Assamese'ইতিহাস হ'বলৈ গৈ আছে ভূপেন বৰা', সৰৱ মীৰা বৰঠাকুৰকংগ্ৰেছৰ ভিতৰুৱা খবৰ মুখ্যমন্ত্ৰীক দিয়া মানুহজন আছিল ভূপেন বৰা। ভূপেন বৰাৰ কথা আজিৰে পৰা আৰু আমি নাপাতো। ভূপেন বৰাই বিজেপিত কেনেকৈ মুখঠেকেচা খাব আপোনালোকে চাই থাকক। Mrinmoy Talukdar Feb 22, 2026 19:39 IST'ইতিহাস হ'বলৈ গৈ আছে ভূপেন বৰা', সৰৱ মীৰা বৰঠাকুৰকংগ্ৰেছৰ ভিতৰুৱা খবৰ মুখ্যমন্ত্ৰীক দিয়া মানুহজন আছিল ভূপেন বৰা। ভূপেন বৰাৰ কথা আজিৰে পৰা আৰু আমি নাপাতো। ভূপেন বৰাই বিজেপিত কেনেকৈ মুখঠেকেচা খাব আপোনালোকে চাই থাকক। ভূপেন বৰাৰ বিজেপিত যোগদানক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। AdvertismentRead More- তিক্ততা বহুত থাকিব কিন্তু..., ভূপেন বৰাক শুভেচ্ছা মুখ্যমন্ত্ৰীৰআনুষ্ঠানিকভাৱে আজি বিজেপিত যোগদান কৰিলে ভূপেন বৰাই। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বাজপেয়ী ভৱনত গেৰুৱা হ'ল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকী। বিজেপিত যোগদান কৰিয়েই কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ ভূপেন বৰাই ক'লে- ‘মই দুৰ্যোধনৰ সংগ ত্যাগ কৰিলো। কোনো স্বাভিমানী অসমীয়া কংগ্ৰেছত থাকিব নোৱাৰে।’ Read More- ভূপেন বৰালৈ নতুন প্ৰত্যাহ্বান! এইবাৰ ভূপেন বৰা বিৰোধী শ্ল’গান বিজেপী কৰ্মীৰAdvertismentআনহাতে ভূপেন বৰাৰ বিজেপিত যোগদানৰ পাছতেই সৰৱ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ভূপেন বৰাক টাৰ্গেট কৰি ক'লে- 'ভূপেন বৰা এতিয়া ইতিহাস হ'বলৈ গৈ আছে। কংগ্ৰেছত থাকোতে ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মাক যিবোৰ গালি দিছিল তাৰ বাবে এতিয়া হিমন্ত বিশ্ব শৰ্মাই সুধাই নেৰিব ভূপেন বৰাক। অতদিনে ভূপেন বৰাই হিমন্ত বিশ্ব দিয়া প্ৰতিটো গালিৰ হিচাপ ল'ব মুখ্যমন্ত্ৰীয়ে'। Read More- গেৰুৱা হ’ল ভূপেন বৰা'ভূপেন বৰা দুই নম্বৰী মানুহ। দুই নম্বৰী মানুহে এনেও গীতা-ভাগৱতৰ কথা বৈছিকৈয়ে কৈ থাকে। মা কামাখ্যা আৰু বটদ্ৰৱা থানৰ নামত শপত খাই বিজেপিলৈ নাযাও বুলি কৈছিল ভূপেন বৰাই। গতিকে মা কামাখ্যা আৰু বটদ্ৰৱা থানৰ নামত মিছা শপত খোৱা ভূপেন বৰাৰ পতন অনিবাৰ্য'। Read More AdvertismentAdvertisment Read the Next Article