Assamese'অসমীয়াই আত্মসমৰ্পণ কৰা নাছিল, নকৰে' - মুখ্যমন্ত্ৰীলাচিতৰ দিনটো অসমীয়াই আত্মসমৰ্পণ কৰা নাছিল, আজিও অসমে আত্মসমৰ্পণ নকৰে। অসমীয়া জাতি হৈছে সোঁতৰ বাৰকৈ মোগলক পৰাজিত কৰা জাতি। সদায় অটল, অবিচল হৈ থাকিব অসমীয়া জাতি- মুখ্যমন্ত্ৰী।Mrinmoy Talukdar Feb 22, 2026 19:42 IST'অসমীয়াই আত্মসমৰ্পণ কৰা নাছিল, নকৰে' - মুখ্যমন্ত্ৰীলাচিতৰ দিনটো অসমীয়াই আত্মসমৰ্পণ কৰা নাছিল, আজিও অসমে আত্মসমৰ্পণ নকৰে। অসমীয়া জাতি হৈছে সোঁতৰ বাৰকৈ মোগলক পৰাজিত কৰা জাতি। সদায় অটল, অবিচল হৈ থাকিব অসমীয়া জাতি- মুখ্যমন্ত্ৰী।AdvertismentRead More- 'আমাৰ ল'ৰাটোক এনেদৰে ৰখাত বৰ কষ্ট পাইছো'। জুবিনক্ষেত্ৰলৈ আহি ক্ষোভ অনুৰাগীৰখানাপাৰাত মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ। উদাত্ত ভাষণেৰে মুখ্যমন্ত্ৰীয়ে ক'লে- 'বিজেপি চৰকাৰৰ যোৱা ৫টা বছৰ আছিল অসমীয়াৰ ঐতিহ্য আৰু পৰম্পৰাক পুনৰুদ্ধাৰ কৰাৰ সময়। এটা সময়ত অসমৰ সত্ৰ, বনভুমি তথা ট্ৰাইবেল ব্লকৰ ভূমিবোৰ অচিনাকী মানুহে দখল কৰি লৈছিল'। এনেকুৱা এটা সময়ো আহিছিল যেতিয়া অসমীয়া জাতিয়ে আত্মসমৰ্পন কৰি কৈছিল যে- 'আমি এতিয়া আৰু একো কৰিব নোৱাৰো। কিন্তু যোৱা ৫টা বছৰত আমি সিদ্ধান্ত লৈছিলো যে লাচিতৰ দিনটো অসমীয়াই আত্মসমৰ্পন কৰা নাছিল আৰু আজিও অসমীয়াই আত্মসমৰ্পন নকৰে'।Read More- জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিছে বিজেপি চৰকাৰে, ক্ষোভ লুৰীণজ্যোতি গগৈৰAdvertisment'আজিৰ অসমীয়া অটল আৰু অবিচল। সত্ৰ, বনভুমি আৰু ট্ৰাইবেল ব্লকৰ প্ৰায় ডেৰ লাখ বিঘা মাটি আমি বেদখলমুক্ত কৰিলো। অচিনাকী লোকৰ পৰা উদ্ধাৰ কৰা মাটিত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱক্ষেত্ৰ আৰু চৰকাৰী প্ৰকল্প নিৰ্মান কৰিছো যাতে ভৱিষ্যতেও এই উচ্ছেদিত ভুমিত পুনৰ অচিনাকী লোক আহিব নোৱাৰে। এয়া হৈছে আমাৰ জাতীয় জীৱনৰ সংকল্প'।Read More- তিক্ততা বহুত থাকিব কিন্তু..., ভূপেন বৰাক শুভেচ্ছা মুখ্যমন্ত্ৰীৰ'আমি অসমীয়া জাতিয়ে সোঁতৰ বাৰকৈ মোগলক পৰাজিত কৰিছিলো। নালান্দা বিশ্ববিদ্যালয় যেতিয়া জ্বলাই দিয়া হৈছিল সেই নায়ক জনকো অসমৰেই মাটিত মহাৰাজ পৃথুৱে পৰাজিত কৰিছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি আমি কিমান শৌৰ্য-বীৰ্যৰ অধিকাৰী আছিলো, কিমান বৃহত সংস্কৃতিৰ আমি অধিকাৰী আছিলো'। AdvertismentRead More- 'ইতিহাস হ'বলৈ গৈ আছে ভূপেন বৰা', সৰৱ মীৰা বৰঠাকুৰ'অসমীয়া জাতি কেতিয়াও পৰাজিত হ'ব নোৱাৰে। আমি সাংস্কৃতিক ভাৱে, আধ্যাত্মিকভাৱে উত্তৰণৰ ফালে যাম। কৃষ্টি, সংস্কৃতি , অৰ্থনীতি, সমাজনীতি সকলোতে আমি অসমীয়া জাতি আগুৱাই যাম। অসমীয়াই এদিন গৌৰৱেৰে কব যে- আমি এনে এখন মহান দেশত জন্মলাভ কৰিছো যিখন দেশত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু মথুৰাদাস বুঢ়াআতাই জন্মলাভ কৰিছিল'। Read More AdvertismentAdvertisment Read the Next Article