Assamese'বিৰোধীৰ মাজত মিত্ৰতাৰ অত্যন্ত প্ৰয়োজন', অখিল-লুৰীণৰ ক্ষোভৰ মাজতেই গৌৰৱ গগৈৰ বিশেষ পোষ্টসাম্প্ৰতিক পৰিস্থিতিত অসমৰ বাবে মিত্ৰতা অতি জৰুৰী। মই বিশ্বাস কৰোঁ এই মুহূৰ্তত বিৰোধী ঐক্যৰ মাজত মিত্ৰতাৰ অত্যন্ত প্ৰয়োজন। মিত্ৰতাক লৈ সামাজিক মাধ্যমত গৌৰৱ গগৈৰ বিশেষ পোষ্ট।Mrinmoy Talukdar Feb 20, 2026 19:35 ISTFile Photo'বিৰোধীৰ মাজত মিত্ৰতাৰ অত্যন্ত প্ৰয়োজন', অখিল-লুৰীণৰ ক্ষোভৰ মাজতেই গৌৰৱ গগৈৰ বিশেষ পোষ্টAdvertismentসাম্প্ৰতিক পৰিস্থিতিত অসমৰ বাবে মিত্ৰতা অতি জৰুৰী। মই বিশ্বাস কৰোঁ এই মুহূৰ্তত বিৰোধী ঐক্যৰ মাজত মিত্ৰতাৰ অত্যন্ত প্ৰয়োজন। ৰাজ্যখনৰ প্ৰধান বিৰোধী ৰাজনৈতিক দলসমূহক একেলগে লৈ আগবাঢ়ি যাবলৈ মোৰ সাধ্য অনুযায়ী সৰ্বোচ্চ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। মিত্ৰতাক লৈ সামাজিক মাধ্যমত গৌৰৱ গগৈৰ বিশেষ পোষ্ট।Read More- 'বিজেপি এতিয়া ৰাজনৈতিক দল নহয়, ব্যক্তিগত কোম্পানীহে' -ৰাজেন গোঁহাই'২৬ৰ নিৰ্বাচন সমাগত কিন্তু এইপৰ্যন্ত বিৰোধীৰ মাজত মিলা নাই আসনৰ অংক। সেয়ে নিৰ্বাচনৰ দিন ওচৰ চপাৰ লগে লগেই ক্ৰমাত অসন্তুষ্টি বৃদ্ধি পাইছে বিৰোধী ঐক্য মঞ্চত। বিগ ব্ৰাডাৰ কংগ্ৰেছৰ ভূমিকাত সন্তুষ্ট নহয় অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল। অসন্তুষ্ট অখিল গগৈয়ে হুংকাৰ দিছে অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ। AdvertismentRead More- কংগ্ৰেছে আমাক বিশ্বাসঘাটকতা কৰিছে, অসন্তুষ্ট অখিল গগৈ!আজিৰ দিনটোত বিৰোধী ঐক্যমঞ্চক লৈ অখিল গগৈৰ মন্তব্য- 'আমি বহুত ধৈৰ্য ধৰিলো কিন্তু কংগ্ৰেছৰ কোনো কানসাৰ নাই। আৰু অপেক্ষা নকৰো। এতিয়া হয় ৰঙামাটি নহয় গুৱাহাটী। আমি বহুত চেষ্টা কৰিলো, বহুত কষ্ট কৰিলো কিন্তু ফলাফল শূণ্য। বিৰোধী ঐক্যক লৈ আমি ৰাইজৰ দলে বহু ত্যাগ কৰিলো। আমি কংগ্ৰেছৰ পৰা ৩ টা সংখ্যালঘু সমষ্টি বিচাৰিছিলো। কিন্তু কংগ্ৰেছে আমাক মাত্ৰ এটা সংখ্যালঘু সমষ্টি এৰি দিছে। কংগ্ৰেছৰ নেতাসকলে ভাৱে যে অসমৰ সংখ্যালঘু সমষ্টিবোৰ তেওঁলোকৰ বাপতিসাহোন'। Read More- কেৱল নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতি কৰিছিল ভূপেন বৰাই, সৰৱ মীৰা বৰঠাকুৰআনহাতে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ক'লে- 'ৰাজনীতি কোনো দলৰেই ই'গ পূৰণৰ বিষয় নহয়। প্ৰতিটো সমষ্টিতে যদি প্ৰতিটো ৰাজনৈতিক দলেই প্ৰাৰ্থী দিব বিচাৰে কেনেকৈ হ'ব? আমি বাৰম্বাৰ কৈ আহিছো 'তাৰিখ পে তাৰিখ নহয়, অতি শীঘ্ৰেই মিত্ৰতা হ'ব লাগে'। AdvertismentRead More- ভূপেন বৰাই বিজেপিত কি সন্মান পাব? প্ৰশ্ন গৌৰৱ গগৈৰঅখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ অসন্তুষ্টিৰ পাছতেই গৌৰৱ গগৈৰ সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট। সামাজিক মাধ্যমত মিত্ৰতাক লৈ গৌৰৱ গগৈয়ে লিখিছে, 'ৰাজ্যখনৰ প্ৰধান বিৰোধী ৰাজনৈতিক দলসমূহক একেলগে লৈ আগবাঢ়ি যাবলৈ মোৰ সাধ্য অনুযায়ী সৰ্বোচ্চ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ'।'বহুতে প্ৰশ্ন কৰিছে যে কংগ্ৰেছে ইমান আসন কিয় ত্যাগ কৰিছে! তেওঁলোকলৈ মোৰ উত্তৰ হ’ল - মই বিশ্বাস কৰোঁ যে এই মুহূৰ্তত মিত্ৰতাৰ অতি প্ৰয়োজন। সাম্প্ৰতিক পৰিস্থিতিত অসমৰ বাবে মিত্ৰতা অতি জৰুৰী' । সেয়েহে আলোচনাৰ বাবে 'মই সকলোকে এটা ইতিবাচক মনোভাৱ লৈ আগবাঢ়ি আহিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু আসন-বিতৰণৰ প্ৰক্ৰিয়াটো এৰা ধৰাৰ মাজেৰে সোনকালে সম্পূৰ্ণ কৰি তুলিবলৈ আহ্বান জনাইছো'। Read More AdvertismentAdvertisment Read the Next Article