Advertisment

জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিছে বিজেপি চৰকাৰে, ক্ষোভ লুৰীণজ্যোতি গগৈৰ

'জুবিন গাৰ্গ হত্যাৰ ৫ মাহ সম্পূৰ্ণ হোৱাৰ পাছতো আজিলৈকে কিয় গঠন নহ’ল ফাষ্টট্ৰেক আদালত? জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিছে, জুবিন গাৰ্গক অৱজ্ঞা কৰিছে এইখন চৰকাৰে'- ক্ষোভ লুৰীণজ্যোতি গগৈৰ। 

 জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিছে বিজেপি চৰকাৰে, ক্ষোভ লুৰীণজ্যোতি গগৈৰ

জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিছে বিজেপি চৰকাৰে, ক্ষোভ লুৰীণজ্যোতি গগৈৰ

'জুবিন গাৰ্গ হত্যাৰ ৫ মাহ সম্পূৰ্ণ হোৱাৰ পাছতো আজিলৈকে কিয় গঠন নহ’ল ফাষ্টট্ৰেক আদালত? জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিছে, জুবিন গাৰ্গক অৱজ্ঞা কৰিছে এইখন চৰকাৰে।  জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত দাবীত শীঘ্ৰেই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব AJPয়ে'- ক্ষোভ লুৰীণজ্যোতি গগৈৰ।

Advertisment

Read More- হাৰ্দিক পাণ্ডিয়াৰ এটা শ্বট আৰু...আঘাতপ্ৰাপ্ত টীম ইণ্ডিয়াৰ ষ্টাৰ বলাৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন ৫টা মাহ। জুবিন গাৰ্গৰ সৈতে ১৯ ফেব্ৰুৱাৰীত কি হৈছিল, কিয় আমি জুবিন গাৰ্গৰ দৰে এটা সত্বাক অকালতে হেৰুৱাব লগীয়া হ'ল এই উত্তৰবোৰৰ বাবে ৰৈ আছে প্ৰতিজন অসমীয়া। যিমানেই দিন বাগৰিছে সিমানেই প্ৰতিজন অসমীয়াৰ মনলৈ এটা প্ৰশ্ন আহিছে- ন্যায় পাবনে জুবিন গাৰ্গে? যদি জুবিন গাৰ্গে ন্যায় পায় তেনেহলে কেতিয়া?

Read More- ভূপেন বৰালৈ নতুন প্ৰত্যাহ্বান! এইবাৰ ভূপেন বৰা বিৰোধী শ্ল’গান বিজেপী কৰ্মীৰ

অসমীয়াৰ মনত চলি থকা এই প্ৰশ্নবোৰৰ মাজতেই কালি নিশা জুবিন ক্ষেত্ৰত উপস্থিত হ'ল গৰিমা শইকীয়া গাৰ্গ। জুবিনৰ ন্যায় প্ৰক্ৰিয়াটো লেহেমীয়া হোৱাত ক্ষোভ উজাৰি গৰিমাই ক'লে- 'নিৰ্বাচনত যিমানেই বিপুল ভোটত জয় নহওঁক কিয়, জুবিন গাৰ্গে ন্যায় নাপালে সেয়া আটাইতকৈ ডাঙৰ পৰাজয়। ফাষ্টট্ৰেক আদালতৰ কথা বাৰে বাৰে কোৱাৰ পাছতো এতিয়ালৈকে একোৱে কৰা নাই চৰকাৰে। অসময় যদি জুবিন গাৰ্গে ন্যায় নাপায় তেনেহলে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা একো হ'ব নোৱাৰে'। 

Read More- 'কংগ্ৰেছৰ প্ৰতি অসমৰ ৰাইজ চৰম অসন্তুষ্ট', অখিল গগৈৰ বিস্ফোৰণ

জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত ৰৈ থকা গৰিমাই পুনৰ ক'লে- 'নিৰ্বাচনী বতাহে জুবিনক পাহৰাই পেলাব বুলি আমাৰ ভয় হৈছে। ৫মাহ পাৰ হৈ যোৱাৰ পিছতো জুবিনৰ ন্যায় প্ৰক্ৰিয়াৰ লেহেমীয়া গতি কিয়? জুবিন গাৰ্গৰ দৰে সত্বাই ন্যায় নোপোৱাটো সকলোৰে বাবে পৰাজয়।' জুবিনক্ষেত্ৰত উপস্থিত হৈ মুকলিকৈ ক্ষোভ প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰ ।

Read More- ৰাজীৱ ভৱনৰ সন্মুখত উত্তপ্ত পৰিস্থিতি! যুৱ মৰ্চা, অসম যুৱ পৰিষদৰ উত্তাল প্ৰতিবাদ

কিন্তু ইয়াৰ মাজতেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি সংবাদমেল অসম জাতীয় পৰিষদৰ। সংবাদমেলযোগে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত চৰকাৰৰ স্থিতিক লৈ সৰৱ অজাপৰ সভাপতিগৰাকী। লুৰীণজ্যোতি গগৈৰ অভিযোগ- 'চৰকাৰে উপেক্ষা কৰিছে জুবিন গাৰ্গক। জুবিন গাৰ্গক ন্যায় দিব বিচৰা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে। মুখ্যমন্ত্ৰীয়ে নিজেই বিধানসভাৰ মজিয়াত জুবিন গাৰ্গক হত্যা কৰা বুলি কোৱাৰ পাছতো আজি পৰ্যন্ত জুবিন গাৰ্গক ন্যায় দিবলৈ কিয় ফাষ্টট্ৰেক আদালত গঠন নকৰিলে চৰকাৰে'?

Read More- 'বিজেপি এতিয়া ৰাজনৈতিক দল নহয়, ব্যক্তিগত কোম্পানীহে' -ৰাজেন গোঁহাই

সংবাদমেলতেই লুৰীণজ্যোতি গগৈৰ প্ৰশ্ন- 'জুবিন গাৰ্গৰ অন্তোষ্টিক্ৰিয়াৰ দিনটোৰ পাছত মুখ্যমন্ত্ৰী কেতিয়াবা জুবিনক্ষেত্ৰলৈ গ'লনে? কাশ্মীৰ ফাইলছ চাবলৈ সময় পোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে ৰৈ ৰৈ বিনালে চালেনে? জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিছে, জুবিন গাৰ্গক অৱজ্ঞা কৰিছে এইখন চৰকাৰে'। ক্ষোভ লুৰীণজ্যোতি গগৈৰ। 

Advertisment
Advertisment