Assamese'কংগ্ৰেছৰ প্ৰতি অসমৰ ৰাইজ চৰম অসন্তুষ্ট', অখিল গগৈৰ বিস্ফোৰণ'কংগ্ৰেছৰ প্ৰতি অসমৰ ৰাইজ চৰম অসন্তুষ্ট। কংগ্ৰেছৰ প্ৰতি মানুহৰ অসন্তুষ্টিৰ সীমা নাই। উজনিৰ আসনত কংগ্ৰেছে আমাক বাধা দি থাকিলে সমস্যা হ’ব। আমাক জিকিব পৰা আসন দিয়ক, আমি চৰকাৰ গঠনত অৱদান আগবঢ়াব বিচাৰো।’ আসন ভাগ-বটোৱাৰাক লৈ অখিল গগৈৰ বিশেষ মন্তব্য।Mrinmoy Talukdar Feb 21, 2026 17:26 ISTFile Photo'কংগ্ৰেছৰ প্ৰতি অসমৰ ৰাইজ চৰম অসন্তুষ্ট', অখিল গগৈৰ বিস্ফোৰণ‘কংগ্ৰেছৰ প্ৰতি অসমৰ ৰাইজ চৰম অসন্তুষ্ট। কংগ্ৰেছৰ প্ৰতি মানুহৰ অসন্তুষ্টিৰ সীমা নাই। উজনিৰ আসনত কংগ্ৰেছে আমাক বাধা দি থাকিলে সমস্যা হ’ব। আমাক জিকিব পৰা আসন দিয়ক, আমি চৰকাৰ গঠনত অৱদান আগবঢ়াব বিচাৰো।’ আসন ভাগ-বটোৱাৰাক লৈ অখিল গগৈৰ বিশেষ মন্তব্য।AdvertismentRead More- ৰাজীৱ ভৱনৰ সন্মুখত উত্তপ্ত পৰিস্থিতি! যুৱ মৰ্চা, অসম যুৱ পৰিষদৰ উত্তাল প্ৰতিবাদ‘উজনিৰ আসনত কংগ্ৰেছে আমাক বাধা দি থাকিলে সমস্যা হ’ব। কংগ্ৰেছে উজনি অসমৰ আসনসমূহ আমাক অৰ্থাত আঞ্চলিক দলসমূহক এৰি দিব লাগিব। কাৰণ উজনিত ১০০ শতাংশই নিশ্চিত জয় হ’ব পৰা প্ৰাৰ্থী আমাৰ হাতত আছে। আনহাতে কংগ্ৰেছৰ প্ৰতি অসমৰ ৰাইজ চৰম অসন্তুষ্ট। কংগ্ৰেছৰ প্ৰতি মানুহৰ অসন্তুষ্টিৰ সীমা নাই। কিন্তু বিৰোধী ঐক্যৰ পৰিৱৰ্তে কংগ্ৰেছ ব্যস্ত ব্যক্তি স্বাৰ্থক লৈ। আসন ভাগ বাটোৱাৰাক লৈ কংগ্ৰেছৰ বৈঠকত ব্যক্তিগত প্ৰাৰ্থীয়েহে প্ৰাধান্য পায়। Read More- 'বিৰোধীৰ মাজত মিত্ৰতাৰ অত্যন্ত প্ৰয়োজন', অখিল-লুৰীণৰ ক্ষোভৰ মাজতেই গৌৰৱ গগৈৰ বিশেষ পোষ্টলগতে অখিল গগৈৰ মন্তব্য, 'অসমৰ ৰাইজে ৰৈ আছে যে বিজেপিক কোনে হৰুৱাব পাৰিব। যোৱা নিৰ্বাচন সমূহত দুবাৰ-তিনিবাৰকৈ পৰাস্ত হোৱা কংগ্ৰেছ নেতাসকলক আকৌ কংগ্ৰেছে টিকট দিলে এই নেতাসকল জয়ী হব পাৰিব নেকি? তাৰ বিপৰীতে কিন্তু অসমৰ প্ৰতিটো সমষ্টিতে ৰাইজৰ দলৰ জয়ী হ'ব পৰা প্ৰাৰ্থী আছে। প্ৰয়োজনত আমি প্ৰাৰ্থী সলনি কৰি দিম। কিন্তু আমি বিচৰা আসনবোৰ আমাক লাগিবই'।Read More- 'বিজেপি এতিয়া ৰাজনৈতিক দল নহয়, ব্যক্তিগত কোম্পানীহে' -ৰাজেন গোঁহাইকংগ্ৰেছলৈ পুনৰ আহ্বান ৰাইজৰ দলৰ সভাপতি গৰাকীৰ। কংগ্ৰেছক আহ্বান জনাই অখিল গগৈয়ে ক'লে- 'আমাক জয়ী হ'ব পৰা সমষ্টি দিয়ক। আমি চৰকাৰ গঠনক কংগ্ৰেছক সহযোগিতা কৰিব বিচাৰো। আমি কংগ্ৰেছৰ পৰা ১৫টা সমষ্টি বিচাৰিছো। ১৫ টা নহলেও আমাক ১৩টা জয়ী হ'ব পৰা সমষ্টি দিয়ক। কংগ্ৰেছে ১০০টা সমষ্টিত নিৰ্বাচন খেলিব বিচাৰিছে। গতিকে ১০০টা সমষ্টিত নিৰ্বাচন খেলি কংগ্ৰেছে ৬০টা সমষ্টিত জয়ী হৈ দেখুৱাওক'। Read More- কংগ্ৰেছে আমাক বিশ্বাসঘাটকতা কৰিছে, অসন্তুষ্ট অখিল গগৈ!কংগ্ৰেছৰ কথাবোৰ খুব জটিল। কাৰণ কংগ্ৰেছৰ প্ৰতিজন নেতাৰে নিজা নিজা প্ৰাৰ্থী আছে। কিন্তু আমাৰ হাতত এতিয়া সময় নাই। গতিকে কংগ্ৰেছে আমাক আসন দিলেও নিদিলেও আগন্তুক নিৰ্বাচনত ৰাইজৰ দলৰ পৰা অখিল গগৈ, শ্বেৰমান আলী আৰু আব্দুল ৰছিদ মণ্ডল জয়ী হৈ আহিব। সেয়ে আশা কৰিছো কংগ্ৰেছে আমাৰ কথাবোৰ বুজি পাব অন্যথা আজি আমি ৰাইজৰ দলে চূড়ান্ত সিদ্ধান্ত ল'ম।AdvertismentAdvertisment Read the Next Article