাজকীয় শৈলীত পৰিয়ালৰ লগতে ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত বিবাহপাশত আৱদ্ধ হ'ল দম্পতীটো। Estafur Rahman Feb 26, 2026 21:54 ISTPhotograph: (national media)বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত বিবাহপাশত আৱদ্ধ হ'ল দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্না আৰু অভিনেতা দেৱৰকোণ্ডাই।AdvertismentAlso read....ভূপেন বৰা চালানী!উদয়পুৰত ৰাজকীয় শৈলীত পৰিয়ালৰ লগতে ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত বিবাহপাশত আৱদ্ধ হ'ল দম্পতীহালে। দক্ষিণ আৰু বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মণ্ডান্না আৰু বিজয় দেৱৰকোণ্ডা এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছিল। তেওঁলোকৰ বিবাহক লৈ অনুৰাগীৰ মাজত চলিছিলি ব্যাপক চৰ্চা। ২৬ তাৰিখটোক লৈ যেন কোটি কোটি অনুৰাগীয়ে অপেক্ষাৰে ৰৈ আছিল। আৰু অৱশেষত ইনষ্টাগ্ৰামত ৰশ্মিকা মণ্ডান্নাই তেওঁলোকৰ বিবাহৰ প্ৰথমখন ফটো শ্বেয়াৰ কৰি লিখিছে, আহক এতিয়া আপোনালোকৰ লগত চিনাকি কৰাই দিও “মোৰ স্বামী” মিষ্টাৰ বিজয় দেৱৰকোণ্ডা ডাঙৰীয়া। যিজন মানুহে মোক শিকাইছিল প্ৰকৃত প্ৰেমৰ অনুভৱ কেনেকুৱা হয়, যিজন মানুহে মোক শিকাইছিল শান্তিত থকাৰ অনুভৱ কেনেকুৱা হয়। যিজন মানুহে মোক শিকাইছিল সদায় ডাঙৰ সোপন দেখিব লাগে আৰু মোক বিশ্বাস দিছিল মই ভবাতকৈ বহুগুণ ওপৰত সকলো কাম কৰিব পাৰো বুলি। যিজন মানুহে মোক বুজাইছিল বন্ধুৰ লগত ভ্ৰমণ কৰা পৃথিৱীৰ আটাইতকৈ ডাঙৰ সুখ বুলি''। সঁচা কথা কবলৈ গ'লে মই মোৰ স্বামীৰ ওপৰত এখন কিতাপ লিখিব পাৰো। মই আজি য'ত আছো, সেইখিনি পাবলৈ মই সদায় সপোন দেখি আছিলো, আজি সেইখিনি নাম পাবলৈ সক্ষম হৈছো কেৱল তেওঁৰ বাবে কাৰণ সকলো সময়তে তেওঁ মোৰ লগত আছিল। মই সঁচাকৈ বহুত সুখী হয় আজি। Also read...হত্যাকাণ্ডৰে জড়িত ৩ দোষীক যাৱজ্জীৱন কাৰাদণ্ডলগতে আৰু লিখিছে, 'বিজ্জু তোমাৰ কাৰণে মই যি অনুভৱ কৰো সেয়া মই শব্দৰে বুজাব নোৱাৰো। এতিয়াৰে পৰা মোৰ সকলো সুখ-দুখ, জীৱন,সংগ্ৰাম, সকলোৰে গুৰুত্ব বহুত কাৰণ এতিয়া তুমি মোৰ লগত আছা। মই ইমানেই, ইমানেই উৎসাহিত যে তোমাৰ পত্নী হ'বলৈ, তোমাৰ পত্নী বুলি নিজেক পৰিচয় দিবলৈ পাই'।AdvertismentAlso read...ভাগিনৰ হাতত প্ৰাণ গ'ল মোমায়েকৰ !ৰশ্মিকা মণ্ডান্নাই সামাজিক মাধ্যমত তেওঁলোকৰ বিবাহৰ প্ৰথমখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি নিজৰ মনৰ কথা অৱগত কৰে ফেন সকলক । AdvertismentAdvertisment Read the Next Article