Assameseগোচৰ খাৰিজ তথাপি সকীয়নি...! হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত কি ক'লে সৰ্বোচ্চ ন্যয়ালয়ে?‘মন্ত্ৰীয়ে ভাষণৰ জৰিয়তে কোনো সম্প্ৰদায়ক অপমান কৰিব নোৱাৰে’। ‘ধৰ্ম বা জাতিৰ আধাৰত কোনো লোকক টাৰ্গেট কৰাতো সংবিধানৰ পৰিপন্থী’। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত কিয় এনেকৈ ক'লে সৰ্বোচ্চ ন্যয়ালয়ে? Estafur Rahman Feb 25, 2026 20:55 ISTহিমন্ত বিশ্ব শৰ্মাক একপ্ৰকাৰ সকীয়নি উচ্চতম ন্যায়ালয়ৰ! Photograph: (the indian express)মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত তৰা গোচৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ মন্তব্য। গোচৰ খাৰিজ কৰি নেতা-মন্ত্ৰীক একপ্ৰকাৰ সকীয়নি আদালতৰ...Advertismentবুধবাৰে উচ্চতম ন্যায়ালয়ে সাংবিধানিক পদত থকা ৰাজহুৱা বিষয়ালৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰে- ‘কোনো সম্প্ৰদায়ক কটাক্ষ আৰু অপমান নকৰিব’। লগতে আদালতে কয়, 'ৰাজহুৱা ব্যক্তিসকলে বিশেষকৈ মন্ত্ৰীৰ দৰে উচ্চ সাংবিধানিক পদবীত থকাসকলে কোনো সম্প্ৰদায়ক ধৰ্ম, জাতি, ভাষা বা অঞ্চলৰ ভিত্তিত লক্ষ্য কৰি ল’ব নালাগে, কিয়নো এয়া সংবিধানৰ পৰিপন্থী'।দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মতে, 'কোনো ব্যক্তিয়ে যদি ভাষণ, মিম, কাৰ্টুন বা হাস্য কলাৰ জৰিয়তে কোনো এটা নিৰ্দিষ্ট সম্প্ৰদায়ক অপমান বা তুচ্ছতাচ্ছিল্য কৰে এয়া সাংবিধানিকভাৱে গ্ৰহণযোগ্য নহয়'। কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এটা ভিডিঅ' আপলোড কৰিছিল। য'ত মুখ্য়মন্ত্ৰীয়ে সংখ্যালঘুৰ ফটো এখনত বন্দুকৰে গুলী মাৰিছিল। বিজেপিৰ IT CELL-য়ে আপলোড কৰা ভিডিঅ'টো AIৰে নিৰ্মিত ভিডিঅ' আছিল। ভিডিঅ'টোক লৈ দেশজুৰি চলিছিল চৰ্চা, হৈছিল ব্যাপক প্ৰতিক্ৰিয়া। দেশৰ বহু ঠাইত মুখ্য়মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ, গোচৰ তৰা হৈছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়তো। ন্যায়ালয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা গোচৰ খাৰিজ কৰে যদিও সাম্প্ৰদায়িক ভাষণ দিয়া বা ঘৃণা বিয়পোৱা ভাষণৰ প্ৰসংগ টানি আনি একপ্ৰকাৰ প্ৰায়সকল মন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে, 'মন্ত্ৰীৰ দৰে উচ্চ সাংবিধানিক পদবীত অধিষ্ঠিত ব্যক্তিসকলে ধৰ্ম, জাতি, ভাষা বা অঞ্চলৰ ভিত্তিত কোনো সম্প্ৰদায়ক কেতিয়াও লক্ষ্য কৰি ল’ব নালাগে, কিয়নো এনে কাৰ্যই সংবিধানৰ চূড়ান্ত উলংঘন কৰে, এনে কাৰ্য সংবিধানৰ পৰিপন্থী'। Also Read....অসমত কেতিয়া অনুষ্ঠিত হ’ব নিৰ্বাচন? যোৰহাটত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য...AdvertismentAdvertismentAdvertisment Read the Next Article