Advertisment

সম্পত্তিৰ অধিকাৰক লৈ উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান

সম্পত্তি বিবাদৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়দান দিল্লী উচ্চ ন্যায়ালয়ৰ। 'হিন্দু উত্তৰাধিকাৰ আইন 1956' অনুসৰি ককাক-আইতাকৰ মৃত্যুৰ পিছত তেওঁলোকৰ সম্পত্তি কেৱল মাত্ৰ তেওঁলোকৰ সন্তানৰ হাতলৈ যায়।

 FILEPHOTO
FILEPHOTO

সম্পত্তিৰ অধিকাৰক লৈ উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান

সম্পত্তি বিবাদৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়দান দিল্লী উচ্চ ন্যায়ালয়ৰ। আদালতে ককাক-আইতাকৰ সম্পত্তিৰ এক চতুৰ্থাংশ অংশীদাৰিত্ব দাবীৰে এগৰাকী যুৱতীয়ে তৰা গোচৰ খাৰিজ কৰি স্পষ্ট কৰি দিয়ে যে যেতিয়ালৈকে পিতৃ-মাতৃ জীয়াই আছে তেতিয়ালৈকে নাতি-নাতিনীয়ে ককা-আইতাৰ সম্পত্তিৰ অংশীদাৰিত্ব লাভ কৰিব নোৱাৰে।

Advertisment

আদালতৰ ৰায় মতে 'হিন্দু উত্তৰাধিকাৰ আইন 1956' অনুসৰি ককাক-আইতাকৰ মৃত্যুৰ পিছত তেওঁলোকৰ সম্পত্তি কেৱল মাত্ৰ তেওঁলোকৰ সন্তানৰ হাতলৈ যায়। আবেদন খাৰিজ কৰাৰ সময়ত ন্যায়াধীশ পুৰুষেন্দ্ৰ কুমাৰ কৌৰৱৰ বিচাৰপীঠে কয় যে ১৯৫৬ চনৰ পিছত ককা-আইতাৰ পৰা সন্তানে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা সম্পত্তি পূৰ্বপুৰুষৰ নহয়, বৰঞ্চ তেওঁলোকৰ ব্যক্তিগত সম্পত্তি বুলি গণ্য কৰা হয়। গতিকে সেই সম্পত্তিত নাতি-নাতিনীৰ কোনো স্বয়ংক্ৰিয় অধিকাৰ নাই। গতিকে ৰায়দান কৰাৰ সময়ত আদালতে আৱেদনকাৰীৰ দাবীক অবৈধ বুলি অভিহিত কৰি নাকচ কৰে। 

হিন্দু উত্তৰাধিকাৰ আইন ১৯৫৬ত ভাৰতৰ হিন্দু, বৌদ্ধ, জৈন আৰু শিখসকলৰ সম্পত্তিৰ উত্তৰাধিকাৰৰ নিয়ম নিৰ্ধাৰণ কৰা হৈছে। এই আইন অনুসৰি যদি কোনো হিন্দু পুৰুষে উইল অবিহনে মৃত্যুবৰণ কৰে তেন্তে তেওঁৰ সম্পত্তি প্ৰথমে ১ম শ্ৰেণীৰ উত্তৰাধিকাৰীৰ হাতলৈ যায়।

১ম শ্ৰেণীৰ উত্তৰাধিকাৰীসকলৰ ভিতৰত আছে পূৰ্বমৃত পুত্ৰৰ পুত্ৰ, কন্যা, বিধৱা, মাতৃ, পুত্ৰ আৰু কন্যা, পূৰ্বমৃত কন্যাৰ পুত্ৰ আৰু কন্যা, আৰু আন কিছুমান ঘনিষ্ঠ আত্মীয়। বিশেষ কথাটো হ’ল নাতি-নাতিনীয়ে প্ৰত্যক্ষ অধিকাৰ লাভ কৰে পিতৃ-মাতৃৰ মৃত্যু হ’লেহে, নহ’লে ককা-আইতাৰ সম্পত্তি প্ৰথমে সন্তান অৰ্থাৎ পিতৃ-মাতৃৰ হাতলৈ যায়।