Advertisment

ভাগিনৰ হাতত প্ৰাণ গ'ল মোমায়েকৰ !

গোৱাৰপাৰা জিলাৰ ৰংজুলিৰ ৰৌমাৰী গাঁৱত নৃশংস হত্যাকাণ্ড। ভাগিনে প্ৰাণ ল'লে মোমায়েকৰ। মামা জয়ন্ত ৰাভাক কাঠৰ টুকুৰাৰে মৰিয়াই হত্যা কৰিলে ভাগিন ৰবীন খাখলাৰীয়ে ।

 Photograph: (dy365)
Photograph: (dy365)

ভাগিনৰ হাতত প্ৰাণ গ'ল মোমায়েকৰ !

Also Read.....পুনৰ নিষিদ্ধ হ'ল ৫ টাকৈ নতুন OTT প্লেটফৰ্ম

গোৱাৰপাৰা জিলাৰ ৰংজুলিৰ ৰৌমাৰী গাঁৱত নৃশংস হত্যাকাণ্ড! ভাগিনে প্ৰাণ ল'লে মোমায়েকৰ। খবৰ অনুসৰি, কালি নিশা ধূপধৰাৰ জ্যোতিগাঁৱৰ বাসিন্দা জয়ন্ত ৰাভাই ৰংজুলিৰ ৰৌমাৰীত ভাগিনীয়েকৰ ঘৰত গৈছিল। ঘৰত উপস্থিত হোৱাৰ পাছতেই জয়ন্ত ৰাভা আৰু ভাগিন ৰবীন খাখলাৰীৰ মাজত প্ৰথমে কাজিয়াৰ সৃষ্টি হয়। জয়ন্ত ৰাভাৰ লগত যোৱা এজন যুৱকৰ ভাষ্য অনুসৰি, ৰবীন খাখলাৰীৰ ঘৰত জয়ন্ত ৰাভাই উপস্থিত হোৱাৰ লগে লগেই দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয়। কাজিয়া ভয়ংকৰ দেখি প্ৰত্যক্ষদৰ্শী যুৱকজনে কাজিয়া ভাঙিবলৈ বহু চেষ্টা কৰে যদিও কোনোপধ্যেই কাজিয়া শান্ত হোৱা নাছিল। দুয়োৰে হাতত আছিল কোৰ আৰু দা । অৱশেষত যুৱকজনে দুয়োকে ধমক দিয়াত কাজিয়া শান্ত হৈ যদিও ৰবীন খাখলাৰীয়ে প্ৰত্যক্ষদৰ্শী যুৱকজনক প্ৰাণে মৰাৰ ভাবুকি দিছিল আৰু ভয়তে  ঘটনাস্থলীৰ পৰা পলায়ন কৰে প্ৰত্যক্ষদৰ্শী যুৱকজন। 

Advertisment

Also Read....জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল বোকাখাত আৰক্ষী থানা

যুৱকজন পলায়ন কৰাৰ পাছতেই জয়ন্ত ৰাভাক কাঠৰ টুকুৰাৰে আঘাত কৰে ৰবীন খাখলাৰীয়ে। তাৰপিছতেই ঘটনাস্থলীতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্ঠি হয়। অৱশেষত জয়ন্ত ৰাভাক ততাতৈয়াকৈ ৰংজুলি চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ত লৈ যোৱাৰ পাছতে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গোৱালপাৰালৈ লৈ যাবলৈ কয় যদিও ক্ষন্তেক সময় পাছতেই ৰংজুলি চিকিৎসালয়ত প্ৰাণ হেৰুৱাই জয়ন্ত ৰাভাই

Also Read...মানাহ উইণ্টাৰ ফেষ্টিভেল

ঘটনাৰ পিছতে নিশাই হত্যাকাৰী ৰবীন খাখলাৰীক ৰংজুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইফালে জয়ন্ত ৰাভাৰ মৃতদেহটো ৰংজুলি থানাই গোৱালপাৰালৈ প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে।  কি কাৰণত দুই মামা, ভাগিনৰ কাজিয়াৰ সৃষ্টি সেয়া আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব। 

Advertisment
Advertisment