Assameseহত্যাকাণ্ডৰে জড়িত ৩ দোষীক যাৱজ্জীৱন কাৰাদণ্ডকাছাৰৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। হত্যাৰ অভিযোগত অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহে আদালতে। কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাকৈ জৰিমনা বিহে আদালতে। Jyotiprasad Sarma Feb 26, 2026 18:20 ISTহত্যাকাণ্ডৰে জড়িত ৩ দোষীক যাৱজ্জীৱন কাৰাদণ্ড Photograph: (DY365)২১ বছৰৰ অপেক্ষাৰ অন্তত ন্যায়হত্যাকাণ্ডৰে জড়িত ৩ দোষীক যাৱজ্জীৱন কাৰাদণ্ডকাছাৰৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। হত্যাৰ অভিযোগত অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহে আদালতে। কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাকৈ জৰিমনা বিহে আদালতে। Advertismentশিলচৰৰ মুন্না মজুমদাৰ হত্যাকাণ্ডৰ ২১ বছৰৰ অপেক্ষাৰ অন্তত ন্যায় পালে মুন্না মজুমদাৰৰ পৰিয়ালে। লোমহৰ্ষক হত্যাকাণ্ডৰে জড়িত ৩ দোষীক যাৱজ্জীৱন কাৰাদণ্ড বিহে আদালতে। অভিযুক্ত ৰিংকু দেৱ, ৰতন দেৱনাথ, ধনৰাজ খুৰানাক কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাকৈ জৰিমনা বিহিলে আদালতে। কাছাৰৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে প্ৰদান কৰিলে এই ঐতিহাসিক ৰায়দান। ২০০৪ চনতে শিলচৰত সংঘটিত হৈছিল এই ভয়ংকৰ হত্যাকাণ্ড। শিলচৰৰ শিৱ কলনী এলেকাৰ বাসিন্দা মুন্না মজুমদাৰ নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছিল শিলচৰ মেডিকেল কলেজ হাস্পতালত। Also Read: মানাহ উইণ্টাৰ ফেষ্টিভেলঘটনাৰ বিৱৰণ অনুসৰি, ধনৰাজ খুৰানা শিলচৰৰ জানীগঞ্জ এলেকাৰ বাসিন্দা আৰু চহৰৰ 'খুৰানা টেক্সটাইল' নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী। ৰিংকু দেৱ আৰু ৰতন দেৱনাথ ধনৰাজৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰী আছিল আৰু দুয়োৰে ঘৰ উধাৰবন্দত। মৃত মুন্না মজুমদাৰো আছিল ধনৰাজৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰী। ২০০৪ চনৰ ৫ নৱেম্বৰত পৰিয়ালৰ লোক আৰু চুবুৰীয়াই শিলচৰ মেডিকেল কলেজ হাস্পতালত মুন্নাৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। এই সন্দৰ্ভত মুন্নাৰ ভগ্নী ৰত্না মজুমদাৰে শিলচৰ সদৰ থানাত ধনৰাজ, ৰিংকু আৰু ৰতনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছিল। অভিযোগ আছিল যে অভিযুক্ত তিনিওজনে মুন্না মজুমদাৰক হত্যা কৰি মেডিকেল কলেজল লৈ আহিছিল। AdvertismentAlso Read: ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰ থকা প্ৰথমজন বিশ্বনেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীমৃতকৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই আদালতত অভিযোগনামা দাখিল কৰে। দীঘ প্ৰায় ২১ বছৰ আদালতত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত বুধবাৰে আদালতে ৰায়দান ঘোষণা কৰে। আদালতত ধনৰাজ, ৰতন আৰু ৰিংকুক ভাৰতীয় দণ্ডবিধিৰ ৩০২/৩৪ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে প্ৰতিগৰাকীক ২০ হাজাৰ টকাকৈ জৰিমনা বিহে। জৰিমনা অনাদায়ে তেওঁলোকে অতিৰিক্ত ৬ মাহ কাৰাবাস খাটিব লাগিব। আদালতৰ এই ৰায়দানৰ পাছত হত্যাকাৰী তিনিওকে প্ৰেৰণ কৰা হয় শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ।AdvertismentAdvertisment Read the Next Article