Assameseগেৰুৱা হ’ল ভূপেন বৰাদেওবাৰে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে ভূপেন বৰাই। গুৱাহাটীৰ বাজপেয়ী ভৱনত বিজেপিত যোগদান কৰে ভূপেন বৰাই। আজিৰে পৰা গেৰুৱা হ’ল ভূপেন বৰা। ৰাজ্যিক বিজেপিৰ সভাপতিৰ উপস্থিতিত যোগদান কৰে ভূপেন বৰাই।Jyotiprasad Sarma Feb 22, 2026 13:07 ISTগেৰুৱা হ’ল ভূপেন বৰা Photograph: (DY365)গেৰুৱা হ’ল ভূপেন বৰা'মই দুৰ্যোধনৰ সংগ ত্যাগ কৰিলো''মই শৰাইঘাটৰ দলঙৰ দৰে হ’ম'দেওবাৰে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে ভূপেন বৰাই। গুৱাহাটীৰ বাজপেয়ী ভৱনত বিজেপিত যোগদান কৰে ভূপেন বৰাই। আজিৰে পৰা গেৰুৱা হ’ল ভূপেন বৰা। ৰাজ্যিক বিজেপিৰ সভাপতিৰ উপস্থিতিত যোগদান কৰে ভূপেন বৰাই।AdvertismentAlso Read: ছাকিৰা আহিব‘মই দুৰ্যোধনৰ সংগ ত্যাগ কৰিলো। কোনো স্বাভিমানী অসমীয়া কংগ্ৰেছত থাকিব নোৱাৰে।’ বাজপেয়ী ভৱনত উপস্থিত হৈয়ে এই মন্তব্য কৰে ভূপেন বৰাই। ভূপেন বৰাই লগতে কয় যে, যিদিনাই কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা হ’ব তাৰ পিছতে বহু আহিব বিজেপিলৈ। ৰাজীৱ ভৱনৰ বহু স্বাভিমানী অসমীয়া বাজপেয়ী ভৱনলৈ আহিব। স্বাভিমানী অসমীয়া ৰাজীৱ ভৱনৰ পৰা বাজপেয়ী ভৱনলৈ অহাত মই শৰাইঘাটৰ দলঙৰ দৰে হ’ম।Also Read: জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিছে বিজেপি চৰকাৰে, ক্ষোভ লুৰীণজ্যোতি গগৈৰভূপেন বৰাই কয় যে, 'এতিয়া যিসকল স্বাভিমানী অসমীয়া কংগ্ৰেছ দলত আছে, তেওঁলোকৰ অৱস্থাটো মহাভাৰতৰ যুদ্ধৰ আগত কৰ্ণৰ যিটো অৱস্থা হৈছিলে সেইটো হৈছে। কৰ্ণৰ মৃত্যু নিশ্চিত বুলি মাক কুন্তীয়ে গম পাইছিল। গম পোৱাৰ কাৰণে মাকে সাগৰৰ পাৰলৈ গৈ কৰ্ণক কৈছিল তুমি পাণ্ডৱৰ ফালে গুচি আহা। তেতিয়া কৰ্ণই উত্তৰত মাকক কৈছিল- হওক পাণ্ডৱ মোৰ নিজ সহোদৰ, হওক জননী কুন্তী, তথাপিও বিফল নহ’ব মোৰ যৌৱনৰ পণ। শাখা মোৰ, ভাতৃ মোৰ মাথোঁ দুৰ্যোধন। এতিয়া দুৰ্যোধনৰ লগৰ পৰা মই আঁতৰি আহিছো, কৰ্ণসকল আছে, তেওঁলোকে লাহে-লাহে উপলব্ধি কৰিব যে মহাভাৰতৰ যুদ্ধত কোন কাৰ ফালে থাকিব। কৰ্ণ ভাল বীৰ আছিল, কৰ্ণ সৎ আছিল, ভগৱান কৃষ্ণৰ সখী আছিল। এতিয়া কিছু কৰ্ণ কংগ্ৰেছ আছে তেওঁলোকে উপলব্ধি কৰিব। আৰু মই মাতৃ হিচাপে নহয়, ভাতৃ, বন্ধু হিচাপে ৰাজীৱ ভৱনত থকা কৰ্ণসকলক কৈছো এই যুদ্ধৰ ফলাফল ইতিমধ্যে নিশ্চিত হৈছে'। AdvertismentAdvertisment Read the Next Article