Advertisment

মানাহ উইণ্টাৰ ফেষ্টিভেল

ভূটানৰ পাণবাঙত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক মানাহ উইণ্টাৰ ফেষ্টিভেল। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ফেষ্টিভেলত অগণিত পৰ্যটকৰ অংশগ্ৰহণ। ভূটানৰ পৰম্পৰাগত খাদ্য, গীত-মাত, সংস্কৃতি প্ৰদৰ্শন।

 মানাহ উইণ্টাৰ ফেষ্টিভেল Photograph: (DY365)
মানাহ উইণ্টাৰ ফেষ্টিভেল Photograph: (DY365)

মানাহ উইণ্টাৰ ফেষ্টিভেল


নৃত্য-গীত, খাদ্য, পোছাকৰ পৰা সংস্কৃতিৰ মেটমৰা সম্ভাৰ 

ভূটানৰ পাণবাঙত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক মানাহ উইণ্টাৰ ফেষ্টিভেল। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ফেষ্টিভেলত অগণিত পৰ্যটকৰ অংশগ্ৰহণ। ভূটানৰ পৰম্পৰাগত খাদ্য, গীত-মাত, সংস্কৃতি প্ৰদৰ্শন।

Advertisment

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে থকা ভূটান ৰাষ্ট্ৰৰ পাণবাঙত দ্বিতীয় বৰ্ষৰ বাবে আয়োজন কৰা হ'ল মানাহ উইণ্টাৰ ফেষ্টিভেল। অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে আৱৰা পাণবাঙত ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় এই শীতকালীন মহোৎসৱ। এই ফেষ্টিভেলৰ মূল উদ্দেশ্যে হ'ল ভূটানৰ পৰ্যটনক্ষেত্ৰৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা। উল্লেখযোগ্য যে, ভূটানৰ ৰজা জিগমে খেছাৰ নামগালে ৱাংচুকৰ জন্মদিনৰ লগত সংগতি ৰাখিও উদযাপন কৰা হৈছিল এই ফেষ্টিভেলৰ। 

প্লাষ্টিকৰ ব্যৱহাৰ নকৰাকৈ সম্পূৰ্ণ প্ৰাকৃতিকভাৱে ফেষ্টিভেলস্থলীত কলৰ পাত, বাঁহ-বেতেৰে নিৰ্মাণ কৰা বিভিন্ন ঘৰ আৰু বিপণীসমূহৰ যোগেদি ভূটীয়াসকলৰ পূৰ্বপুৰুষসকলে আজিৰ পৰা ৩৫-৪০ বছৰ পূৰ্বে কেনেদৰে প্ৰাকৃতিক পৰিৱেশত প্ৰকৃতিৰ উপাদানেৰে জীৱন নিৰ্বাহ কৰিছিল তাকে দেখুৱাবলৈ প্ৰয়াস কৰা হয় এই ফেষ্টিভেলৰ জৰিয়তে। 

আনহাতে এই ফেষ্টিভেলত ভূটানৰ পৰম্পৰাগত খাদ্য, গীত-মাত, সংস্কৃতি আদি প্ৰদৰ্শন কৰা হয়। বিক্ৰীৰ বাবে উলিওৱা হয় বিভিন্ন থলুৱা খাদ্য, স্থানীয়ভাৱে উৎপাদন কৰা বিভিন্ন পানীয়, শাক-পাচলি। এই ফেষ্টিভেলৰ জৰিয়তে ভাৰত-ভূটানৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কও অটুট ৰখাত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে তেওঁলোকে।

Advertisment

Also Read: ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰ থকা প্ৰথমজন বিশ্বনেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Bhutan-India Friendship Association (BIFA)ৰ উদ্যোগত আয়োজিত ফেষ্টিভেলৰ দুয়োটা দিনতে স্থানীয় লোকৰ উপৰি ভাৰতৰ বহুতো পৰ্যটকে তাত অংশগ্ৰহণ কৰি আপ্লুত হৈ পৰা পৰিলক্ষিত হয়। ফেষ্টিভেলত ৰয়েল মানাহ নেচনেল পাৰ্কৰ বন বিভাগে ৰয়েল মানাহ নেচনেল পাৰ্কত পোৱা আৰু ইতিমধ্যে কেমেৰাত আবদ্ধ কৰা বিভিন্ন বন্যপ্ৰাণীৰ আলোকচিত্ৰ, বিভিন্ন প্ৰজাতিৰ চৰাই, সাপ, বাঘৰ খোজ আদিও প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে এই ফেষ্টিভেলৰ জৰিয়তে ভূটীয়াসকলৰ পূৰ্ব-পুৰুষে ব্যৱহাৰ কৰা তথা বৰ্তমানো ভূটানৰ গাঁৱত প্ৰচলিত বাঁহ-বেতৰ খাং, জাঁত, মেথোনৰ শিঙা, উৰল, ভূটানৰ পৰম্পৰাগত খেলৰ সামগ্ৰী, স্থানীয় বাঁহ-বেতৰ কুটীৰ শিল্পৰ সামগ্ৰী আদি প্ৰদৰ্শন আৰু সামগ্ৰীভেদে বিক্ৰীৰ ব্যৱস্থা কৰে। ইফালে ভূটানৰ জেংমেঙ জিলাৰ চাৰিটা খণ্ডৰ বিভিন্ন লোকে নিজা নিজা অঞ্চলত উৎপাদিত সামগ্ৰীৰ বিপণী লৈ ফেষ্টিভেলত অংশগ্ৰহণ কৰে। মূলত ভূটান ৰাষ্ট্ৰৰ স্থানীয় লোকসকলৰ সংস্কৃতি, ৰীতি-নীতি, লোকাচাৰ, খাদ্যাভ্যাস, জীৱনধাৰা আদিক জনমানসত দাঙি ধৰাৰ উদ্দেশ্যেই আয়োজন কৰা হয় এই ফেষ্টিভেলৰ। ফেষ্টিভেলৰ দুয়োটা দিনতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। 

Advertisment
Advertisment