Advertisment

'বিনামূলীয়া টিকাকৰণ অভিযান', ছাৰ্ভাইকেল কেন্সাৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

মহিলাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ। শীঘ্ৰেই মহিলাসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিব বিনামূলীয়া টিকাকৰণ অভিযান। ছাৰ্ভাইকেল কেন্সাৰৰ পৰা দেশৰ মহিলাসকলক ৰক্ষা কৰিবলৈ বিনামূলীয়া এইচ পি ভি টিকাকৰণ আৰম্ভ কৰিব চৰকাৰে।

 File Photo
File Photo

'বিনামূলীয়া টিকাকৰণ অভিযান', ছাৰ্ভাইকেল কেন্সাৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

Advertisment

মহিলাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ। শীঘ্ৰেই মহিলাসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিব বিনামূলীয়া টিকাকৰণ অভিযান। ছাৰ্ভাইকেল কেন্সাৰৰ পৰা দেশৰ মহিলাসকলক ৰক্ষা কৰিবলৈ বিনামূলীয়া এইচ পি ভি টিকাকৰণ আৰম্ভ কৰিব চৰকাৰে।

Read More- প্ৰথমে পিতৃ-পুত্ৰৰ প্ৰচণ্ড কাজিয়া, তাৰ পাছতেই পিতৃক গুলীয়াই..., ভয়ংকৰ হত্যাকাণ্ডক লৈ দেশজুৰি চাঞ্চল্য

কেন্দ্ৰীয় চৰকাৰৰ এই অভিযানৰ উদ্দেশ্য হৈছে মহিলাসকলক ছাৰ্ভাইকেল কেন্সাৰৰ পৰা ৰক্ষা কৰা। এই অভিযানৰ অধীনত প্ৰতি বছৰে ১৪ বছৰ আৰু তাতকৈ অধিক বয়সৰ প্ৰায় ১ কোটি ১৫ লাখ ছোৱালীক বিনামূলীয়াকৈ টিকাকৰণ কৰা হ'ব। লগতে এই টিকাকৰণ সম্পূৰ্ণ স্বেচ্ছামূলক হ’ব আৰু চৰকাৰী চিকিৎসালয়ত প্ৰদান কৰা হ’ব।  

Advertisment

Read More- আচৰিত! মুছলমান বাবেই মহিলাৰ পৰা কম্বল কাঢ়ি নিলে বিজেপি নেতাই

উল্লেখ্য যে ভাৰতৰ মহিলাসকলৰ ভিতৰত দ্বিতীয় সৰ্বাধিক হোৱা কৰ্কট ৰোগ হৈছে ছাৰ্ভাইকেল কেন্সাৰ। তথ্য অনুসৰি প্ৰতি বছৰে ভাৰতত প্ৰায় ৮০,০০০ মহিলা ছাৰ্ভাইকেল কেন্সাৰ আক্ৰান্ত হয় আৰু আক্ৰান্ত সকলৰ ভিতৰত প্ৰায় ৪২,০০০ৰো অধিক মহিলাৰ মৃত্যু হয়। চিন্তনীয় কথাটো হ'ল বেছিভাগ মহিলাৰ ক্ষেত্ৰতে এই ৰোগ পলমকৈ ধৰা পৰে। চিকিৎসকৰ মতে এই কেন্সাৰ বেছিভাগেই এইচ পি ভি ভাইৰাছৰ সংক্ৰমণৰ ফলত হয়। যাৰ বাবে এতিয়া কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ এইচ পি ভি টিকাকৰণ অভিযান আৰম্ঙ কৰিব।
 

Read More- গৌৰৱ গগৈৰ বাসগৃহ ঘেৰাও কংগ্ৰেছ কৰ্মীৰ

ইতিমধ্যেই বিশ্বৰ প্ৰায় ১৬০খন দেশে এইচ পি ভি ভেকচিনক নিজৰ ৰাষ্ট্ৰীয় প্ৰতিষেধক কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছে। এইচ পি ভি ভেকচিনক আঁকোৱালি লোৱা এই দেশসমূহত এতিয়া এইচ পি ভি সংক্ৰমণ আৰু ছাৰ্ভাইকেল কেন্সাৰো হ্ৰাস পাইছে। আৰু এতিয়া আমাৰ দেশ ভাৰতে এই দিশত এক বৃহৎ পদক্ষেপ ল’বলৈ সাজু হৈছে।

Advertisment

Read More- শ্যামকানু, সিদ্ধাৰ্থ শৰ্মা জেলত থকাটো আমাৰ সফলতা-মুখ্যমন্ত্ৰী

আনহাতে চৰকাৰে অভিভাৱকসকলক আহ্বান জনাইছে যে এইচ পি ভি টিকাকৰণ অভিযান আৰম্ভ হ’লে যাতে তেওঁলোকৰ ১৪ বছৰীয়া কন্যা সন্তানক টিকাকৰণ কৰাটো নিশ্চিত কৰে। কাৰণ এইচ পি ভি ভেকচিন হৈছে কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়া এক শক্তিশালী ৰক্ষাকৱচ।

Read More- 'জুবিন গাৰ্গে ন্যায় নাপালে ভোট নালাগে বুলি কৈছিল', কিন্তু এতিয়া...

Advertisment

বহুতৰে মনত হয়তো প্ৰশ্ন হৈছে যে ১৪ বছৰীয়া ছোৱালীক এই ভেকচিন দিয়াৰ উদ্দেশ্য কি? ইয়াৰ উদ্দেশ্য হৈছে বিশেষজ্ঞসকলে জনোৱা অনুসৰি ১৪ বছৰ বয়সত এই ভেকচিন আটাইতকৈ ফলপ্ৰসূ হয়। কাৰণ এই বয়সত টিকাকৰণে শৰীৰৰ আটাইতকৈ শক্তিশালী আৰু দীৰ্ঘদিনীয়া এন্টিব’ডি উৎপন্ন কৰে, যাৰ ফলত ভৱিষ্যতৰ কৰ্কট ৰোগৰ সম্ভাৱনা কাৰ্যতঃ নাইকিয়া হয়। অধ্যয়নত দেখা গৈছে যে কৈশোৰ কালত টিকাকৰণে ৩০ বছৰ বয়সলৈকে ছাৰ্ভাইকেল কেন্সাৰৰ সম্ভাৱনা ৮৫% হ্ৰাস কৰে।

Advertisment
Advertisment