Advertisment

অসমত কেতিয়া অনুষ্ঠিত হ’ব নিৰ্বাচন? যোৰহাটত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য...

২০২৬ ৰ অসম বিধানসভা নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ’ব? যোৰহাটত অসম বিধানসভাৰ নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

 অসমত কেতিয়া অনুষ্ঠিত হ’ব নিৰ্বাচন? যোৰহাটত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য... Photograph: (CM BYTE)
অসমত কেতিয়া অনুষ্ঠিত হ’ব নিৰ্বাচন? যোৰহাটত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য... Photograph: (CM BYTE)

বিহুৰ পূৰ্বে অসমত নিৰ্বাচন অনুষ্ঠিত হোৱাতো বিচাৰে চৰকাৰে...


২০২৬ ৰ অসম বিধানসভা নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ’ব? যোৰহাটত অসম বিধানসভাৰ নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে যোৰহাটত আত্মনিৰ্ভৰ অসম অভিযানৰ চেক বিতৰণ কৰা অনুষ্ঠানৰ পৰাই  অসম বিধানসভা নিৰ্বাচনক লৈ মুখ্য়মন্ত্ৰীগৰাকীয়ে কয়, 'বহাগ বিহুৰ পূৰ্বে অনুষ্ঠিত হওক নিৰ্বাচন। কাৰণ বহাগ বিহু পাৰ হোৱাৰ লগে লগে বৰষুণ আৰম্ভ হ'ব। ইতিমধ্যে নিৰ্বাচন আয়োগলৈ অসম চৰকাৰে বহাগ বিহুৰ আগত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে অনুৰোধ কৰিছে'। চেক বিতৰণ অনুষ্ঠানৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে, 'আমি ১ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলোঁ। এতিয়ালৈকে ১ লাখ ৬০ হাজাৰ যুৱক-যুৱতীক চাকৰি প্ৰদান কৰিলোঁ'।

Advertisment

Also Read......'পৰিস্থিতি কিছু জটিল, দলৰ মানুহখিনিও অসন্তুষ্ট', 'আশাকৰো কংগ্ৰেছে কথাবোৰ বুজিব'

লগতে মুখ্যমন্ত্ৰীয়ে আৰু কয়, ‘আত্মনিৰ্ভৰ অসম অভিযান সফল হ’লে বৃদ্ধি পাব সংস্থাপন। প্ৰতিটো সমষ্টিত অহাবাৰ ১০হাজাৰ লোকক প্ৰদান কৰিম এই আঁচনি। দুই-তিনিবছৰত অসমলৈ অহা উদ্যোগসমূহ কাৰ্যক্ষম হৈ উঠিব। তাত দুই লাখ যুৱক-যুৱতীয়ে চাকৰি লাভ কৰিব। শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে উপকৃত হ’ব বহু পৰিয়াল'।

Also Read...'বিনামূলীয়া টিকাকৰণ অভিযান', ছাৰ্ভাইকেল কেন্সাৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

Advertisment

কেৱল ইমানেই নহয় নামনি অসমকলৈও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'নামনি অসমত এতিয়া অসমীয়া লোক সংখ্যালঘুত পৰিণত হৈছে। দোকান-ব্যৱসায়িক প্ৰতিষ্ঠান আদি সকলো দখল কৰি লৈছে বাংলাদেশৰ পৰা অহা লোকে। লাহে লাহে অসমীয়া মানুহৰ হাতৰ পৰা মাটিবোৰ বাংলাদেশীৰ হাতলৈ গৈ আছে'।

সমান্তৰালকৈ কংগ্ৰেছ দলকো তীব্ৰ কটাক্ষ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ দাবী, 'অহাবাৰ বিৰোধী দলপতিৰ আসন হেৰুৱাব কংগ্ৰেছে। সংখ্যালঘু সমষ্টিতহে কংগ্ৰেছৰ ভাল সংগঠন আছে। এইবাৰ সেইকেইটা সমষ্টিত কংগ্ৰেছ জয়ী হোৱাৰ ১০০% সম্ভাৱনা। কিন্তু ৰাইজৰ দল, AJPক সমষ্টি এৰিলে বিৰোধী দলপতিৰ আসন হেৰুৱাব কংগ্ৰেছে দলে'। 

Also Read...গৌৰৱ গগৈৰ বাসগৃহ ঘেৰাও কংগ্ৰেছ কৰ্মীৰ

Advertisment
Advertisment