Assameseপুনৰ নিষিদ্ধ হ'ল ৫ টাকৈ নতুন OTT প্লেটফৰ্মঅশ্লীল বিষয়বস্তু প্ৰচাৰৰ বাবে দেশত পুনৰ নিষিদ্ধ হ'ল ৫ টাকৈ নতুন OTT প্লেটফৰ্ম। নিষিদ্ধ কৰা প্লেটফৰ্মসমূহ হৈছে — MoodXVIP, Koyal Playpro, Digi Movieplex, Feel আৰু Jugnu।Estafur Rahman Feb 26, 2026 17:27 ISTPhotograph: (the economic times)পুনৰ নিষিদ্ধ হ'ল ৫ টাকৈ নতুন OTT প্লেটফৰ্ম...Also Read....জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল বোকাখাত আৰক্ষী থানাঅশ্লীল বিষয়বস্তু প্ৰচাৰৰ বাবে দেশত পুনৰ নিষিদ্ধ হ'ল ৫ টাকৈ নতুন OTT প্লেটফৰ্ম। নিষিদ্ধ কৰা প্লেটফৰ্মসমূহ হৈছে — MoodXVIP, Koyal Playpro, Digi Movieplex, Feel আৰু Jugnu। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰালয়ে তথ্য প্ৰযুক্তি আইন, ২০০০-ৰ ধাৰা ৬৯এ আৰু তথ্য প্ৰযুক্তি নিয়ম, ২০২১-ৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰে। AdvertismentAlso Read...ছাত্ৰী নিবাসৰ বাথৰুমত কোনে লগালে গোপন কেমেৰা?উল্লেখযোগ্য যে, ডিজিটেল মাধ্যমত অশ্লীল অনুচিত বিষয়বস্তু প্ৰচাৰৰ বিৰুদ্ধে চৰকাৰে ইতিমধ্যে বহু পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰী সূত্ৰ অনুসৰি , নিষিদ্ধ কৰা প্লেটফৰ্মসমূহত অশ্লীলৰ লগতে সামাজিক নৈতিকতাৰ পৰিপন্থী বিষয়বস্তু প্ৰচাৰ কৰা হৈছিল। কেইবাবাৰো এই ৫ টা OTT প্লেটফর্মত অশ্লীল বিষয়বস্তু প্ৰচাৰ নকৰিবলৈ সকীয়াই দিছিল তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ে। কিন্তু ইয়াৰ পাছতো সকীয়নিক গুৰুত্ব দিয়া নাছিল। আৰু অৱশেষত নিষিদ্ধ কৰি দিয়া হ'ল ৫ টাকৈ OTT প্লেটফৰ্মক।Also Read...গোচৰ খাৰিজ তথাপি সকীয়নি...! হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত কি ক'লে সৰ্বোচ্চ ন্যয়ালয়ে?এই OTT প্লেটফৰ্মবোৰ চৰকাৰে কিয় নিষিদ্ধ কৰিছে ?অ’টিটি প্লেটফৰ্মসমূহত IT (Act) আইনৰ অধীনত স্পষ্ট আৰু অশ্লীল বিষয়বস্তু Host কৰাৰ বিধান উলংঘা কৰিছিল বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্ৰথমবাৰৰ বাবে এনে সিদ্ধান্ত লোৱা নাই ইয়াৰ পূৰ্বেও ২০২৫ চনৰ জুলাই মাহত একেধৰণৰ দমন কাৰ্যসূচী গ্ৰহণ কৰিছিল। ২৫টা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিছিল। সেই প্লেটফৰ্মসমূহৰ ভিতৰত আছিল ALTT, ULLU, Big Shots App, Desiflix, Boomex, Navarasa Lite, Gulab App, Kangan App, Bull App, Jalva App, ShowHit, Wow Entertainment, Look Entertainment, Hitprime, Feneo, ShowX, Sol Talkies, Adda TV, HotX VIP, Hulchul App, MoodX, NeonX VIP, Fugi, Mojflix আৰু... Triflicks। AdvertismentAlso Read...'পৰিস্থিতি কিছু জটিল, দলৰ মানুহখিনিও অসন্তুষ্ট', 'আশাকৰো কংগ্ৰেছে কথাবোৰ বুজিব'এতিয়ালৈকে চৰকাৰে বন্ধ কৰিলে ৪০টা আউটলেট। শেহতীয়াকৈ এই ব্যৱস্থাৰ জৰিয়তে ভাৰতৰ আই টি আইন উলংঘা কৰাৰ বাবে মুঠ ৪০টা আউটলেট, ২৬টা ৱেবছাইট আৰু ১৪টা এপ বন্ধ কৰা হৈছে।AdvertismentAdvertisment Read the Next Article