Advertisment

'জুবিন গাৰ্গে ন্যায় নাপালে ভোট নালাগে বুলি কৈছিল', কিন্তু এতিয়া...

জুবিন গাৰ্গক এলাগী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গক কেৱল এলাগী কৰাই নহয়, আজিকালি জুবিন গাৰ্গৰ নামেই শুনিব নিবিচাৰে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গে ন্যায় নাপালে ভোট নালাগে বুলি কৈছিল কিন্তু  এতিয়া...।

 'জুবিন গাৰ্গে ন্যায় নাপালে ভোট নালাগে বুলি কৈছিল', কিন্তু এতিয়া...

'জুবিন গাৰ্গে ন্যায় নাপালে ভোট নালাগে বুলি কৈছিল', কিন্তু এতিয়া...

জুবিন গাৰ্গক এলাগী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গক কেৱল এলাগী কৰাই নহয়, আজিকালি জুবিন গাৰ্গৰ নামেই শুনিব নিবিচাৰে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গে ন্যায় নাপালে ভোট নালাগে বুলি কৈছিল কিন্তু  এতিয়া...।  সংবাদমেলযোগে ক্ষোভ উজাৰিলে অসম জাতীয় পৰিষদে। 

Advertisment

Read More- জুবিনক্ষেত্ৰত সুৰাপায়ীৰ উদ্ভণ্ডালি! গ্ৰেপ্তাৰ আলম আলী, মুকুট দাস, ৰঞ্জিত দাস

প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন ৫টা মাহ অতিক্ৰম কৰিলে ৰাজ্য়বাসীয়ে। জুবিন গাৰ্গৰ সৈতে ১৯ ফেব্ৰুৱাৰীত কি হৈছিল, কিয় আমি জুবিন গাৰ্গৰ দৰে এটা সত্বাক অকালতে হেৰুৱাব লগীয়া হ'ল এই উত্তৰবোৰৰ বাবে ৰৈ আছে প্ৰতিজন অসমীয়া। যিমানেই দিন বাগৰিছে সিমানেই প্ৰতিজন অসমীয়াৰ মনলৈ এটা প্ৰশ্ন আহিছে- ন্যায় পাবনে জুবিন গাৰ্গে? যদি জুবিন গাৰ্গে ন্যায় পায় তেনেহলে কেতিয়া?

Read More- 'আমাৰ ল'ৰাটোক এনেদৰে ৰখাত বৰ কষ্ট পাইছো'। জুবিনক্ষেত্ৰলৈ আহি ক্ষোভ অনুৰাগীৰ

Advertisment

জুবিন গাৰ্গক জানো অসমীয়াই কেতিয়াবা পাহৰিব পাৰিব? প্ৰতিদিনেই জুবিন ক্ষেত্ৰলৈ সোঁত বয় অজস্ৰ অনুৰাগীৰ। প্ৰাণৰ শিল্পী গৰাকীক যেন অকলে এৰিব বিচৰা নাই অনুৰাগীয়ে। সকলোৰে এটাই দাবী শীঘ্ৰেই ফাষ্টট্ৰেক আদালত গঠন কৰি দোষীক উপযুক্ত শাস্তি দিয়ক। 

Read More- 'অসমীয়াই আত্মসমৰ্পণ কৰা নাছিল, নকৰে' - মুখ্যমন্ত্ৰী

ৰাজ্যবাসীৰ এই সকলোবোৰ দাবীৰ মাজতেই এইবাৰ সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম জাতীয় পৰিষদ। সংবাদমেলত অজাপ নেতৃত্বৰ মন্তব্য- 'জুবিন গাৰ্গৰ নামেই শুনিব নিবিচাৰে মুখ্যমন্ত্ৰীয়ে। সকলো ফালৰ পৰাই এতিয়া জুবিন গাৰ্গক এলাগী কৰিছে হিমন্ত বিশ্ব শৰ্মাই। প্ৰাণৰ শিল্পী গৰাকীৰ সমাধিক্ষেত্ৰখন কেনেকুৱা অৱস্থাত আছে আমি  সকলোৱে দেখিছো। কিহৰ বাবে জুবিনক্ষেত্ৰত মানুহ যাব নোৱাৰা পৰিৱেশ হৈছে? জুবিনক্ষেত্ৰৰ এই অৱস্থাৰ বাবে দায়ী কোন? ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে জুবিনক্ষেত্ৰলৈ গ'লে কিয় বেয়া পায় হিমন্ত বিশ্ব শৰ্মাই? 

Read More- আঁকোৰগোজ অখিল-গৌৰৱ! অখিলৰ প্ৰশ্ন- কংগ্ৰেছক কোনে ভোট দিব?

লগতে অজাপ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে কয়, 'জুবিন গাৰ্গৰ ন্যায়ৰ কথা কলেই মুখ্য়মন্ত্ৰীয়ে ৰাজনীতি কৰা বুলি কয়। জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো বিপথে পৰিচালিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কৰা এনেকুৱা মন্তব্য দুৰ্ভাগ্যজনক। জুবিন গাৰ্গে ন্যায় নাপালে ভোট নালাগে বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই।  কিন্তু এতিয়া ওলোটা খৰ মাৰি মুখ্যমন্ত্ৰীয়ে কৈছে- '২৬ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'লেহে জুবিন গাৰ্গক ন্যায় দিব পাৰিব। তাৰমানে জুবিন গাৰ্গে এতিয়া ন্যায় নাপায়। জুবিন গাৰ্গক ন্যায় দিবলৈ মানে হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ মুখ্যমন্ত্ৰী পাতিব লাগিব। কিন্তু জুবিন গাৰ্গক লৈ ইমান সস্তীয়া কথা কৈ হিমন্ত বিশ্ব শৰ্মা সাৰি যাব নোৱাৰিব। কাৰণ জুবিন গাৰ্গক লৈ অসমৰ ৰাইজে আপোচ নকৰে। আৰু যদি কোনোবাই আপোচ কৰে তেনেহলে আপোচ কৰাজনক অসমৰ ৰাইজে ক্ষমাও নকৰে।  

Advertisment

Read More- 'হিন্দু মানুহ কংগ্ৰেছত নাথাকে'! 'কংগ্ৰেছত থকা ১০ জন মানুহৰ ৮ জনেই মিঞা'

লগতে অজাপৰ দাবী, '২৬ নিৰ্বাচনৰ পূৰ্বেই ন্যায় দিয়ক জুবিন গাৰ্গক। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব কৈছিল যে- 'আমি নিৰ্বাচনৰ পূৰ্বেই জুবিন গাৰ্গক ন্যায় দিম। নিৰ্বাচনৰ আগত জুবিন গাৰ্গক ন্যায় নিদিলে বিজেপিক ভোট নিদিব'। গতিকে আমি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো যে নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গক ন্য়ায় দিয়ক।

Advertisment
Advertisment